Monthly Archives: অক্টোবৰ 2014

সম্পাদকীয় ණআজিজুল হক

ধৰ্ম-সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণ
আমাৰ পৰিৱেষ্টিত বস্তুবিলাকৰ সমষ্টিয়েই পৰিৱেশ। সেয়ে মাটি, বতাহ, পানী, গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত, জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদি। আদিৰে পৰা মানুহ প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। এয়ে সৃষ্টিৰ নিয়ম। মানুহক মুক্তভাৱে বিচৰণ কৰিবলৈ দিয়া হৈছে প্ৰাণদায়িনী পৃথিৱীখন। আদিম মানুহে পৰ্বতৰ গুহা, গছৰ খোৰোং আৰু অৰণ্যত বাস কৰিছিল। জীয়াই আছিল হাবিৰ ফল-মূল খায়। প্ৰাকৃতিক পৰিৱেশৰ লগত আছিল মানুহৰ এৰাব নোৱাৰা অতি নিবিড় সম্বন্ধ। আনকি সেইবিলাক মানুহে দেৱ-দেৱী বুলি সেৱা-পূজাও কৰিছিল।

মানুহৰ ক্ৰমবিকাশ হৈ কৃষি আৰু বিজ্ঞানৰ উত্তৰণত উদ্যোগ গঢ়ি উঠাত আৰ্থিক উন্নতি হয়। কিন্তু এই বিকাশৰ লগতে প্ৰাকৃতিক উৎসসমূহ ক্ৰমে হ্ৰাস আৰু ধ্বংস হ’বলৈ ধৰাত প্ৰাকৃতিক ভাৰসাম্যত বিৰূপ প্ৰভাৱ পৰি গোলকীয় উষ্ণতা, হিম-প্ৰবাহ, প্ৰদূষণ আৰু অ’জন গেছ হ্ৰাস আদি বিপৰ্যয়সমূহ হ’বলৈ ধৰিছে। আন কথাত ক’বলৈ গ’লে প্ৰকৃতিৰ ওপৰত চলোৱা মানুহৰ শোষণ আৰু অত্যাচাৰৰ বাবে প্ৰথিৱীখন মানুহৰ নিজৰে বসবাসৰ অনুপযোগী হৈ উঠিছে।

অষ্টম শতিকাৰ বিখ্যাত চীনা কবি দু ফুৱে লিখিছিল, “দেশখন ধ্বংস হয়, কিন্তু পৰ্বতমালা আৰু নদীবিলাক ৰক্ষা পৰে।” কিন্তু আজি যেন ইয়াৰ বিপৰীত হৈছে। মানুহে খনিজ সম্পদৰ বাবে পাহাৰ-পৰ্বত ভাঙি পেলাইছে, বিদ্যুতৰ বাবে নদ-নদী বান্ধিছে, কাঠৰ বাবে হাবি-জংঘল কাটি খাস্তাং কৰিছে, ঘৰ সাজিবৰ বাবে পহাৰ খহাইছে আৰু বিল-জলাহ আদি পুতি পেলাইছে। কিন্তু মানুহে এইবিলাকৰ কুফল তিল তিল কৈ ভুগি আহিছে। বৰ্তমান যি গতিত পৰিৱেশ দূষিত হ’বলৈ ধৰিছে যে ভৱিষ্যতে পৃথিৱীৰ বুকুৰ পৰা মানুহ সমুলঞ্চে নিঃশেষ হৈ যাব পাৰে। মানুহে এই ভয়ংকৰ অৱস্থাৰপৰা নিস্তাৰ বিচাৰি চিন্তা কৰি পালে পৰিৱেশ সংৰক্ষণৰ আৱশ্যকীয়তা।

অৰণ্যই প্ৰাকৃতিক পৰিৱেশত বিশেষ অৰিহণা যোগায়। ই বায়ু বিশুদ্ধ আৰু শীতল কৰি ৰাখে আৰু বৃষ্টিপাতত প্ৰভাৱ পেলায়। জধে-মধে গছ-গছনি কাটি তহিলং কৰা প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ এটি জ্বলন্ত উদাহৰণ। সভ্যতাৰ ক্ৰমবিকাশত পৰিৱেশ ধ্বংস কৰি নগৰীকৰণৰ দিশত অগ্ৰসৰ হোৱাৰ প্ৰৱণতা হ্ৰাস কৰাৰ নিতান্ত প্ৰয়োজন হৈ পৰিছে। অন্যথা ইয়াৰ যোগেও প্ৰাকৃতিক ভাৰসাম্যৰ অধিক অৱনতি ঘটাৰ আশংকা আছে। পৰিৱেশ সংৰক্ষণৰ বাবে অৰণ্য সংৰক্ষণত বিশেষ মনোযোগ দিয়া প্ৰয়োজন।

গোলকীয় উষ্ণতাৰ বাবে প্ৰধানকৈ উন্নত দেশসমূহেই দায়ী। কিয়নো আৰ্থিক উন্নয়নৰ নামত বৃহৎ উদ্যোগ-কাৰখানাত উৎপাদনৰ বাবে প্ৰকৃতিৰ ওপৰত শোষণ আৰু উৎপীড়ন চলাই এফালে তেওঁলোক অধিক ধনী হৈছে আনহাতে পৃথিৱীৰ অধিকাংশ লোকক দৰিদ্ৰতালৈ নিক্ষেপ কৰা হৈছে আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। সেয়েহে উদ্যোগিকৰণত বিশেষ সাৱধানতা অৱলম্বন কৰা নিতান্ত প্ৰয়োজন। প্ৰাকৃতিক সম্পদ আহৰণত সাৱধানতা অৱলম্বন কৰাৰ উপৰি সম্পদৰ সমব্যৱহাৰ কৰা তথা অত্যধিক ভোগ-বিলাসিতাৰ জীৱন পৰিহাৰ কৰা উচিত। মিতাহাৰী আৰু মিতব্যয়ী হোৱাটো পৰিবৱেশ সংৰক্ষণৰ অন্য এটা ঢাপ।

ৰাষ্ট্ৰসংঘৰ অন্ন-কৃষি-প্ৰতিষ্ঠানৰ(FAO) সমীক্ষা অনুযায়ী প্ৰতি বছৰে ১৩০ কোটি টন খাদ্য অপচয় হয় যি মুঠ খাদ্য উৎপাদনৰ এক তৃতীয়াংশ। আনহাতে প্ৰতি সাতজন মানুহৰ এজনে অনাহাৰে থাকিবলগা হয় আৰু দৈনিক ২০,০০০ শিশু আহাৰৰ আভাৱত মৃত্যুবৰণ কৰিবলগাত পৰে। ইয়াৰ যোগেও পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। কিয়নো এগৰা ভাত পেলাই দিয়া মানে ইয়াক উৎপাদন কৰিবৰ বাবে পথাৰৰ মাটি, পানী, সাৰ, সৌৰশক্তি আৰু হাল বাওঁতে গৰু আৰু মানুহৰ পৰিশ্ৰম প্ৰয়োজন হৈছিল। এক লিটাৰ গাখীৰৰ বাবে গাইক ১০০০ লিটাৰ পানী প্ৰয়োজন হয়। সেয়েহে অপচয় ৰোধ কৰিলে ধন ৰাহি হোৱাৰ উপৰি পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ যথেষ্ট হ্ৰাস হ’ব।

ভাৰতীয় সমাজত ধৰ্ম আৰু সংস্কৃতিৰ বিশেষ প্ৰভাৱ আছে যাৰ যোগেদিও পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা আনিব পাৰি। জনজাতীয় বিশ্বাসত প্ৰকৃতিক ঈশ্বৰত্ব আৰোপ কৰি গছ-গছনি, নদ-নদী, জীৱ-জন্তু, গিৰি-গুহা-শিল আদি পূজা কৰা হয়। বুদ্ধ দেৱে বুদ্ধি-বৃক্ষৰ তলত ধ্যানত থাকোঁতে জ্ঞানপ্ৰাপ্ত হৈছিল। এই ধৰ্মই প্ৰকৃতিৰ প্ৰতি অতি স্পষ্ট আৰু ইতিবাচক মত পোষণ কৰে। হিন্দু ধৰ্মত পাহাৰ-পৰ্বত, নদ-নদী, গছ-গছনি, বতাহ, অগ্নি আদি সকলোকে পবিত্ৰস্বৰূপে বিশ্বাস কৰা হয়। অথৰ্ব বেদত এই প্ৰাৰ্থনা, “সৰ্বোপৰি প্ৰভু, আকাশ, পৰিৱেশ, বৃক্ষ, অৰণ্য সকলোতে শান্তি হওক…তোমাৰ বৰফাবৃত শৃংগ, তোমাৰ অৰণ্য, হে ধৰিত্ৰী আমাৰ প্ৰতি সদয় হোৱা” (১২:১১)। পৱিত্ৰ বাইবেলৰ মতে ঈশ্বৰে প্ৰথম মানৱ আদম আৰু তেওঁৰ ভাৰ্যা ইভক সৃষ্টি কৰি ফল-মূলৰ বৃক্ষ, তৃণ-তৰু-লতা, পশু-পক্ষী আৰু সকলোধৰণৰ জীৱ-জন্তুৰে ভৰা এদেন নামৰ এখন সুন্দৰ বাগিছাত ৰাখিছিল য’ত ফল-মূল খাই জীৱন-ধাৰণ কৰা মানুহৰ কাম আছিল বাগিছাখনৰ তদাৰক কৰা (আদিপুস্তক ২:১৫,১৫)। কোৰানত স্বৰ্গৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা দি কৈছে যে তাত থাকিব নিৰ্মল পানীৰ নিজৰা,গাখীৰ আৰু মৌৰ নদী আৰু সকলো প্ৰকাৰৰ সুস্বাদু ফলবিলাক(৪৭:১৫)। জৈন ধৰ্মত জীৱকুলৰ প্ৰতি অহিংস নীতি এটি মূলমত্ৰ। এইদৰে সকলো ধৰ্মতে প্ৰকৃতি আৰু পৰিৱেশৰ লগত মানুহৰ মধুৰ সম্পৰ্কৰ বিষয়ে বহুতো শিক্ষা পোৱা যায়। সেয়েহ ধৰ্মশাস্ত্ৰবিলাকৰ সঠিক ব্যাখ্যাৰ শিক্ষাৰে নিজ নিজ ধৰ্মীয় সম্প্ৰদায়ৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰাত ডাঙৰ ভিত্তি বা সমলস্বৰূপে ল’ব পাৰি। গতিকে দেখা যায় যে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে যথা ব্যৱস্থা লোৱাৰ বহুতো উপায় আছে। উপায়বিলাক হাতে-কামে ল’লে নিশ্চয় পৰিৱেশ সংৰক্ষণৰ দিশে সমাজ অগ্ৰসৰ হ’ব। এনে এটি পৰিৱেশ সংৰক্ষণৰ সংস্কৃতি গঢ়ি উঠাত সকলোৰে দায়িত্ব আছে। এয়ে সময়ৰ আহ্বান।

%d bloggers like this: