Monthly Archives: এপ্ৰিল 2015

বিবৰ্ণ আকাশ : অনামিকা বৰুৱা

তেতিয়াও হাতখন পুৰি আছিল জয়াৰ| এনায়েকে গাখীৰ অকণ ঘঁহি দিছিল যদিও
পোৰণিটো মাৰ নাই যোৱা| ৰঙা পৰি গৈছে তাইৰ অকণি অকণি হাত দুখন| মাকে
নেলাগে থাকক দে বুলি কৈছিল কওঁতে, তাইহে মৰমতে! তায়েতো সৰুৰে পৰা কেঁচু
খান্দি খান্দি খুৱাই ডাঙৰ কৰিছে মাক নোহোৱা হাঁহ পোৱালিকেইটাক| কালি ডাঙৰ
আমৰলীয়া হাঁহটোক লেঙেৰাই লেঙেৰাই খোজ কঢ়া দেখি তাই মাকক ক’লে মা এইটোৰো
বেমাৰ লাগিলচোন! হাঁহ-কুকুৰাৰ বেমাৰ হ’লেই এটা লেঠা| এটাৰ আৰম্ভ হ’লেই
আটাইকেইটাৰে লাগি যায়| মাকে ভোট জলকীয়া সানি পোৱালিকেইটাক খুৱাব পৰাহ’লে
ভাল আছিল বুলি কোৱা শুনি তাই ঠাণ্ডা ভাতকেইটামানত দুটা ভোট জলকীয়া সানি
খুৱাই দিলে পোৱালিকেইটাক| সিহঁতক খুৱাই থাকোঁতে তাইৰ হাতখন যে পুৰিছে
গমেই পোৱা নাছিল| অলপ দেৰি যোৱাৰ পাছতহে হাত দুখন ভক্‌ভকাই উঠিল| পোৰণিত
তত্‌ নাপায় চকুপানী ওলায় আহিল তাইৰ| তাকে দেখি এনায়েকে মৰমতে বাতি এটাত
গাখীৰ অকণ আনি তাইৰ হাত দুখন মোহাৰি দিলে| পোৰণিটো অলপ কমিল যদিও তাইৰ
হাত দুখন ৰঙা পৰিয়েই থাকিল|
: বৰকৈ পুৰিছে আই|
: তইনো দুটাকৈ জলকীয়া কিয় ভাঙি লৈছিলি?
: মইনো কি জানো ইমান পুৰিব বুলি! বেছি জ্বলা খালে পোৱালিকেইটা ভালে থাকিব
বুলিহে লৈছিলো আকৌ|
: সিহঁতলৈ তোৰ ইমান মৰম?
: উম্‌, মাক নাইকিয়া পোৱালিকেইটা দেখা নাই| ময়েচোন সিহঁতৰ মাক| মই নাচালে
আৰু কোনে চাব!
: হয় মোৰ আই| তই নাচালে হাঁহ-কুকুৰাবোৰক চাওঁতা কোনো নায়েই অৱশ্যে| মাৰৰ
যিমানহে কাম, যিমানহে চিন্তা| বায়েৰ-ককায়েৰহঁতৰ এইবোৰ চাবলৈ সময় নাই|
আহ্‌ হাতখন জুইত অলপ সেকি দিওঁ| তেতিয়া তোৰ হাতখন সোনকালে ভাল হ’ব|
: জুইত সেকিলে কেনেকৈ ভাল হ’ব আই? জুইয়ে পোৰা নাই নহয়|
: জুইয়ে নুপুৰিলেও অলপ জুইত সেকি দিলে এই জ্বলা-পোৰা ভাৱটো জুইয়ে কাঢ়ি
নিব| আহ্‌ মই সেকি দিম| বৰকৈ ৰঙা পৰিছে হাতখন|
: আই ঔ নেলাগে আই ইমান পুৰিছে! নেলাগে মোৰ হাত সেকিব| এনেই ভাল হ’ব বুলি
এনায়েকৰ হাত এৰা দি দৌৰ মাৰিলে জয়াই|
এইজনী জয়া| দেখাত খীণ-মীন বগা এঘাৰবছৰীয়া দেহাটোত কিন্তু প্ৰাণশক্তি
প্ৰচুৰ| পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে অনবৰতে কিবা নহয় কিবা
এটাত লাগিয়ে থাকে| মাকক সকলো কামতেই সহায় কৰি দিয়ে| ঘৰ সৰা, বাচন ধোৱা,
ধুই মেলি দিয়া কাপোৰবোৰ চপাই অনা, কাপোৰ জপা, মাকে ভাত ৰান্ধোঁতে
লাচনি-পাচলি কৰি দিয়া, হাঁহ-কুকুৰাৰ হিচাপ ৰখা, সেইবোৰক চোৱা এইবোৰ কাম
জয়াৰ| কেতিয়াবা মাকে বায়েকক ইমান এজনী ছোৱালী একো এটা কৰিব নোৱাৰ বুলি
কোৱা শুনি তাইয়ো কয় মই ইমান সৰু ছোৱালীজনীয়ে মাক কাম কৰি দিছোঁ, তাই
ডাঙৰজনীয়ে নকৰে ন’ মা| মাকে মৰমতে তাইক মূৰত হাত ফুৰাই দিয়ে| হাঁহ
পোৱালিবোৰক কোৰখনেৰে কেঁচু খান্দি দিয়া আৰু কুকুৰা পোৱালিবোৰক খুদ্‌ চাউল
দিয়া তাইৰ প্ৰিয় কাম| বৰ মৰম লাগে তাইৰ কণ কণ পোৱালিবোৰ দেখিলে| ওপৰেদি
কাউৰী বা আন কিবা উৰি গ’লে হাঁহ পোৱালিবোৰে যেনেকৈ ডিঙি মেলি চায় তাইৰ
দেখি হাঁহি উঠি যায়| চাৰিটা ল’ৰা-ছোৱালীৰ মাজত তৃতীয় সন্তান জয়া| বায়েক,
ককায়েক আৰু ভনীয়েক এজনী তাইৰ| চাকৰিৰ খাতিৰত দেউতাক দূৰত থাকে| মাহটোৰ
মূৰত আহে যদিও কেতিয়াবা সুবিধা পালে এৰাতিৰ বাবে আহি সিহঁতৰ লগত থাকি
যায়| দেউতাক অহাৰ দিনা বৰ ভাল লাগে জয়াৰ| সেইদিনা সিহঁতে মাছ নহ’লে
মাংসৰে ভাত খায়| আৰু দেউতাকে আহোঁতে বিস্কুতৰ লগত কিবা মিঠাইয়ো আনে|
মাক-দেউতাক-বায়েক-ককায়েক-ভনীয়েক আৰু হাঁহ-কুকুৰাৰে সৈতে সুন্দৰ সৰু জয়াৰ
পৃথিৱীখন| ৰাতিপুৱা শুই উঠি মুখখন ধুই ঘৰ সৰাৰপৰা আৰম্ভ হয় জয়াৰ
দিনপঞ্জী| তাৰপাছত কিতাপ পঢ়া, পঢ়ি থাকোঁতেই চাহ খোৱা, পঢ়া শেষ কৰি
হাঁহ-কুকুৰাবোৰক মেলি দি দানা-পানী দি গা ধুই ভাত খাই স্কুললৈ যোৱা|
স্কুলৰ পৰা আহি আকৌ মুখ হাত ধুই ভাত খাই আজৰি হৈ লগে লগে হোমৱৰ্ক কৰা|
তাৰ পাছৰ সময়খিনি জয়াৰ আজৰি সময়| কেতিয়াবা তাইৰ লগৰবোৰৰ লগত খেলে,
কেতিয়াবা কোৰখন লৈ হাঁহ পোৱালিবোৰক কেঁচু খুৱায়| পোৱালিকেইটা ডাঙৰ
নোহোৱালৈকে তাইৰ এইটো ওপৰঞ্চি কাম হয়| কৰি বেয়া নালাগে তাইৰ| বন্ধবাৰত
বৰশী বায় ককায়েকৰ লগত| বাৰিষাত বায়েকক কুটুৰি কুটুৰি জাকৈ বাবলৈ যায় যদিও
হেঁপাহ নপলায়| বায়েকজনী বৰ কিবা| জাকৈত চেঙেলী বা গৰৈ পোৱালি উঠিলে ধৰিব
নোৱাৰি জাকৈ-চাকৈ পেলাই দৌৰ মাৰে| ইফালে জোকৰ ভয়টো আছেই| এদিনটো বৰশীত
কাৱৈ এজনী উঠা দেখিয়েই বৰশী পেলাই দৌৰ মাৰিছিল বায়েকে চিঞৰি বাখৰি|
বায়েকৰ চিঞৰ শুনি কিবা অঘটন হ’ল বুলি মাক-এনায়েক ল’ৰি আহিছিল| ইফালে
বায়েকক দেখি ককায়েক আৰু তাই বাগৰি বাগৰি হাঁহিছিল| কেতিয়াবা ঘৰৰ সমুখৰ
নলাটোতে মাছৰ উজান উঠে| বৰষুণত পানী বাঢ়ি আহিলে মাছবোৰ জঁপিয়াই আহি
বননিতে পৰেহি| ডাঙৰ ডাঙৰ পুঠিমাছকেইজনী ধৰিবলৈ সহজ| বছৰেকীয়া পৰীক্ষা শেষ
কৰি মোমায়েকৰ ঘৰলৈ গ’লে এপায়েক-মামীয়েকৰ লগত পথাৰলৈ যায় জয়াই| ধান দাবলৈ
নহয় চেঁচু খান্দিবলৈহে যায়| সৰু নিচায়েকৰ জীয়েক মিনুৱে তাইলৈকো হোলাং
এদাল তৈয়াৰ কৰি থৈ দিয়ে| কেতিয়াবা চেঁচু নাখান্দি সিহঁতে লেচেৰি বুটলে|
জয়াই আৰু এটা কাম কৰে| মামীয়েকে ঘৰত সযতনে দি থৈ যোৱা ভাতখিনি ঘৰতে নাখায়
পথাৰত খাবলৈ টোপোলা বান্ধি লৈ যায়| লাইশাক ভজা আৰু শুকতি মাছৰ সৈতে পথাৰত
খোৱা ভাতকেইটাৰ সোৱাদেই হেনো বেলেগ জয়াই কয়| কলপাতত নিমখ জলকীয়া সনা ৰবাব
টেঙাৰ জুতি পথাৰত যিমান পোৱা যায় ঘৰত সিমান পোৱা নাযায়| লুকাই-চুৰকৈ কলি
আম খোৱাৰ মজাই বেলেগ| বাঁহৰ চোঁচেৰে কেঁচা আম চুচি, তাত কণ জলকীয়া নিমখ
সানি খালে খায়েই থাকিবৰ মন যায়| পথাৰৰ পৰা উভতি আহোঁতে তাই আৰু মিনুৱে
কোনোবাদিনা ঢেকীয়া, কোনোবাদিনা কচু বুটলি আনে| কণ বিলাহী আৰু শুকান মাছ
দি মামীয়েকে কচুশাক ৰান্ধে| মোমায়েকৰ ঘৰলৈ গৈ বৰ ভাল লাগে জয়াৰ| বিহুৰ
দিনত যাবলৈ পালে আৰু ভাল লাগে| এবাৰ কণমামাকৰ লগত তাই অকলে লাহোৱাললৈ
গৈছিল ব’হাগ বিহুৰ আগে আগে| মোমোয়েকে বিহু বুলি চাউল, দৈ আৰু কিবা-কিবি
দিবলৈ আহিছিল| তাইক লগ ধৰিবলৈহে পালে| একেবাৰতে সাজু হৈ গ’ল তাই যাবলৈ|
সেইবাৰ গৰু ধোৱাৰ পৰা গছতলত বিহু মৰালৈকে প্ৰতিটো দিন মন ভৰি যোৱাকৈ
উপভোগ কৰিছিল| তাইৰ বয়সৰ ছোৱালীবোৰে ফ্ৰক পিন্ধি গছতললৈ গৈছিল যদিও
কল্পনা বাই, দিবি বাইহঁতে মেখেলা চাদৰ পিন্ধিহে তালৈ গৈছিল| শান্তি হোৱা
ছোৱালীয়ে ফ্ৰক পিন্ধি ঢাপত উঠিব নাপায় হেনো| জাকে জাকে বিহুনাম, জোৰা নাম
কি যে মন উতলা কৰা দিন! কোনোবাটো দুষ্ট ল’ৰাই দূৰৰ পৰাই জোৰা নাম এফাঁকি
গাই জোকাই যায়| ছোৱালীবোৰেও প্ৰত্যুত্তৰ দিয়ে| জেং বিহু, মুকলি বিহুৰ
আখৰা কৰিছিল স্কুলঘৰৰ সন্মুখৰ মুকলি ঠাইখিনিত| জেং বিহুত তাই, পলি আৰু
মিনুৰ এটা নাচৰ পাক আছিল যিটোৱে সকলোৰে মন মুহি নিছিল| সেইবাৰ তিনিঠাইত
সিহঁতৰ দলটোৱে পুৰস্কাৰ পাইছিল|
সময়বোৰ সোনকালেই পাৰ হৈ যায়| একলা দুকলাকৈ বাঢ়ি জয়া গাভৰু হয়| বিহুতলীত
বিহুৱতী হোৱা ৰূপৱতী জয়াৰ ৰূপে কোনোবা ডেকাৰ মন জয় কৰে| কিন্তু জয়াৰ
সেইবোৰলৈ ভ্ৰুক্ষেপ নাই| অভাৱৰ স’তে যুঁজি যুঁজি জীৱন গঢ়াত ব্যস্ত জয়া|
দেউতাকে চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছত ক’ত থাকিব কি কৰি ছটাকৈ প্ৰাণীক
পোহপাল দিব এই কথাবোৰে ঘৰখন তোলপাৰ কৰি ৰাখিলে| চাকৰি সূত্ৰেই সদায়
দেউতাকৰ ঘৰখনৰ পৰা দূৰত থকা সিহঁতকেইটাই এতিয়া চাকৰি শেষ হোৱাৰ পাছত তালৈ
যাব নুখুজিলে| কিন্তু দেউতাকে ভাবিছিল ঘৰত মাটি-সম্পত্তি আছে যেতিয়া
ঘৰলৈকে উভতি যাব| শেহত সিহঁতৰ কথাতেই মান্তি হৈ দেউতাকে অৱসৰৰ পাছত পোৱা
টকাকেইটাৰে মাটি এটুকুৰা লৈ তাতে বাঁহ-খেৰেৰে তিনিটা কোঠাৰ সৰু ঘৰ এটা
সাজিলে| পেঞ্চনৰ টকাকেইটাৰে জোৰা নমৰা জয়াৰ পৃথিৱীখনত হাঁহ-কুকুৰাৰ লগত
গৰু-ছাগলীও আহি গোট খালে| দুবিঘা বাম মাটি লোৱাত তাত আঙুলিৰে হেঁচি হেঁচি
ভুঁই ৰুৱা নতুন অভিজ্ঞতা হ’ল জয়াৰ| সৰুতে ধেমালিতে দ’ মাটিত ভুঁই ৰুৱা
কঠীয়া তোলাৰ অভিজ্ঞতা আছিল তাইৰ| গোহালি পৰিস্কাৰ কৰা, গৰুলৈ ঘাঁহ কটা,
ছাগলী পোৱালিৰ ওকণী বচা, মাকৰ তাঁতত ফুল বচা, নিজৰ পঢ়াৰ লগতে পুৱা-গধূলি
আনক পঢ়ুৱাই নিজৰ খৰচ উলিওৱা জয়াৰ দৈনন্দিন কামৰ তালিকাখন আৰু অধিক ব্যস্ত
হৈ পৰিল| তথাপিও জয়াই গান গায়| পখিলা খেদে| বিহু নাচে| তৰাবোৰৰ স’তে সখী
পাতে| বৰষুণৰ স’তে কথা পাতে|
বিহুতলীত নাচনীৰ সাজতেই জয়াক বাচনি কৰিছিল সাগৰৰ মাক-দেউতাকে বোৱাৰী কৰিম
বুলি| সাতবিহুৰ শেষৰ দিনাই তেওঁলোকে আহি জয়াক খুজিছিলহি| সুন্দৰ সুদৰ্শন
সাগৰক দেখি আপত্তি কৰিবলগা একো নাছিল জয়াৰ| ধুমধামেৰেই বিয়া হৈ গ’ল জয়াৰ|
নতুন ঘৰ, নতুন পৰিবেশত অলপ আচহুৱা লাগিছিল জয়াৰ| ঘৰখনত মনতকৈ ধনৰ
প্ৰাদুৰ্ভাৱ বেছি| সেইবুলি মানুহবোৰ সিমান জটিল নহয়, মৰমিয়াল| মাত্ৰ শিপা
হেৰুওৱাৰ নিচিনা| কিজানি নকৈ ধনী হোৱাৰ সুক্ষ্ম অহংকাৰ এটা আছে| অথবা
দেখাক দেখি পশ্চিমীয়া ভাৱধাৰাক অনুকৰণ কৰাৰ প্ৰবণতা! সাগৰো সৰুৰে পৰা
বাহিৰে বাহিৰে থকাৰ বাবে অসমীয়া সংস্কৃতিৰ সৈতে বেছিকৈ সংযুক্ত নহয়| বিহু
বুলি ইয়াত সৰুৱে ডাঙৰক সেৱা নকৰে| পিঠা-পনা ভজাৰ উখল-মাখল নাই|
আলহী-অতিথি সৎকাৰৰ আয়োজন নাই| হুঁচৰি আহিব বুলি কোনেও কাণ উনাই নাথাকে|
বৰং যেতিয়াই তেতিয়াই হোৱা পাৰ্টীৰ প্ৰকোপত, পোলাও-কোপ্তা-কালিয়াৰ আঁৰত
জয়াৰ কচুশাক, ঢেকীয়া, শুকতিৰ সোৱাদ তল পৰি গ’ল| কোনোবাখিনিত সংকোচিত হৈ
ৰ’ল জয়া| কিন্তু সাগৰৰ অকৃত্ৰিম মৰমে জয়াক বশ কৰি পেলালে| মানুহৰ মৰমে
বনৰ পশুকো বশ কৰিব পাৰে, জয়াতো মানুহ! কেনেকৈ বাৰু উপেক্ষাৰ কৰে জীৱন
লগৰীৰ মৰমৰ টান! ক’ব নোৱাৰাকৈয়ে জয়া উটি গ’ল| লাহে লাহে জয়াৰ পৃথিৱীখন
সলনি হ’ল| ৰামধেনুৰ ঠাই ল’লে নিশাৰ বিজুলী বাতিয়ে| তৰাবোৰে-জোনাকবোৰে আহি
থিতাপি ল’লে সাগৰৰ বুকুত| বৰষুণৰ টোপালবোৰ কাঢ়ি নিলে শ্বাৱাৰৰপৰা সৰি পৰা
পানীৰ টোপালবোৰে| ৰাতিপুৱা শুই উঠিয়ে এঙাৰেৰে দাঁত মজা জয়াৰ দিনটোৰ
আৰম্ভণি হ’ল বিচনাতে একাপ চেনি নিদিয়া ফিকা চাহেৰে| দামী কাপোৰ দামী
গহণাৰে জয়াৰ প্ৰকৃতি বলিয়া মনটো ঢাকি ধৰিলে| মোহাচ্ছান্ন হ’ল জয়া| জয়াৰ
আকাশ ছানি ধৰিলে আবতৰীয়া ডাৱৰ এটুকুৰাই|
কেৰ্‌ৰ্‌ৰেচ্‌চ্‌……জোৰেৰে ব্ৰেক মৰা ধাতৱ শব্দত জয়াৰ চিন্তাৰ আঁতদাল
ছিঙি থাকিল| তাৰমানে তেতিয়াৰ পৰা তাই সোঁৱৰণিৰ পাতত ওমলি আছিল! খিৰীকিৰে
তললৈ চালে জয়াই| ড্ৰাইভাৰ বিনোদে গাড়ীৰ পৰা বহুতবোৰ টোপোলা নমাইছে| আজি
ৰাতিও পাৰ্টী হ’ব| প্ৰথম ব’হাগৰ পাৰ্টী! বিনোদে চাগে পাৰ্টীৰ খাদ্যৰ বজাৰ
কৰি আনিছে| কাক কাক বা মাতিছে? মি. এণ্ড মিছেচ হেন্দিক, কাগ্‌তি, চালৈ,
তালুকদাৰ, মোদী, আগৰৱালা, বেনাৰ্জী আদি সকলোৱেই আহিব চাগৈ! ৰান্ধনিয়ে
বিধে বিধে ৰান্ধি দিয়াৰ পাছতো জয়াই নিজ হাতে কিবা এখন ৰান্ধি খুৱাই
ভালপায়| সেইদিনা কি জানো মন গ’ল তাই নাৰান্ধো বুলিও মাটিমাহৰ দাইল
ৰান্ধিছিল| কোনেও তেনেকৈ নাখালে| সাগৰে তাই ৰন্ধা বুলিয়ে দুচামুচমান
খালে| কিন্তু নোবা এজনে খাই প্ৰশংসা কৰিছিল মাটিমাহৰ| কৈছিল বৌ মাটিমাহৰ
আঞ্জাখন বৰ সোৱাদ হৈছে খাবলৈ| কিমান বছৰৰ মূৰত যে খালো! কোন আছিল বাৰু
সেইজন?  আনকালে নহা অচিনাকি কোনোবা আছিল| মনত নাই জয়াৰ| আজিকালি জয়াৰ একো
মনত নথকা হৈছে| যোৱা অলপদিনৰ পৰা কথাকাণ্ডত খেলিমেলি হোৱা হৈছে|
সেইদিনাতো সাগৰে সুধিয়েই দিলে-
: কি হৈছে জান? এনিথিং ৰং?
: ক’তা নাইহোৱাতো! কি হোৱা দেখিলা?
: নাইহোৱা যদি তুমি এনেকৈ কিয় আছা?
: কেনেকৈ?
: ক’ৰবাত হেৰাই আছা তুমি| এতিয়া চোৱা তোমাক সুধিলো মই কি পিন্ধো চাৰ্ট নে
টি-চাৰ্ট, তুমি ক’লা চেণ্ডেল পিন্ধি যোৱা একো নহয়| অলপ ধূলি-বালি লাগিলে
একো নহয়| মাটিৰ সংস্পৰ্শত থাকিব লাগে নহ’লে মাটিৰ মানুহ কেনেকৈ হ’বা| কি
এইবোৰ ?কি হৈছে কোৱা মোক| বুজাই দিলে বুজিম মই|
: অহ্‌ নাই নহয় একো হোৱা নাই| মই মানে নিজে অলপ বনত খোজ কাঢ়িম বুলি ভাবি
আছিলোতো সেয়ে তোমাকো কৈ পালো| প্ৰেচাৰেই বাঢ়িছে নেকি জানো গাটো বৰ ভাল
লগা নাই|
: টেক্‌ কেয়াৰ জান| তুমি নিজৰ একেবাৰেই যত্ন নোলোৱা| বেছি গা বেয়া লাগিছে
যদি ব’লা এবাৰ চেক্‌আপ কৰি আহোঁ| মই অলপ দেৰিকৈ গ’লেও হ’ব অফিচলৈ|
: নাই নাই তুমি এনেই বেছি বেছি কৰা| যোৱা তুমি| কিবা অসুবিধা পালে মই ফোন কৰিম নহয়!
সেইদিনা সাগৰক তেনেকৈ কৈয়ে সাৰিছিল জয়াই| আচলতে ঈশানৰ পৰা ই-মেইলটো পোৱাৰ
পাছৰ পৰাই জয়াৰ মনটোত আউল লাগি গৈছে| ভুৱনেশ্বৰত কম্পিউটাৰ ইঞ্জিনীয়াৰিং
পঢ়ি থকা পুত্ৰ ঈশানে সেইদিনা তাইলৈ এখন দীঘল চিঠি লিখিছিল ইংৰাজীতে| সি
সুধিছিল-
……মা, আমি বাৰু অসমীয়া হয়নে? যদি হয় কেনেকৈ হয়? অসমীয়াৰ ইতিবৃত্ত কি?
অসমীয়াৰ পৰিচয় কি? কৃষ্টি-সংস্কৃতি কি? আমাৰ ঐতিহ্য কি? আমাৰ গৰিমা কি?
আমাৰ ভেটি কি? কিহে আমাক অসমীয়া বুলি তুলি ধৰিছে? জানা মা, ইয়ালৈ পঢ়িবলৈ
আহি এনে কিছুমান অভিজ্ঞতাৰ সন্মুখীন হৈছো যিবোৰৰ লগত মোৰ কোনোদিনে
পৰিচয়েই নাছিল| কিন্তু কথাবোৰে মোক ভবাই তুলিছে| তুমি নকলেও মই নিজেই
জানো আমি অসমীয়া| কিন্তু মাত্ৰ অসমীয়াত কথা-বতৰা পতাৰ বাহিৰে আমাৰ গাত
অসমীয়া হোৱাৰ কোনো চিনচাব নাই| আনকি আমাৰ ঘৰত গামোচাৰ ব্যৱহাৰো নাই|
খোৱাৰ টেবুলত বহিও আমি ভাৰতীয় খাদ্যহে খাওঁ| বাকীবোৰ নকওঁ বাৰু| আমাৰ
ককা-আইতাৰ কথা নকওঁ| পেহী-পেহা, জেঠা-জেঠীৰ কথাও নকওঁ| কিন্তু তুমিতো
গাঁৱত ডাঙৰ ছোৱালী আছিলা মা| তেন্তে কিয় মোক আৰু বিদিশাক অসমীয়া জন-জীৱনৰ
অংগ হোৱাৰ পৰা বঞ্চিত কৰিলা? তুমিতো পাৰিলা হয় আমাক অসমীয়া কৰি তুলিব|
কিয় আমাক তোমাৰ পৃথিৱীখনৰ সৈতে চিনাকি কৰি নিদিলা? কিয় বিষ্ণু-জ্যোতিৰ
সৈতে চিনাকি কৰাই নিদিলা? কিয় শংকৰ-মাধৱৰ ইতিহাস নক’লা? কিয় অসমীয়া জাতিৰ
বুৰঞ্জী পঢ়িবলৈ নিদিলা? কিয় তুমি নিজকে শামুকৰ খোলাৰ দৰে আবদ্ধ কৰি
ৰাখিলা? কিয় আমাক গাঁৱৰ বোকা-পানীৰ গোন্ধৰ সৈতে পৰিচয় কৰাই নিদিলা? কিয়
জোনাক ৰাতি তৰাৰে ওমলিবলৈ নিশিকালা? কিয় জোনাকী পৰুৱাৰ পম খেদি নীতিকথাৰ
সাধু নুশুনালা? অ’ মা, মই বৰকৈ অভাৱ অনুভৱ কৰিছো এই আপুৰুগীয়া অনুভৱবোৰৰ
যিবোৰৰ সৈতে মিতিৰালি পাতি তুমি ডাঙৰ হ’লা| আমি যে একোৱেই নাজানো আমাৰ
বিষয়ে! মোৰো এইবোৰ পাবৰ মন গৈছে| তুমি নজনাকৈ মই এটা ভুল কৰিলো মা| নাপায়
বুলি জানিও এইবাৰ ঘৰলৈ যাওঁতে বিচনাতে পায় তোমাৰ ডায়েৰীখন মই মনে মনে পঢ়ি
পেলালো| পঢ়ি মোৰ এনে লাগিছে যেন বনৰ পখী এটিক ধৰি আনি সোণৰ সজাত বন্দী
কৰি থৈ দিছে! ভুল কৰাৰ বাবে তুমি যি শাস্তি দিয়া মই বিনাবাক্যব্যয়ে মূৰ
পাতি লম মা, কিন্তু তাৰ বিনিময়ত তুমি মোক তোমাৰ শৈশৱৰ সেই সোণসেৰীয়া
অনুভৱৰ সৈতে পৰিচয় কৰাই দিব লাগিব| মোকো অসমীয়া কৰি তুলিব লাগিব| তুলিবা
মা ?মই জানো তুমি এখন মৰমৰ সাগৰ| তুমি মাত্ৰ বিলাই দিব জানা| আনক দিবলৈ
পালে তুমি নিজলৈ নোচোৱা| অতদিনে তুমি মাথোঁ সকলোকে দিয়ে আহিছা| আজি মই
বিচাৰিছো মা| মোকো দিয়া তোমাক তোমাৰ সেই নিভাঁজ ৰূপত চাবলৈ| তোমাৰ
অকৃত্ৰিম আৰু চেনেহী পৃথিৱীখনৰ সৈতে একেলগে খোজ দিবলৈ তোমাৰ আঙুলিত ধৰি|
অ’ মা, পৰীক্ষা শেষ হ’লেই আহিম মই| তুমি, মই আৰু দেউতাই তোমাৰ সেই পুৰণা
দিনবোৰলৈ উভতি যাম| চাম, আমি কি কি হেৰুৱালো বৰ্তমানত ভৰি দি| বুটলি আনিব
পৰাখিনি বুটলি আনিম মই মোৰ ভৱিষ্যতৰ বাবে| মোৰ পাছৰচাম নতুন প্ৰজন্মৰ
বাবে| জীৱনে মৰণে আমি অসমীয়া হৈ ৰম| বিদিশাকো কম| এতিয়াও একো দেৰি হোৱা
নাই| তুমি মোক বাট দেখুৱায় নিবা আৰু মই বিদিশাক সপোন দেখুৱাম|
প্ৰতিশ্ৰুতি দিয়া মা| তোমালৈ আৰু দেউতালৈ সেৱা আৰু অলেখ মৰমেৰে…
ঈশানৰ চিঠিখনে জয়াক জোকাৰি দিলে| যেন ইমান দিনে টোপনিত আছিল তাই| পাৰ হৈ
যোৱা দিনবোৰলৈ মনত পেলাই চালে| বিয়াৰ পাছত প্ৰায় চৌবিছ বছৰে তাই শিপাহীন
হৈ জীয়াই থাকিল| কেনেকৈ পাৰিলে বাৰু? তাই বাৰু আলি কেঁকুৰিত বাট
হেৰুৱাইছিল নেকি? নে তাইক পৰুৱাই পাইছিল? সাগৰ শিল নহয়| বুজালে হয়তো
বুজিলে হয়| কিন্তু তাইতো কোনোদিনেই সাগৰক কোৱা নাছিল তাইৰ পৃথিৱীখনৰ কথা|
মাটি-পানী-বতাহৰ সৈতে একাত্ম হৈ, শৰীৰৰ মাজেৰে ওপজা মাটিৰ গোন্ধ লৈ,
বুকুৰ ভাঁজে ভাঁজে লুকাই লুকাই বৈ থকা উপলব্ধিৰ নৈখনৰ কথা| কোনোদিনে
সাগৰক কোৱা নাছিল ব’লা গাঁৱলৈ যাওঁ শিপা বিচাৰি| সাগৰৰ গাত দোষ নাই|
কিজানি দোষ কাৰো গাতো নাই| মাত্ৰ সময়ৰ হাতৰ পুতলা হৈ তাইৰ দৰে বহুতেই আঁত
হেৰুৱাইছে| বহুত বেছি পলম হ’ল নেকি বাৰু সাৰ পাওঁতে? ওহোঁ নাই হোৱা|
এতিয়াও সকলো শেষ হৈ নাইযোৱা| পাৰিব তাই উভাল খাই পৰা শিপাদাল মাটিৰ
গভীৰলৈ গুজি দিব| আজি পহিলা ব’হাগ| আজিৰ পৰাই তাৰ আৰম্ভণি কৰিব| ৰাতিৰ
পাৰ্টীৰ বাবে ৰান্ধনিয়ে যি ৰান্ধে ৰান্ধক তাই আজি পাকঘৰত থকা সকলো
শাক-পাচলি মিহলাই এখন ভাজি কৰিব| গৰু বিহুৰ দিনা এশ এটা শাক খাব লাগে
যদিও আজিয়ে যি আছে তাৰেই ভাজি ৰান্ধিব| আলমিৰাটো খুলি পাটৰ কাপোৰ এসাজ
আৰু অসমীয়া সোণৰ গহণাৰ চেট এটা উলিয়াই ল’লে তাই পিন্ধিবলৈ| সাগৰৰ বাবে
বিয়াত পিন্ধা ধুতিখন, গামোচাখন আৰু পাটৰ পাঞ্জাৱীটো বিচনাতে থৈ তাই
পাকঘৰলৈ ঢাপলি মেলিলে……

%d bloggers like this: