Monthly Archives: নৱেম্বৰ 2014

:সম্পাদকীয়: -আজিজুল হক

শিশু দিৱসৰ তাৎপৰ্য
আজিৰ শিশু কাইলৈ নাগৰিক। শিশুসকল জাতিৰ অমূল্য সম্পদ। ১৯৫৪ চনত ৰাষ্ট্ৰসংঘই বিশ্ব-সমাজত শিশুৰ গুৰুত্ব অনুধাৱন কৰি শিশু দিৱস উদ্‌যাপন কৰাৰ সিদ্ধান্ত লৈ ৰাষ্ট্ৰসমূহক কোনো গুৰুত্বপূৰ্ণ দিন অনুযায়ী এই দিন পালনৰ বাবে আহ্বান জনায়। ভাৰতত জৱাহৰলাল নেহৰুৰ জন্ম দিনত অৰ্থাৎ ১৪ নবেম্বৰত শিশু দিৱস উদ্‌যাপন কৰা হয়। নেহৰুৱে শিশু আৰু গোলাপ ফুল খুব ভাল পাইছিল। তেওঁ শিশুক গোলাপৰ কলিৰ লগত তুলনা কৰিছিল। নেহৰুৱে অনুভৱ কৰিছিল যে শিশুসকলেই সমাজৰ মূলভিত্তি আৰু দেশৰ অমোঘ শক্তি।

ভাৰতৰ জনসংখ্যাৰ ৪০ শতাংশ শিশু। এইবাৰ চৰকাৰে শিশু কল্যাণৰ বাবে বাজেটত ৮১,০৭৫ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰে ১০০ কোটি ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ বাবে ৰাখিছে। কিয়নো আমাৰ সমাজত কন্যা শিশু অধিক অৱহেলিত। কিন্তু কোটি কোটি টকা শিশু কল্যাণৰ বাবে ধাৰ্য কৰিলেও সকলো আঁচনি কাৰ্যকৰী হৈ নুঠে। বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যা এনেকি আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত ভাৰতে বিশ্বক চমক দেখাব পাৰিছে যদিও বছৰি হাজাৰ-হাজাৰ শিশু পুষ্টিহীনতা আৰু খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰিবলগা হয়। তদুপৰি শিশুসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এনে পৰিপেক্ষিতত শান্তিৰ ন’বেল বঁটাৰে সন্মানিত মালালা ইউচুফজাই আৰু কৈলাস সত্যাৰ্থী শিশু অধিকাৰৰ বাবে সেৱা আগবঢ়াই সমাজত উজ্জ্বল নিদৰ্শন ৰাখিছে।

শিশুসকল সৰল, নিৰ্দোষী আৰু মৰমৰলগা। তেওঁলোকক সামাজিক আৰু ধৰ্মীয় পৰম্পৰাত পৰিয়ালৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ বুলি গণ্য কৰা হয়। ল’ৰা-ছোৱালী উভয়ে সমানে আদৰ পোৱা উচিত। কিন্তু তথ্যৰ মতে দেশৰ ৫৩ শতাংশ শিশুৰ বিৰুদ্ধে ঘৰতে শাৰীৰিক আৰু যৌন অত্যাচাৰ চলোৱা হয় আৰু অপৰাধীসকল হৈছে ঘাইকৈ পিতৃ-মাতৃ আৰু আত্মীয়সকল। ৰাষ্ট্ৰীয় অপৰাধ লেখ্য কাৰ্যালয়(National Crime Records Bureau)ৰ মতে প্ৰতি বছৰে শিশুৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত বৃদ্ধি পাই আহিছে। পিতৃ-মাতৃ আৰু আত্মীয়স্বজন আৰু সমাজ সচেতন নহ’লে অনাগত বছৰবিলাক অতি ভয়ংকৰ অৱস্থা হ’ব। আজিকালি কম্পিউটাৰ আৰু তথ্য-প্ৰযুক্তিৰ যুগত ইয়াৰ অপব্যৱহাৰে(যেনে অশ্লীল ছবি বা porn) শিশুৰ জীৱনলৈ ধ্বংস মাতি আনিব পাৰে আৰু সহজে তেওঁলোকৰ পৱিত্ৰতা কলুষিত হ’ব পাৰে। তাৰ প্ৰতি পিতৃ-মাতৃ অৰু বয়সস্থসকলে চুকা দৃষ্টি ৰখা উচিত।

শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশত পিতৃ-মাতৃ, শিক্ষক তথা গোটেই সমাজৰে দায়িত্ব থাকে। পিতৃ-মাতৃ নিজে সন্তানসকলৰ প্ৰতি আদৰ্শ হ’ব পাৰিব লাগিব। মদাহী পিতৃয়ে তেওঁৰ ডেকা সন্তানক মদ খোৱা উচিত নহয় বুলি ক’লেই নহ’ব, নিজে আৰ্হি হ’ব লাগিব। স্বাস্থ্যৱান, সুশিক্ষিত আৰু চৰিত্ৰৱান শিশু গঢ়ি তোলাত পিতৃ-মাতৃৰ অপৰিসীম দায়িত্ব থাকে। লগতে গোটেই সমাজৰে। সেয়েহে মহাত্মা গান্ধী কৈছিল যে আমি পৃথিৱীত প্ৰকৃত শান্তি আৰু আৰু সমৃদ্ধিৰ কথা চিন্তা কৰিবলৈ হ’লে শিশুবিলাকত আৰম্ভ কৰিব লাগিব। নেহৰুৰ শিশু কল্যাণৰ দৰ্শন যেন বাস্তৱায়িত হওক। শিশু দিৱস উদ্‌যাপন কৰা সৰ্থক হওক।

Advertisements
%d bloggers like this: