Monthly Archives: ফেব্ৰুৱাৰী 2016

হেৰাই যাব নেকি থলুৱা অসমীয়া শব্দবিলাক? – আজিজুল হক

এজন অসমীয়া যুৱকে আন এজন অসমীয়া যুৱকক কোৱা শুনিলো, “মই আজি বৈদ্য ফোন মাৰি তাইৰ ট্ৰেজেদি ফালিলো”। কিছু পৰ থমকি ভাবিলো যে এয়াই আধুনিক অসমীয়া ভাষা নেকি? তেনে প্ৰসংগ সাৰোগত কৰি এই লেখাটি উপস্থাপন কৰিলো।

শব্দ হৈছে অৰ্থপূৰ্ণ ধ্বনি বা মাত। ইয়াৰ যোগে আমি ভাবৰ আদান-প্ৰদান কৰোঁ। কথা কওঁতে আৰু লিখোঁতে শব্দৰ যোগেদি ভাষা প্ৰকাশ কৰা হয়। এটি সমীক্ষাত পোৱা গৈছে যে এজন মানুহে দৈনিক গড়ে ষোল্ল হাজাৰটা শব্দ কয়। লিখিত ভাষাত এটি শব্দ অতি সৰু উপাদান যদিও ইয়াৰ গঠন আৰু সমষ্টিয়ে একো একোখন কিতাপ হৈ পৰে। এটি ভাষাৰ সৌন্দৰ্য আৰু ইয়াৰ সৰলতা নিৰ্ভৰ কৰে শব্দ প্ৰয়োগত। অসমীয়া ভাষাৰ শব্দ-ভঁৰাল বেচ টনকিয়াল। ইয়াৰ মাধুৰ্য, সৌন্দৰ্য, ব্যাকৰণৰ গাঁথনি, জঁতুৱা প্ৰকাশ-ভংগীসহ স্বকীয় বৈশিষ্ট্য আছে। সৰলতা আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত অসমীয়া ভাষা অনুপম বুলি ১৮৩৬ চনতে আমেৰিকাৰ পৰা অহা মিছনেৰী নাথান ব্ৰাউনেও স্বীকাৰ কৰি গৈছে।
ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ পৰা বৈ অহা শাখা সুঁতি ভাৰতীয় আৰ্য ভাষাগোষ্ঠীৰ মানুহৰ ভাষাৰ লগত ঘাই নৃ-গোষ্ঠী- অষ্ট্ৰিক, দ্ৰাবিড় আৰু মংগোলীয় তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া লোকসকলৰ সংমিশ্ৰণত অষ্টম শতিকাতে অসমীয়া ভাষাই স্বকীয়ৰূপ ধাৰণ কৰি ইয়াৰ ক্ৰমবিকাশ ঘটি আহিছে। তদুপৰি সময়ে সময়ে অসমলৈ প্ৰব্ৰজন হোৱা বিভিন্ন জাতি-উপজাতিৰ শব্দও ভাষাটিত সোমাই পৰিছে। গতিকে অসমীয়াত তাই-আহোম, খাচি, গাৰো, বড়ো, ৰাভা, কোল, মুণ্ডাৰী, চাওঁতালী, বৰ্মী, তিব্বতীয় আদি শব্দ আছে।

আনহাতে পৰিৱৰ্তনশীলতা ভাষাৰ স্বাভাৱিক ধৰ্ম। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত সমাজ-সংস্কৃতিৰ লগত খাপ খোৱাকৈ ভাষাৰো পৰিৱৰ্তন হয়। প্ৰথমে কঠিত ভাষাত এই পৰিৱৰ্তন পৰিলক্ষিত হৈ ক্ৰমে লিখিতৰূপে ভাষাত প্ৰৱেশ ঘটে। তদুপৰি সকলো ভাষাতে অন্য ভাষাৰ প্ৰভাৱ আছে। ইংৰাজীত যেনেকৈ আন বহুতো ভাষাৰ শব্দ আছে অসমীয়াতো সংস্কৃতৰ উপৰি বহুতো হিন্দী, উৰ্দু, বাংলা, উড়ীয়া, ৰাজস্থানী, গুজৰাটী, মাৰাঠী আদি ভাৰতীয় ভাষা; ইংৰাজী, ফৰাছী, ফাৰ্চী, আৰবী, তুৰ্কী, পৰ্তুগিজ আদি বহুতো বিদেশী ভাষাৰ শব্দ আছে আৰু সেইবিলাক অসমীয়াত স্বাভাৱিক হৈ পৰিছে। হেড-পণ্ডিত, হেড-মহৰী, ছপাখানা, মৌজাদাৰ, ওকালতনামা, চৌখিন, কাৰিকৰ, ঘোচখোৰ, নকল-নবিশ আদি অসমীয়া ভাষাৰ শব্দত বেদেশী বা অভাৰতীয় ভাষাৰ প্ৰত্যয় বা অন্য শব্দ যোগ হৈ মিশ্ৰ শব্দও সৃষ্টি হৈছে। টেবুল, জগ, মগ আদি কোনো কোনো বিদেশী শব্দৰ উচ্চাৰণ কিছু সলনি হৈ অসমীয়া সুৰৰ হৈ পৰিছে। সেইদৰে আন ভাষাতো হয়। সেইবুলি এইটো নহয় যে আমি জধে-মধে বিদেশী বা অনাসমীয়া তথা বিজতৰীয়া শব্দ আমাৰ ভাষাত সুমুৱাই লম। সাম্প্ৰতিক বিশ্বায়নৰ নামত বিদ্যুতিন মাধ্যমৰ বিশেষকৈ ফে’চবুক এনেকি ছপা মাধ্যমতো সংবাদ পত্ৰ আৰু আলোচনী আদিত অভিধানত নথকা আৰু ব্যাকৰণৰ নিয়মেৰেও সামৰি লব নোৱাৰা যুৱসমাজৰ কথ্য ভাষাও লিখিত ভাষালৈ পৰিণত কৰা দেখা গৈছে। ই জানো শুভ লক্ষণ?
নিজা শব্দ নাথাকিলে বিকল্প শব্দৰ প্ৰয়োজন হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন অসমীয়া শব্দ উদ্ভাৱন কৰি থকা হৈছে। আনহাতে অসমীয়া শব্দৰ ভঁৰালৰ নাটনি ঘটা নাই। সাম্প্ৰতিক বহুতো কোমল, থলুৱা, উচ্চাৰণভিত্তিক আৰু অনাসংস্কৃত অসমীয়া শব্দৰ বিলুপ্তি ঘটিছে। পতিয়া, বৰকাপোৰ, টেমা, সাজ, সিজা, দিহ, অজলা, পৈ, আইদেউ, সোৰোপা, পনৰু, সুমঠিৰা, মাটিকঁঠাল, ওমলা, ফলিলোৱা, পইজাৰ, পুতেক, ওজা আদি অভিধানতহে আছে। কিন্তু এইবিলাকৰ প্ৰয়োগ বৰ বিৰল। মাটিকঁঠাল মানে মাটিত লগা কঁঠাল নে কঁঠালত লগা মাটি বুলি পুতেকে বাপেকক সোধা উদাহৰণো বিৰল নহয়। বৰ্তমান অসমীয়াত বহুতো বিদেশী শব্দৰ প্ৰৱেশ ঘটিছে যাৰ বাবে দিহ, সুমঠিৰা, পইজাৰ আদি থলুৱা শব্দবিলাক এলাগী হৈ পৰিছে। কিয়নো আজিকালি অসমীয়াই ঘৰ নাসাজে, ঘৰ বনায়; ভাতৰ লগত দিহ নাখায়, কাৰী বা তৰকাৰীহে খায়। আমনি নালাগে, ব’ৰ লাগে। পৰিবাৰ বা শ্ৰীমতী নহয় মিছেছ বুলিহে চিনাকি দিবলৈ ভাল পায়। আজিৰ ল’ৰা-ছোৱালীয়ে সুমঠিৰা বা মাটিকঁঠাল কি চিনি নাপায়, কমলা বা আনাৰস বুলি ক’লেহে বুজি পায়। দহ নুবুজে দশ(ছ উচ্চাৰণ)ক’লেহে বুজে আৰু আঁঠুৱা নহয় মশাৰী কলেহে বুজে। তদুপৰি ‘বে, বিন্দাছ, ঝাকাছ, ফাল্টু, ধুৰ, পাক্কা, চেটেপ, বৈদ্য, পাত্তা, বাজে, ফাটা-ফাটি, গদ্দাৰী, মস্তি, লাফ্‌ৰা, ফঁচ, য়াৰ, ঘাটীয়া, ঝেং, তামাম, জিংগালালা’ আদি অনেক বিজতৰীয়া শব্দ ৰঘুমলাৰ দৰে অসমীয়া ভাষাত ছানি ধৰিছে। এইবিলাকে বাৰু ভাষাটিৰ সৌষ্ঠৱ বঢ়াব পাৰেনে? আজিকালি বিশেষকৈ নগৰৰ ল’ৰা-ছোৱালীৰ মুখত পাপা, মামা, আংকল, আণ্টি, গ্ৰাণপা, গ্ৰাণমা আদিহে প্ৰিয় হৈছে। তেওঁলোকৰ মুখত মা-দেউতা, খুৰা-খুৰী, পেহা-পেহী, ককা-আইতা আদি শুনিবলৈ পোৱা নাযায় আৰু সেইবিলাক শুনিলে হেনো গাঁৱলীয়া যেন লাগে। সুন্দৰ থলুৱা অসমীয়া শব্দ থকা সত্ত্বেও মাত্ৰাধিক ইংৰাজী শব্দৰ প্ৰয়োগে ভাষাটিৰ গৰিমা অটুট ৰাখিব পাৰেনে বাৰু?

বিশ্বায়নৰ লগতে অবাঞ্চিতভাৱেও দেধাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। ই ভাষাটি সমৃদ্ধ কৰিছে নে ক্ষতিগ্ৰস্ত কৰিছে সেয়ে এটি চিন্তনীয় আৰু বিচাৰ্য বিষয় হৈ পৰিছে। নতুন শব্দবিলাকৰ প্ৰায়োগিক ক্ষেত্ৰ শুদ্ধভাৱে চিনাক্ত কৰি অশুদ্ধৰূপে পৰিগণিত ৰূপবিলাক এৰিব লাগিব। সেয়ে ভাষাবিদ আৰু ভাষাপ্ৰেমীসকল আলাপ-আলোচনাৰ যোগে ঐকমত্যত উপনীত হ’ব পাৰিব লাগিব। ইয়াত অসম সাহিত্য সভা আৰু বিশ্ববিদ্যালয়ে গুৰু দায়িত্ব বহন কৰা প্ৰয়োজন। তাৰ আনুস্থানিক সিদ্ধান্তত লেখকসকলে সন্মান জনোৱাৰ পৰম্পৰা এটা গঢ় লৈ উঠিলে সমস্যাটি বহু পৰিমাণে লাঘৱ হ’ব আৰু নতুন শব্দৰ আগমত থলুৱা শব্দবিলাক এলাগী হৈ নপৰিব।

অবৈধ বিদেশী নাগৰিক যেনেকৈ অসমীয়া জাতি-গঠনত এটা জ্বলন্ত সমস্যা তেনেকৈ বিজতৰীয়া ভাষাৰ গ্ৰাসত থলুৱা অসমীয়া শব্দৰ বিলুপ্তি ঘটিবলৈ ধৰাটোও অন্যতম সমস্যা। থলুৱা শব্দবিলাকৰ প্ৰয়োগে আমাৰ ভাষাৰ বৈশিষ্ট্য আৰু ইয়াৰ সৰলতা তথা কমনীয়তা বজাই ৰখাত সহায় কৰে। আমি এই থলুৱা শব্দবিলাক মাথোন সংৰক্ষণেই নহয়, সেইবিলাক কওঁতে আৰু লিখোঁতে প্ৰয়োগ কৰা উচিত। অন্যথা নিভাঁজ শব্দবিলাক আধুনিকতাৰ ধামখুমীয়াত উটি-ভাহি হেৰাই যোৱাৰ উপক্ৰম হৈছে।

%d bloggers like this: