Monthly Archives: নৱেম্বৰ 2015

সম্পাদকীয় – -আজিজুল হক

শিশুৰ গুৰুত্ব অনুধাৱন

ৰাষ্ট্ৰসংঘই বিশ্ব-সমাজত শিশুৰ গুৰুত্ব অনুধাৱন কৰি ১৯৫৪ চনৰ ১৪ ডেচেম্বৰত এটি প্ৰস্তাৱ যোগে শিশু দিৱস উদ্‌যাপনৰ আঁচনি লয়। সেই অনুযায়ী ১৯ নবেম্বৰৰ দিনটো সাৰ্বজনীন শিশু দিৱস(Universal Childrens’ Day) অনুষ্ঠিত কৰে কিয়নো ১৯৫৯ চনৰ সেই দিনটোত শিশুৰ অধিকাৰ ঘোষণা কৰিছিল(Declaration of the Rights of the Child) আৰু ১৯৮৯ চনৰ একে তাৰিখত শিশুৰ অধিকাৰৰ অভিৱৰ্তন(Convention on the Rights of the Child)অনুষ্ঠিত হৈছিল। .ৰাষ্ট্ৰসংঘৰ শিশু দিৱসৰ সিদ্ধান্ত অনুযায়ী সদস্য ৰাষ্ট্ৰসমূহক কোনো গুৰুত্বপূৰ্ণ দিনত এই দিন পালনৰ বাবে আহ্বান জনায়। সেয়েহে এই দিৱস দেশ অনুযায়ী বেলেগ বেলেগ দিনত উদ্‌যাপিত হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনত অৰ্থাৎ ১৪ নবেম্বৰত আমাৰ দেশত শিশু দিৱস পালন কৰা হয়। নেহৰুৱে শিশু আৰু গোলাপ ফুল খুব ভাল পাইছিল। তেওঁ শিশুক গোলাপৰ কলিৰ লগত তুলনা কৰিছিল। নেহৰুৱে অনুভৱ কৰিছিল যে শিশুসকলেই সমাজৰ মূলভিত্তি আৰু দেশৰ অমোঘ শক্তি।

ভাৰতত ১৮ বছৰ বয়সলৈকে প্ৰায় ৪৪ কোটি শিশু আছে। অৰ্থাৎ কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰসহ সমগ্ৰ উত্তৰ আমেৰিকাৰ জনসংখ্যাতকৈ অধিক। তেওঁলোক দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ। এই শিশুসকলৰ ১১ শতাংশৰ অধিক শ্ৰমিক, ৪৫ শতাংশ কন্যাৰ ১৮ বছৰ নহওঁতেই বিয়া দিয়া হয়, ৪০ শতাংশ শিশুৱে প্ৰথমিক শিক্ষাতে বিদ্যালয় এৰে, ৫০ শতাংশতকৈ অধিক শিশুৱে পুষ্টিহীনতাত আৰু ৭৪ শতাংশই ৰক্তহীনতাত ভোগে। তদুপৰি প্ৰতিবছৰে ৬০, ০০০ শিশু এইছ আই ভি(HIV)ৰ দ্বাৰা আক্ৰান্ত হয়। প্ৰতি দিনে ৫ বছৰৰ তলৰ ৫,০০০ টি শিশুৱে মৃত্যু বৰণ কৰে। এই পৰিসংখ্যাৰ পৰা ভাৰতীয় সমাজত শিশুৰ অৱস্থা সহজে অনুমেয়। সেয়েহে চৰকাৰ আৰু ৰাইজৰ শিশু কল্যাণৰ বাবে বহুত কৰণীয় আছে।

কেন্দ্ৰীয় চৰকাৰে শিশু কল্যাণৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বাজেটত ৮১,০৭৫ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰে ১০০ কোটি ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ বাবে ৰাখিছে। কিয়নো আমাৰ সমাজত কন্যাভ্ৰুণ হত্যা আৰু ছোৱালীৰ শিক্ষাৰ প্ৰতি অনিহাকে কেন্দ্ৰ কৰি তেওঁলোক অধিক লাঞ্চিত আৰু অৱহেলিত হৈ আহিছে। পৰিয়ালত ল’ৰা-ছোৱালী উভয়ে সমানে আদৰ পোৱা উচিত। কিন্তু চৰকাৰে কোটি কোটি টকা শিশু কল্যাণৰ বাবে ধাৰ্য কৰিলেও উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত আৰু দুৰ্নীতিগ্ৰস্থ মন্ত্ৰী-আমোলা-বিষয়াৰ বাবে সকলো আঁচনি সফলভাৱে কাৰ্যকৰী হৈ নুঠে। বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যা এনেকি আৰ্থিক উন্নয়নৰ দিশত ভাৰতে বিশ্বক চমক লগাব পাৰিছে যদিও বছৰি হাজাৰ-হাজাৰ শিশু পুষ্টিহীনতা আৰু খাদ্যৰ অভাৱত তিল তিলকৈ মৃত্যুৰ মুখত পৰিবলগা হয়। তদুপৰি শিশুসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এনে পৰিস্থিতিৰ পৰিপেক্ষিতত শান্তিৰ ন’বেল বঁটাৰে সন্মানিত মালালা ইউচুফজাই আৰু কৈলাস সত্যাৰ্থীৰ নাম উল্লেখনীয়। এই দুগৰাকী মনীষীয়ে শিশু অধিকাৰৰ বাবে সেৱা আগবঢ়াই সমাজত এক উজ্জ্বল নিদৰ্শন ৰাখিছে। প্ৰণিধানযোগ্য যে পাকিস্তানত ধৰ্মীয় মৌলবাদীৰ অত্যাচাৰ আৰু সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজেৰে অহা বিৰল প্ৰতিভাৰ মালালা এটি ১৮ বছৰীয়া কন্যা।

নৃত্য, ছবি অঁকা, কুইজ, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ভোজখোৱা আৰু গীত-গানৰ মূৰ্ছনাসহ বৰ্ণাঢ্য অনুষ্ঠানেৰে শিশু দিৱস আনন্দ-মুখৰিত হৈ উঠে। কিন্তু দেশৰ লাখ লাখ পথ-শিশু(street children), শিশু শ্ৰমিক, শ্লাম নিৱাসী আৰু দৰিদ্ৰ ঘৰৰ শিশু এনে আনন্দৰ পৰা বঞ্চিত হৈ আহিছে। এটি বেচৰকাৰী সংস্থাৰ জৰীপ অনুযায়ী ২০১৩ চনতে গুৱাহাটীত ৫৫৩৪ টি পথ-শিশু আছিল। এতিয়া সেই সংখ্যা নিশ্চয় বাঢ়িল। এই অৱহেলিত আৰু নিৰাশ্ৰিত শিশুসকলৰ কল্যাণৰ বাবে কাম কৰিলেহে প্ৰকৃত শিশু-সেৱা হ’ব। গুৱাহাটীত ইতিমধ্যে ৱৰ্লড ভিজন আৰু চালভেছন আৰ্মী আদি বেচৰকাৰী অনুষ্ঠান কেইটিমানে তেনে পথ-শিশু আৰু শ্লাম নিৱাসী শিশুৰ প্ৰতি সেৱা আগবঢ়াইছে। এনেবিলাক কাৰ্যত মাদাৰ টেৰেছাৰ চেৰিটি মিছনৰ সেৱা বিশেষভাৱে উল্লেখনীয়।

শিশুসকল সৰল, নিৰ্দোষী আৰু মৰমৰলগা। তেওঁলোকক সামাজিক আৰু ধৰ্মীয় পৰম্পৰাত পৰিয়ালৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ আৰু উপহাৰ বুলি গণ্য কৰা হয়। নৱজাতৰ আগমনে পৰিয়াললৈ আনন্দ কঢ়িয়াই আনে। কিন্তু এটি তথ্যৰ মতে দেশৰ ৫৩ শতাংশ শিশুৰ বিৰুদ্ধে ঘৰতে শাৰীৰিক আৰু যৌন অত্যাচাৰ চলোৱা হয় আৰু অপৰাধীসকল হৈছে ঘাইকৈ পিতৃ-মাতৃ আৰু আত্মীয়সকল। ৰাষ্ট্ৰীয় অপৰাধ লেখ্য কাৰ্যালয়(National Crime Records Bureau)ৰ তথ্য অনুযায়ী ভাৰতত ২০১১ চনত ৩৩,০৯৮ টা শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ পঞ্জীয়ন হৈছিল। কিন্তু ২০১২ চনত ৩৮, ১৭২ টা আৰু ২০১৩ চনত ৫৮,২২৪ লৈ বৃদ্ধি পোৱাত এবছৰতে শিশুৰ বিৰুদ্ধে অপৰাধ ২০.৮ শতাংশলৈ বাঢ়িল। সম্প্ৰতি আন এটি তথ্য মতে ২০১৪ চনত শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ প্ৰায় ৯০,০০০ টা পঞ্জীভুক্ত হৈছে; ইয়াৰে ৩৭,০০০ টাৰ অধিক অপহৰণ আৰু প্ৰায় ১৪,০০০টা ধৰ্ষণমূলক অপৰাধ। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈছে যে প্ৰতি বছৰে শিশুৰ বিৰুদ্ধে অপৰাধৰ হাৰ সাংঘাটিকভাৱে বৃদ্ধি হৈছে। শিশুৰ পিতৃ-মাতৃ আৰু আত্মীয়স্বজন তথা সমাজ আৰু চৰকাৰ সচেতন নহ’লে অনাগত বছৰবিলাক অতি ভয়ংকৰ হ’ব।

আধুনিকতাক দোহাই দি শিশুৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নমাই আনিব পাৰে। কিয়নো আজিকালি কম্পিউটাৰ আৰু তথ্য-প্ৰযুক্তিৰ যুগত ইয়াৰ অপব্যৱহাৰে(যেনে অশ্লীল ছবি বা porn) শিশুৰ জীৱনলৈ ধ্বংস মাতি আনিব পাৰে আৰু সহজে তেওঁলোকৰ পৱিত্ৰতা কলুষিত হ’ব পাৰে। তাৰ প্ৰতি পিতৃ-মাতৃ অৰু বয়সস্থসকলে চোকা দৃষ্টি ৰখা উচিত। শিশুক মৰেমেৰে পিতৃ-মাতৃ আৰু স্কুলত শিক্ষকৰ অনুশাসনত ৰখা উচিত। সেইবুলি ‘এচাৰিৰ আগত শিক্ষা’ – প্ৰবাদফাকিৰে কাম নহ’ব। শাৰীৰিক শাস্তি আইনেও নিষেধ কৰিছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বেন কি মুনে শিশু দিৱসৰ প্ৰসংগত কৈছে যে সকলো শিশুৰে এটি উমৈহতীয়া বস্তু হৈছে তেওঁলোকৰ অধিকাৰ। সেয়ে হৈছে প্ৰত্যেক শিশুৰে জীয়াই থকাৰ আৰু শিক্ষাৰ অধিকাৰ থকাৰ উপৰি অপৰাধ আৰু অপব্যৱহাৰৰপৰা মুক্ত হৈ থকাৰ অধিকাৰ আছে। শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশত পিতৃ-মাতৃ, শিক্ষক তথা গোটেই সমাজৰে দায়িত্ব আছে। পিতৃ-মাতৃ নিজে সন্তানসকলৰ প্ৰতি আদৰ্শ হ’ব পাৰিব লাগিব। মদাহী পিতৃয়ে তেওঁৰ ডেকা সন্তানক ‘মদ খোৱা উচিত নহয়’ বুলি ক’লেই নহ’ব বা চিগাৰেট সেৱন কৰা পিতৃয়ে নিজ পুত্ৰক তেনে অভ্যাসৰ পৰা বিৰত থাকিবলৈ ক’লেই নহ’ব, নিজে সন্তানৰ বাবে আৰ্হি হ’ব লাগিব। স্বাস্থ্যৱান, সুশিক্ষিত আৰু চৰিত্ৰৱান শিশু গঢ়ি তোলাত পিতৃ-মাতৃ দায়ৱদ্ধ হ’ব লাগিব। লগতে দায়িত্ব থাকে গোটেই সমাজৰে। তেনেকৈ শিশুৰ প্ৰতি দায়িত্বসহকাৰে আগবাঢ়িলেহে নেহৰুৰ শিশু কল্যাণৰ দৰ্শন বাস্তৱায়িত হ’ব।

%d bloggers like this: