Monthly Archives: জুন 2016

সম্পাদকীয় – – আজিজুল হক

আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া নাথান ব্ৰাউন

(২০৯ সংখ্যক জন্ম দিৱস উপলক্ষে)

১৮০৭ চনৰ ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰৰ নিউ ইপচ্‌উইছ নগৰত জন্ম গ্ৰহণ কৰা নাথান ব্ৰাউনে ১৮২৭ চনত উইলিয়াম্‌ছ কলেজৰ পৰা সৰ্বপ্ৰথম স্থানেৰে স্নাতক হয়। তেওঁ কেইবছৰমান বেনিংটন চেমিনেৰীত শিক্ষকতা কৰে আৰু ভাৰ্মণ্ট টেলিগ্ৰাফ নামৰ সাপ্তাহিক বাতৰিকাকত এখনৰ সম্পাদনাৰ দায়িত্বত থাকে। তেওঁ ১৮৩২ চনত নিউটন থিয়’লজিকেল কলেজৰ পাৰাও স্নাতক হয়। অধ্যয়নত তেওঁ এজন মেধাবী ছাত্ৰস্বৰূপে সুখ্যাতি আছে। ১৮৩০ চনত এলিজা হুইট্‌নি বেলাৰ্ডৰ লগত তেওঁৰ বিবাহ হয়। ১৮৩৩ চনত আমেৰিকাকান বেপ্তিষ্ট মিছনেৰী ইউনিয়নে তেওঁক ব্ৰহ্মদেশলৈ মিছনেৰীহিচাপে পঠায়। ইতিমধ্যে চীন, ব্ৰহ্ম আৰু অসমৰ সীমান্তত থকা উগ্ৰ স্বভাৱৰ শ্বান, খামতি আৰু চিংফৌসকলক ধৰ্মীয় শিক্ষাৰে শিকাই বুজাই শান্ত কৰি প্ৰশাসনৰ সুবিধা হ’বৰ বাবে ইংৰাজ আয়ুক্ত ফ্ৰান্সিছ জেন্‌কিন্সে অসমলৈ মেছনেৰী নিমন্ত্ৰণ কৰে। সপৰিয়ালে ব্ৰাউন আৰু তেওঁৰ সহযোগী অলিভাৰ কাটাৰ এটা ছপাশালসহ কলকাতালৈ আহি তাৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কষ্টকৰ যাত্ৰা কৰি ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি।

ব্ৰাউন এজন ভাষাবিদ। অতি কম সময়তে তেওঁ অসমীয়া ভাষা শিকি এই ভাষাৰ পৃষ্ঠপোষক হৈ পৰে। তেওঁৰ চেষ্টাত অসমত প্ৰথম প্ৰতিষ্ঠিত এই ছপাশালে অসমীয়া সাহিত্যৰ উৎকৰ্ষত এক নতুন যুগ সূচনা কৰে। লেখা আৰু অনুবাদ কৰাত ব্ৰাউন ব্যস্ত থাকে। কাটাৰৰ মুখ্য ভূমিকা মুদ্ৰক আৰু প্ৰকাশকৰূপে। ব্ৰাউনে অসমীয়া মাধ্যমৰ বিদ্যালয়ো স্থাপন কৰি খামতি, চিংফৌ আৰু অসমীয়া ভাষাত পাঠ্যপুথি প্ৰকাশ কৰে। শদিয়াত খামতিসকলৰ বিদ্ৰোহ তথা মিছনৰপৰা পৰ্যাপ্ত সাহায্য নোপোৱাত ১৮৩৯ চনত মিছন কেন্দ্ৰ জয়পুৰলৈ স্থানান্তৰ কৰে। কামৰ বাবে অধিক সুচল ঠাই বিচাৰি ১৮৪১ চনত তেওঁলোক শিৱসাগৰলৈ আহে আৰু দিখৌ নদীৰ পাৰত ছপাশাল স্থাপন কৰি ব্ৰাউন আৰু কাটাৰে অনুবাদ আৰু কিতাপ প্ৰকাশ কৰাত ব্যস্ত থাকে। তেওঁলোকৰ ভাৰ্যা দুগৰাকীয়েও অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিবলৈ ধৰে। তেওঁলোকে ১৮৪৬ চনলৈকে শিৱসাগৰ আৰু ইয়াৰ আশে-পাশে চৈধ্যখন বিদ্যালয় স্থাপন কৰে। লক্ষণীয় যে ১৮৩৬ চনত ইংৰাজ আমোলে অসমত বঙালী ভাষা জাপি দিয়া সত্ত্বেও মিছনেৰীয়ে স্থাপন কৰা বিদ্যালয়সমূহত অসমীয়া ভাষাই চলাই থাকে। কিয়নো ১৮৭৩ চনত ইংৰাজে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ সিদ্ধান্তত উল্লেখ, “মিছনেৰী স্কুলবিলাকত অসমীয়া শিকোৱা হয়; অসমীয়াত বহুতো কিতাপ আৰু এখন অভিধান আছে”। বৰ্তমান অসমত ব্যক্তিগত আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ধামখুমীয়াত অসমীয়া ল’ৰা-ছোৱালীয়েও অসমীয়া ভাষাৰ প্ৰতি অনিহা আনকি কোনো কোনোৱে অসমীয়াত লেখা-পঢ়া কৰিব নোৱাৰা অৱস্থাও হৈছে। তেনে স্থলত ব্ৰাউন এজন বিদেশী মানুহ হৈয়ো অসমীয়া ভাষাপ্ৰীতি আৰু তেওঁৰ প্ৰতিষ্ঠিত বিদ্যালয়ত অসমীয়া ভাষাক অগ্ৰাধিকাৰ দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

১৮৪৮ চনত ব্ৰাউনে ‘গ্ৰামাটিকেল নটিচেছ অব্‍ দা আছামিজ লেংগুৱেজ’ নামে প্ৰকাশ কৰা কিতাপখনিয়েই প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ বুলি গণ্য কৰিব পাৰি। কিয়নো ইয়াৰ পূৰ্বে ১৮৩৯ চনত চৰকাৰী বিদ্যালয়ৰ পৰিদৰ্শক উইলিয়াম ৰবিন্‌ছনে তেওঁৰ ‘গ্ৰামাৰ অব্‍ দি আছামিজ লেংগুৱেজ’ নামৰ কিতাপখনিয়ে অসমীয়া এটি মাথোন দোৱান আৰু বঙালীৰ উপভাষা বুলিহে প্ৰতীয়মান কৰাবলৈ চেষ্টা কৰে। তদুপৰি ৰবিন্‌ছনে কয় যে স্বৰূপাৰ্থত অসমীয়া ভাষা বঙালীৰ সৈতে একে। ব্ৰাউনে হ’লে বঙালীৰপাৰা অসমীয়া স্বতন্ত্ৰ আৰু সৌন্দৰ্য আৰু কোমলতাৰ ক্ষেত্ৰতো অতুলনীয় বুলি তেওঁৰ ব্যাকৰণৰ পাতনিত যুক্তি দৰ্শাইছে।

বিদ্যালয়ৰ বাবে পাঠ্যপুথি যুগুতোৱাত ব্ৰাউন এজন বাটকটীয়া। তেওঁৰ ‘প্ৰথম গননা’(১৮৪৫) আৰু ‘দুতিয় গননা’(১৮৫৫) নামে প্ৰাথমিক অংক আৰু ‘ভূগোলৰ বিবৰন’(১৮৫১) নামে ভূগোল কিতাপ প্ৰকাশ কৰে। এই কিতাপবিলাক সেই সময়ত ব্যৱহৃত বঙালী কিতাপতকৈ উন্নত মানৰ। তেওঁ কেইবাখনো কিতাপ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে। সেবিলাকৰ ভিতৰত ‘খ্ৰীষ্টৰ বিবৰন’(১৮৫৪) আৰু পিছত প্ৰকাশিত ‘ধৰম অৱতাৰ’(১৮৬৭) অন্যতম। তেওঁ তেষষ্টিতা ইংৰাজী ভক্তিমূলক গীত অসমীয়ালৈ অনুবাদ কৰে। সেইবিলাকৰ বিছটা গীত এতিয়াও অসমৰ গিৰ্জাসমূহত প্ৰচলিত। উইলিয়াম কেৰীয়ে আত্মাৰাম শৰ্মাৰ সহায়ত প্ৰকাশ কৰা ‘ধৰ্ম্মপুস্তক’(১৮১৩) নামৰ অসমীয়া বাইবেলখন বঙলা আৰু সংস্কৃত শব্দৰে পৰিপূৰ্ণ আছিল আৰু ইয়াৰ জতুৱা ঠাঁচ শুদ্ধ নাছিল। সেয়েহে তেওঁ বাইবেল অনুবাদ কৰাত মনোনিৱেশ কৰি ১৮৪৮ চনত বাইবেলৰ নতুন নিয়ম শুদ্ধ আৰু সৰল অসমীয়াত প্ৰকাশ কৰে। ব্ৰাউনৰ উৎসাহত অন্যান্য লেখকৰ কিতাপ-পত্ৰও প্ৰকাশ হয়। সেইবিলাকৰ ভিতৰত কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী(১৮৪৪) আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’(১৮৪৯) উল্লেখনীয়।

ব্ৰাউনৰ অক্ষয় কীৰ্তি হৈছে ১৮৪৬ চনৰ জানুৱাৰীৰপৰা প্ৰকাশিত প্ৰথম অসমীয়া সংবাদ-পত্ৰ ‘অৰুনোদই’। দেশ-বিদেশৰ সংবাদ, বিজ্ঞান, ভূগোল, বুৰঞ্জী আদি বিভিন্ন বিষয়ৰ তথ্য আৰু প্ৰবন্ধ-পাতি সমন্বিত এই পত্ৰখনি অসমীয়া সমাজত জনপ্ৰিয় হৈ উঠে। মিছনেৰীৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা প্ৰমুখ্যে অসমীয়া লেখকৰ লিখনিৰে অৰুনোদই অসমীয়া সাংবাদিকতাৰ বাটকটীয়া হৈ উঠে। এই পত্ৰখনিয়ে অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্য দাঙি ধৰি এই ভাষা পুনৰ প্ৰতিষ্ঠা সংগ্ৰামত অগ্ৰণী ভূমিকা লয়। সংবাদ পত্ৰখনিৰ অন্যতম বৈশিষ্ট্য হৈছে পুৰণি পাণ্ডুলিপি সম্পাদনা কৰি প্ৰকাশ কৰাটো। ব্ৰাউনে সম্পাদনা কৰি অৰুনোদইত প্ৰকাশ কৰা ‘পুৰনি অসম বুৰঞ্জি, কামৰুপৰ বুৰঞ্জি, চুটিয়া ৰজাৰ বংসাৱলি’ আদিৰ যোগে অসমৰ অতীত উদ্‌ঘাটনত তেওঁ বিশেষ ভূমিকা লয়। এই সংবাদ পত্ৰখন পৰৱৰ্তীকালত প্ৰকাশিত আসাম নিউজ, আসাম বন্ধু, অসাম বিলাসিনী, আসাম দৰ্পণ, জোনাকী আদিৰ বাবে পথপ্ৰদৰ্শক হৈ পৰে।

ব্ৰাউনৰ লেখাত আন এটা মন কৰিবলগীয়া কথা যে যথাসাধ্য সৰল অসমীয়া ভাষা আৰু থলুৱা অসমীয়া শব্দ প্ৰয়োগ। তেওঁৰ গ্ৰামাটিকেল নটিচেছত যুক্তি দৰ্শাইছে যে স্থিৰিকৃত বৰ্ণবিন্যাসৰ নীতি-নিৰ্দেশনা নথকা সত্ত্বেও শ শ বছৰ ধৰি অসমীয়া ভাষাৰ গঢ়-গঠন একে প্ৰবাহিত ধাৰাতেই আছে আৰু এটি লিখিত ভাষাৰ পৰিপক্কতা নিৰ্ভৰ কৰে যথা সম্ভৱ ইয়াৰ উচ্চাৰণ অনুযায়ী লিখিব পৰাটোত। সেয়েহে তেওঁৰ জোঁটনিৰ নীতি হৈছে প্ৰত্যেক উচ্চাৰণৰে যথোচিত বৈশিষ্ট্য থাকিব লাগে আৰু প্ৰতিটো আখৰে একক আৰু অপৰিৱৰ্তনীয় উচ্চাৰণ প্ৰকাশ কৰিব লাগে। সেয়েহে তেওঁ এই সকলো কথা অনুসন্ধান কৰি জাদুৰাম ডেকা বৰুৱাৰ সৰলীকৃত বৰ্ণবিন্যাসেই প্ৰৱৰ্তন কৰে যিটো ত্ৰয়োদশ শতিকাৰ হেম সৰস্বতীৰ সময়ৰপৰা পৰম্পৰাগতভাৱে চলি আহিছে। তদুপৰি শব্দ প্ৰয়োগৰ ক্ষেত্ৰতো যথাসম্ভৱ ব্যৱহাৰত কম সংখ্যক হ’লেও তৎসম শব্দবিলাকো সহজ-সৰল ভাৱে লিখে আৰু পাৰেমানে সংযুক্ত ব্যঞ্জন এৰাই চলে। উদাহৰণস্বৰূপে সংস্কৃতৰ ক্ষমাৰ সলনি খেমা, অশুদ্ধৰ বাবে অসুধ, দ্বিতীয়ৰ বাবে দুতিয় ইত্যাদি। ইংৰাজীৰ প্ৰতিশব্দহিচাপে যেনে গ্ৰেপচৰ বাবে ফাৰ্চীমূলৰ আঙুৰ বা সংস্কৃতমূলৰ দ্ৰাক্ষাৰ পৰিৱৰ্তে অসমত হোৱা আৰু অসমৰ সকলোৱে জনা পনিয়লৰ লগত ৰিজাই ‘লতাপনিয়াল’ বুলি লিখিছে। কিয়নো ইয়াৰ ফল দেখাত পনিয়লৰদৰে, আনহাতে ই এবিধ লতাজাতীয় উদ্ভিদ। তেনেকৈ ষ্টিমাৰৰ বাবে ভাপ ইঞ্জিন, ডিচাৰ্জৰ বাবে নাম কটা ইত্যাদি। ১৮৬৭ চনত মাইল্‌ছ ব্ৰন্‌ছনে প্ৰকাশ কৰা প্ৰথম অভিধান ‘অসমিয়া আৰু ইংৰাজি অভিধান’ৰ বাবে ব্ৰাউনে ভালেমান শব্দ অৰ্থসহ যুগুতাই দিয়ে।

ব্ৰাউন আধুনিক অসমীয়া গদ্য সাহিত্যৰ এজন প্ৰধান হোতা। ১৮৫৩ চনত অসমৰ প্ৰশাসনীয় ব্যৱস্থা নিৰীক্ষণ কৰি চৰকাৰক জনাবৰ বাবে পঠোৱা কলকাতাৰ সদৰ দেৱনী আদালতৰ ন্যায়াধীশ মোফাট মিল্‌ছৰ প্ৰতিবেদনত ব্ৰাউনক অসমৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিত বুলি উল্লেখ কৰিছে। ব্ৰন্‌ছনে বঙলা দৰদী ৰবিন্‌ছনক প্ৰত্যাহ্বান জনাবলৈ মিছনেৰীসকলক আহ্বান জনায়। ব্ৰাউন এজন অন্যতম। তেওঁ ১৮৫৪ চনত অসমীয়া ভাষাৰ স্বকীয়তা আৰু স্বতন্ত্ৰতা যুক্তিসহ লিখিতভাৱে জনাই দিয়ে।

অসমত বিছ বছৰ সেৱা আগবঢ়াই অসুস্থতা আৰু মিছনৰ বিশেষ সমস্যা হেতু ১৮৫৫ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত ব্ৰাউন আমেৰিকালৈ ঘূৰি যায়। শিৱসাগৰত বিদায় লওঁতে তেওঁ শোকত ভাঙি পৰে আৰু ৰোগ সুস্থ হ’লে পুনৰ অসমলৈ অহাৰ একান্ত ইচ্ছা প্ৰকাশ কৰে। কিন্তু মিছনৰ সমস্যা হেতু তেওঁ তাতে থাকি দাস প্ৰথাৰ বিৰুদ্ধে আন্দোলনত নামি পৰে। ১৮৭২ চনত তেওঁ বাইবেল অনুবাদৰ বাবে জাপনলৈ যায় আৰু তাতে ১৮৮৬ চনৰ ১ জানুৱাৰীত য়ুকহুমা নামৰ নগৰত মৃত্যু হয়। আমেৰিকাৰ ইষ্ট চাৰ্লমণ্ট নগৰত ব্ৰাউনৰ সমাধিৰ নামফলকত অসমীয়াতে বাইবেলৰ এটি পদ লিখা আছে। হয়তু মৃত্যুৰ আগেয়ে তেওঁ কাৰোবাক তেনেকৈ লিখিবলৈ কৈ গৈছিল। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদানেৰে ব্ৰাউন নিশ্চয় অসমৰ বাবে স্মৰণীয় হৈ থাকিব।

Advertisements
%d bloggers like this: