Monthly Archives: এপ্ৰিল 2016

সম্পাদকীয় – আজিজুল হক

আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ;

বিহুৰ মাতে শুনি ৰ’বকে নোৱাৰি
গৰকি ভাঙি যাওঁ যঁতৰ।

নাহৰ ফুল ফুলাৰ বতৰে সোঁৱৰাই দিয়ে অসমীয়াৰ অতিকৈ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি। ই অসমীয়াৰ জাতীয় উত্‍সৱ, কিয়নো অসমীয়াৰ সকলো ধৰ্ম আৰু সকলো বৰ্ণৰ মানুহে স্বতঃস্ফুটভাৱে ইয়াক উপালন কৰি আহিছে। প্ৰকৃতি আৰু কৃষিভিত্তিত উদ্‌যাপিত এই পৰম্পৰা অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ সমন্বয়ৰ সেতু হৈ আহিছে। ইয়াত নাই কোনো গোষ্ঠীগত সংকীৰ্ণতা অথবা ধৰ্মীয় গোড়ামী। অসমীয়া জাতিটো যেনেকৈ আৰ্য, অনাৰ্য, অষ্ট্ৰিক, মংগোলীয় জাতিৰ সমন্বয়ত গঢ়ি উঠিছে তেনেকৈ ইয়াৰ সংস্কৃতিও বাৰেৰহণীয়া। বিচ্ছিন্নতাকামী আৰু সমাজদ্ৰোহী শক্তিসমূহে অসমীয়া জাতিটোক থান-বান কৰিব বিচৰাৰ পৰিপ্ৰেক্ষিতত ঐক্য আৰু সমন্বয়ৰ এই উত্‍সৱে বিশেষ তাত্‍পৰ্য বহন কৰিছে।

অসমৰ নিৰ্বাচন আৰু নিৰ্বাচনকেন্দ্ৰীক ৰাজনীতিয়ে বিহুৰ আগলি বতৰ গোমা কৰি তুলিলে। দিল্লীৰ পৰা বেজেপি আৰু কংগ্ৰেছী নেতাই অসমলৈ তাঁতবাটি দিলে। অনেক প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে। সেইবিলাক বাৰু ফলিয়াব নে? অৱশ্যে আমাৰ ৰাইজে আন নহ’লেও ওচৰৰ পৰা হেলিকপ্টাৰকে দেখিবলৈ পালে। কোনে আৰু কোন দলে চৰকাৰ গঠন কৰিব সেয়ে লৈ কেউফালে চিন্তা-চৰ্চা চলি আছে। বুদ্ধিজীৱী-শ্ৰমজীৱী সকলোৱে নিৰ্বাচকেন্দ্ৰীক চিন্তা-চৰ্চাত নিমগ্ন। আনকি সংবিধানৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ সেৱাও কোনো ৰাজনৈতিক দলৰ মুখপত্ৰস্বৰূপ হৈ পৰিছে। এই সেৱাই বাক্‌-বিতণ্ডা আৰু পক্ষপাতমূলক বাতৰি পৰিৱেশন কৰি সৰ্বসাধাৰণ ৰাইজক বিভ্ৰান্তিত পেলাইছে। যি চৰকাৰেই নহওক লাগে আমি বিচাৰো অসমৰ সৰ্বাংগীন উন্নতি হওক আৰু নদীবান্ধ, বানপানী তথা গৰাখহনীয়া, নিবনুৱা, গড়হত্যা, সশস্ত্ৰ সংগ্ৰাম আৰু অবৈধ বিদেশী নাগৰিক আদি সমস্যাসমূহৰ আশু সমাধান হওক আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ মানুহে মিলা-প্ৰীতি আৰু শান্তিৰে দিন নিওৱাৰ পৰিৱেশ সৃষ্টি হওক।
ৰঙালী বিহুৰ শুভেচ্ছাৰে-

Advertisements
%d bloggers like this: