Monthly Archives: ডিচেম্বৰ 2016

সম্পাদকীয় – আজিজুল হক

শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।

আনন্দচন্দ্ৰ আগৰৱালাৰ ‘আমাৰ গাঁও’ কবিতাটি পঢ়িছিলো প্ৰাথমিক বিদ্যালয়তে। এতিয়া নগৰত থাকিলেও গাঁৱৰ সেই স্মৃতি অবিষ্মৰণীয়। এতিয়া অসমৰ প্ৰাকৃতিক পৰিৱেশে তাকে সুঁৱৰাই দিছে। ধান অসমৰ ঘাই খেতি। খেতিয়ক এতিয়া ধান দোৱাত ব্যস্ত। শীতৰ আগমনে কঢ়িয়াই আনিছে ঠেঁটুৱৈ ধৰা জাৰ, জুহালৰ আকৰ্ষণ আৰু লঠঙা হ’বলৈ ধৰা গ ৰিখ তথা ভোগালীৰ আগলি বতৰা।
বতৰ চেঁচা যদিও ৰাজনৈতিক পৰিৱেশ বেচ উমাল হৈ উঠিছে। বিমুদ্ৰাকৰণে ৰাইজক বাৰুকৈ জলাকলা খোৱাইছে। বিৰোধী দলৰ ঘোৰ প্ৰতিবাদত কেইবাদিন ধৰি সদন স্থবিৰ হৈ পৰিছে। অসমতো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচৰা কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদত আকাশ-বতাহ গৰম হৈ উঠিছে। কিয়নো কেন্দ্ৰৰ তেনে হঠকাৰী সিদ্ধান্তই অসমক অধিক ক্ষতিগ্ৰস্ত কৰিব। এই অচিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামো লেহেমীয়া হৈছে।
শীতৰ আগমনে বৰদিন বা খ্ৰীষ্টমাচ উৎসৱৰ কথাও সোঁৱৰাই দিয়ে। গীত-গানৰ মূৰ্ছনাৰে আকাশ বতাহ মুখৰিত হৈ পৰে বৰদিনৰ বতৰত। কিয়নো এয়ে যীচু খ্ৰীষ্টৰ জন্ম দিন। সেয়েহে ই অতি আনন্দৰ উৎসৱ। বৰদিনৰ শুভেচ্ছাৰে –

Advertisements
%d bloggers like this: