Monthly Archives: জুলাই 2016

সম্পাদকীয় – আজিজুল হক

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি। কিয়নো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ডেৰমহীয়া চৰকাৰ ঠৰক-বৰক হোৱাৰ উপক্ৰম হ’লেই। চৰকাৰক অস্থিৰ কৰি তোলাৰ এটি ঘাই কাৰণ হৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ সহযোগত অসমৰ বাৰখন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ লোৱা হঠকাৰী সিদ্ধান্ত। সদৌ অসমত ইয়াৰ তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে। আনকি বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। অন্যটি হৈছে ১২৭ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভেট বৃদ্ধিৰে চৰকাৰৰ জনবিৰোধী সিদ্ধান্ত। ইয়াৰ বিৰুদ্ধে দল-সংগঠনে যুযুধান ৰূপ লৈছে। বিপুল ভোটেৰে জয়লাভ কৰি গঠন হোৱা চৰকাৰে ৰাইজৰ প্ৰতি দিয়া ‘পৰিবৰ্তন’ৰ উপহাৰ এয়েনেকি? তদুপৰি কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা সিদ্ধান্তও অসম চুক্তিৰ পৰিপন্থী হৈছে। এই লৈয়ো বিভিন্ন দল-সংগঠন প্ৰতিবাদমুখৰ হৈ উঠিছে। এইবিলাক ন্যায্য আন্দোলন। চৰকাৰে মনোযোগ নিদিলে হয়তো বিষম পৰিস্থিতি সৃষ্টি হ’ব পাৰে।

অসমত নতুন দিল্লীস্থ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ দৰে আন্তৰ্জাতিক মানৰ এখন চিকিৎসা প্ৰতিষ্ঠান(AIIMS) হোৱাটো নিশ্চয়ে আনন্দৰ কথা। কিন্তু এতিয়া স্থান লৈ লাগিছে অথন্তৰ। বাক-বিতণ্ডা, ৰাজনৈতিক উদ্দেশ্য, আঞ্চলিক আৱেগ আদি কথাবিলাক এৰি অসমৰ সমূহীয়া স্বাৰ্থৰ কথা চিন্তা কৰিলে অসমৰ যি কোনো ঠাইতে এই প্ৰতিষ্ঠান হ’ব পাৰে যদিও সকলোৰে সুবিধাজনক ঠাইত হোৱাটো বাঞ্ছনীয়। অসমৰ উত্তৰ-দক্ষিণ পাৰ, উজনি-নামনি, পাৰ্বত্য জিলা, বৰাক উপত্যকা, উত্তৰ-পূব ভাৰত তথা এই অঞ্চলৰ ভূটান-বাংলাদেশ-ম্যানমাৰ-চীন আদি সীমান্তবাসীসকলৰ কথা চিন্তা কৰিলে মধ্যস্থানহিচাপে ৰহা উপযুক্ত ঠাই বুলি বিবেচিত হয়। ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি যুগুতাই ল’ব পৰা যায়। তদুপৰি ভৱিষ্যতে হয়তো প্ৰত্যেক ৰাজ্যতে একো একোখন সুকীয়া এইম্‌ছ প্ৰতিষ্ঠা হ’ব পাৰে। তেতিয়াও ৰহাত হ’লে অসমৰ বাবে কেন্দ্ৰস্থান হৈ ৰ’ব। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিয়েও ৰহা উত্তম স্থান বুলি চিহ্নিত কৰি ৰাখিছে।

অসমৰ আপুৰুগীয়া জন্তু এশিঙীয়া গঁড় হত্যা অন্যতম সমস্যা। আনকি নতুন চৰকাৰৰ দিনতো কেইবাটিও গঁড় হত্যা কৰা হ’ল। ‘আমাক ভোট দিয়ক, গড় ৰক্ষা কৰক’ ধ্বনি যেন ক্ষমতা লাভৰ বাবেহে হ’ল। অসমৰ কৃষকসকল এতিয়া খেতি পথাৰত ব্যস্ত। বানপানী আৰু গৰাখনীয়াৰ দ্বাৰা হাজাৰ-বিজাৰ লোক ক্ষতিগ্ৰস্থ হৈছে। অসমৰ এই সমস্যাৰ সম্পূৰ্ণ আৰু স্থায়ী সমাধান সহজ নহয় যদিও হ্ৰাস কৰাৰ উপায় নিশ্চয় ল’ব পাৰি। আনকি গুৱাহাটী মহানগৰো কৃত্ৰিম বানপানীত অনেকে ককবকাই থাকিবলগীয়া হয়। চৰকাৰৰ সদিচ্ছা থাকিলে আৰু ৰাইজৰ সহযোগৰে এই সমস্যামূহ নিশ্চয় লাঘৱ কৰিব পাৰি।

%d bloggers like this: