জীৱন জীৱন বৰ অনুপম ණ বিপ্লৱ কৌশিক কাশ্যপ

আমি সকলোৱেই জানো তথা মই আগতেও লিখিছো-আমাৰ মাজৰ প্রায় ৮২ শতাংশ মানুহ
ভুল সম্পর্ক এটাত সোমাই পৰে….। মোৰ ধাৰণা হয় কোনো এটা সর্ম্পকৰ
বিচ্ছেদৰ( ব্রেকআপৰ )পিছত বেছিক ৩ টা ষ্টেজ থাকে।

১ – মানুহজনক পোৱা নহ’ল, এই বাবে নহয়…।
দুখ লাগে বা বেয়া লাগে মানুহজনে তেওঁৰ বিশ্বাস ভাঙিছে এই বাবেহে।

২- ভাল,সুখৰ স্মৃতিবিলাকে তেওঁক কন্দুৱাব। মনত পৰিব কেতিয়া তেওঁলোকে মনে
মনে লগ ধৰিছিল…ৰাতি ঘণ্টাৰ পিছত ঘণ্টা কথা পতা…সকলো মনত পৰিব…।

৩ – যদি তেওঁক দেখিলে মনত ভাব হয় তেওঁ এতিয়া নিসংগ…কথা নকয়…তথাপি
তেওঁ অহা দেখিলে আপুনি বেছি কথা কবলৈ বিচাৰে। প্রমাণ কৰিব বিচাৰে তেওঁৰ
অবিহনেও আপুনি সুখী।

আমাৰ দুখৰ সকলোবিলাক কথা খুলি কবলৈ কাষৰ দুই এজন মানুহকে বাছি লওঁ আমি।
কিন্তু আচৰিত কথাটো হ’ল এই সকলো ক্ষেত্রতেই বেছিভাগ মানুহে বাছি লয়
বিপৰীত লিঙ্গৰ কোনোবা এজনক !!

…..এনে কোনো হতাশাগ্রস্ত মানুহে আপোনাক ৰাতি দুটা বজাত যদি ফোনো কৰে,
ভুলটো তেওঁক কোনো জ্ঞান দিয়াৰ চেষ্টা নকৰিব। জ্ঞানৰ দৰকাৰ হ’লে তেওঁ
কিতাপ, মেগাজিন পঢ়িব; তেওঁ আপোনাৰ কাষলৈ পৰামর্শৰ বাবে অহা নাই; আহিছে
কাঁন্দিবলৈ। দুখৰ কথা কৈ মনটো পাতল কৰিবলৈ আহিছে।

পৃথিবীৰ সকলোতকৈ ডাঙৰ চাইক’থেৰাপি হ’ল – মনযোগ দি কাৰোবাৰ(ৰোগীৰ) কথা শুনা…।

কোনো প্রিয় ব্যক্তি এজনে আপোনাৰ জীৱনৰ পৰা বিদায় লৈ গুচি গ’লে এই যে হঠাৎ
ৰাতি তেওঁৰ কথা মনত পৰি বুকুৰ মাংসপেশী বোৰে ভঙা চিঙা কৰে…নহয়নে? ইয়াৰ
পৰা মুক্ত হ’বলৈ কিমান সময় সময় লাগে বাৰু?
ইয়াক লৈয়ো নিশ্চয় পৰিসংখ্যা আছে। মই নাজানো সেই পৰিসংখ্যা। তথাপি মোৰ
এগৰাকী ফে’চবুক বান্ধবী আছে। তাই এদিন মোক কৈছিল ব্রেকআপৰ মূল দুখ
পাহৰিবলৈ মাথো ১৮ দিন সময় লাগে!

তাইৰ ব্রেকআপ হোৱাৰ পিছত তাই প্রতিদিন কান্দি আৰু কেলেণ্ডাৰত দাগ দি দি
এই হিচাব কৰিছে… !!!

…এই সময়ত বহুতো ভুক্তভোগী মানুহে OCD ত আক্রান্ত ৰোগীৰদৰে আচৰণ কৰে…
এই ৰোগত আক্রান্ত ৰোগীয়ে একেই কথা বাৰে বাৰে চিন্তা কৰে… একেটা কাম
বাৰে বাৰে কৰে…
এটা চিন্তা আৰম্ভণীৰ পৰা শেষ কৰি সেইটো আকৌ প্রথমৰ পৰা আৰম্ভ কৰে…।
এই ৰোগৰ পৰা মুক্তি বিচাৰেনে ?
কি কৰিব লাগিব…?
….প্রথমে এখন বহী, এটা কলম লৈ সকলো লিখি পেলাওক…আপোনাৰ ক্রোধ, ঘৃণা,
হতাশা আপোনাৰ মস্তিষ্কত থকা এই সকলোবিলাক লিখাৰ ভিতৰলৈ গুচি আহিছে…।
তাৰপিছত লেখাটো ছিঙি ফালি দিয়ক… ইয়াৰ সৈতে ঘৃণা আৰু হতাশাও প্রথমে
মনৰপৰা কাগজ, কাগজৰপৰা ড্রেইনত হেৰাই গ’ল… !

শুনিবলৈ হাস্যকৰ যেন লাগিলেও এই ফর্মুলা বহুতেই কার্যকৰী…
……এই ফর্মুলা আমি কোয়ান্টাম মেথডটো পাইছো। বিখ্যাত চাইক্রিয়াটিস্ট এলিজাবেথ
ব্রডবেন্টে ও এই হাস্যকৰ কামটো কৰিবলৈ কৈছে।

সেয়ে প্রতিদিন ৰাতি শুৱাৰ আগেয়ে দুটা টেবলেট খোৱাৰ সলনি দুই পৃষ্ঠাকৈ
লিখক…। যিমানেই কুৎসিত হওক , ভয়াবহ হওক… আপুনি একো নোলোকোৱাব…।
কিছুমান দুখজনক কথা নিজৰ ভিতৰত ৰাখি থোৱাতকৈ A4 চাইজৰ কিছু কাগজক দি
দিয়ক। কাগজে কথা কব নোৱাৰে…মাথো কথা ল’ব পাৰে… এই বাবেই হয়তু লিখিলে
আমাৰ মন শান্ত হয়। যিজনে লিখিছে তেওঁ কথা কৈছে; কাগজে কথা শুনিছে…
চাইক’থেৰাপিৰ কাম চলিছে…।।
গল্ফীৰ ডায়েৰী
ණ মৌচুমী বৰি
১০ ফেব্ৰুৱাৰী’২০১২
ভৱই নতুনকৈ দুকোঠালীয়া ভাৰাঘৰ এটাত থাকিবলৈ আহিছে৷ সি এইবাৰ বি.এ ফাইনেল
দিব৷ ভাৰাঘৰটোত তাৰ দুৰাতি পাৰ হৈছেহে৷ সিদিনা ৰাতি তাৰ বহুদেৰিলৈ টোপনি
অহা নাছিল৷ গতিকে লাইটটো নুমুৱাই বিচনাতে ইকাটি-সিকাটি কৰি আছিল৷ তেনেতে
বাহিৰত সি ভৰিৰ খোজৰ শব্দ শুনা পালে আৰু তাৰ এনে লাগিল খোজকেইটা যেন তাৰ
ঘৰৰফালেই আহি আছে৷ হঠাতে তাৰ পাকঘৰৰ দুৱাৰখনত “কেৰেক”কৈ শব্দ হ’ল৷ তাৰ
বুকুখন কঁপি উঠিল৷ এনেই তাৰ সৰুৰে পৰা ভয়টো বেছি! সি ভয়তে বিচনাৰ তলত
সোমাল আৰু নিশ্চিত ভাৱে গম পালে যে তাৰ ঘৰত আজি চোৰ সোমাইছে৷ লাহে লাহে
ভৰিৰ খোজৰ শব্দ আহি তাৰ কোঠালি পালেহি৷ সি টৰ্চৰ পোহৰ এটা তাৰ কোঠালিটোত
ইফাল সিফাল কৰি থকা দেখা পালে আৰু পোহৰটো বিচনাৰ তললৈ আহি ভৱৰ মুখত পৰিল,
চোৰটোৱে তাক গুজৰি সুধিলে- “অই তই বিচনাৰ তলত কি কৰিছ’?” ভৱই
সেমেনা-সেমেন কৰি ক’লে— “মোৰ ঘৰত চুৰ কৰিব পৰাকৈ একো বস্তু নাই ককাই,
সেয়ে লাজতে বিচনাৰ তলত সোমাই আছোঁ”

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 জুলাই, 2015, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক