Monthly Archives: চেপ্তেম্বৰ 2016

সম্পাদকীয়

শান্তি স্থাপনত গান্ধীৰ অহিংসা নীতিৰ প্ৰাসংগিকতা

শান্তি বিচাৰোঁ। কিন্তু শান্তিনো কি? ই কেৱল পৃথিৱীত যুদ্ধবিহীন সমাজৰ অৱস্থায়ে নে? শান্তি হৈছে বিদ্ৰোহ আৰু শত্ৰুতাৰ বিপৰীতে সমাজত পৰস্পৰৰ মাজত মিলা-প্ৰীতি আৰু সদ্ভাৱৰ এটি অৱস্থা। ই এনে এখন অহিংস সমাজ বা য’ত হিংসাৰ অৱসান হৈছে। শান্তি হৈছে সমাজত ইজন-সিজনৰ প্ৰতি সন্মান, ন্যায় ব্যৱহাৰ আৰু সদ্ভাৱনাপূৰ্ণ সম্বন্ধ। সুস্বাস্থ্য আৰু উন্নতিও শান্তিৰ বিস্তৃত পৰিধিৰ অন্তৰ্ভুক্ত। আধ্যাত্মিক অৰ্থত শান্তি হৈছে ঈশ্বৰ আৰু মানুহ তথা মানুহৰ ইজন-সিজনৰ মাজত মধুৰ সম্পৰ্ক। শান্তিপূৰ্ণ সমাজৰ পৰিয়ালত মৰম-চেনেহ আৰু পৰস্পৰৰ মিলাপ্ৰীতি থাকে। শান্তিৰ লগত উন্নতিৰ কথাও জড়িত আছে। সেয়েহে নিকা, স্বচ্ছ আৰু দক্ষ চৰকাৰ তথা প্ৰশাসন, জনতাৰ ধৰ্মীয় স্বাধীনতা, ধৰ্মনিপেক্ষতা, শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্য সেৱা, আৰ্থ-সামাজিক বিকাশ, পুৰুষ-মহিলা আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে সমান অধিকাৰ, মানৱাধিকাৰ ৰক্ষা, দুৰ্যোগ নিবাৰণৰ ব্যৱস্থা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু আইন-শৃংখলা বজাই ৰখা হৈছে শান্তি ৰক্ষাৰ বিভিন্ন উপাদান।
অহিংসা নীতিৰ জনক মহাত্মা গান্ধী গোটেই পৃথিৱীতে সমাদৃত। কিয়নো তেওঁ এই নীতি অৱলম্বনেৰে কেৱল ভাৰত স্বাধীন কৰায়ে নহয়, পৃথিৱীৰ বহুতো স্বাধীনতা আন্দোলন গঢ়ি উঠাত প্ৰেৰণা যোগাই আহিছে। তেওঁৰ অহিংসা নীতি আৰু অসহযোগ আন্দোলনৰ আদৰ্শৰে বিদেশী ঔপনিৱেশিক শাসন উফৰি পৰিছে, জনপ্ৰিয় সাৰ্বভৌমত্বৰ গাঁথনি শক্তিশালী কৰিছে আৰু নেলছন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং, দেছমণ্ড টুটু, এলবাৰ্ট আইষ্টাইন, বাৰাক ওবামা আৰু আঙ চান ছ্যু কীৰ দৰে বিশ্ববিশ্ৰুত নেতা-নেত্ৰীক অদম্য উৎসাহ জন্মাইছে। বিশ্ব-সম্প্ৰদায়ত এই অহিংসা নীতি সাৰোগত কৰি ২০০৭ চনৰ ১৫ জুনত ৰাষ্ট্ৰসংঘত গৃহীত প্ৰস্তাৱ যোগে প্ৰতি বছৰে গান্ধী জয়ন্তীৰ দিনা অৰ্থাৎ ২ অক্টোবৰত ‘আন্তৰ্জাতিক অহিংসা দিৱস’ পাতিবলৈ সিদ্ধান্ত কৰে। এই সিদ্ধান্তৰ মূলতে হৈছে ২০০৭ চনৰ ২৯ আৰু ৩০ জানুৱাৰীত নতুন দিল্লীত “শান্তি, অহিংসা আৰু সবলীকৰণ: ২১ শতিকাত গান্ধীৰ দৰ্শন” বিষয়েৰে অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনৰ পৰামৰ্শ। ইয়াৰ যোগে ৰাষ্ট্ৰসংঘই বিশ্ব-সম্প্ৰদায়ৰ মাজত গন্ধীৰ আদৰ্শ আৰু অহিংসা নীতি জনপ্ৰিয় কৰি তুলি অহিংসাৰ এটি সংস্কৃতি গঢ়ি তুলিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ এই বিশ্বাস যে অহিংসা নীতিৰ দ্বাৰাহে বিশ্ব-শান্তি সম্ভৱ।

গান্ধীয়ে কৈছিল, “অহিংসা মোৰ বিশ্বাসৰ প্ৰথম ধাৰা আৰু মোৰ ধৰ্মমতৰো শেষ ধাৰা”। তেওঁৰ দৰ্শন আৰু নীতিৰ মূলমন্ত্ৰ হৈছে সত্য, অহিংসা আৰু স্বদেশী। ধৰ্মশাস্ত্ৰবিলাক বিশেষকৈ মদ্ভগৱদ গীতা, বাইবেল আৰু কোৰানৰপৰা তেওঁ অনুপ্ৰেৰণা পাইছিল। এই নীতি তেওঁ সত্যাগ্ৰহ আৰু অসহযোগ আন্দোলনেৰে ৰাজনীতিত প্ৰয়োগ কৰিছিল। তেওঁৰ এই মত যে সত্য প্ৰাপ্তিৰ বাবে অহিংসায়ে মাধ্যম বা উপায়। তেওঁৰ এই দৃঢ় পত্যয় আছিল যে অহিংসায়ে মানৱৰ পৰম ধৰ্ম আৰু সত্যয়ে ঈশ্বৰ। গান্ধীয়ে কৈছিল যে অহিংসা মানে কেৱল হিংসা নথকা অৱস্থায়ে নহয়। বৰং ই হৈছে কোনেও কাৰো বিৰুদ্ধে এক জগৰ নলগোৱা, আনকি শত্ৰু বুলি গণ্য কৰা জনৰ প্ৰতিও কোনো অহিত চিন্তা নকৰা। অহিংসাত প্ৰতিশোধৰ ঠাই নাই। সেয়েহে গান্ধীয়ে কৈছিল যে চিৰাচৰিত প্ৰবাদ “চকুৰ সলনি চকুৱে গোটেই পৃথিৱীকে অন্ধ কৰে”।
অহিংসাই মানৱ জীৱনৰ বিধান আৰু এই বিধান স্বীকাৰ কৰা আৰু মানি চলায়েই মানুহৰ বৈশিষ্ট্য আৰু জন্তুৰপৰা মানুহৰ মৌলিক পাৰ্থক্য। মানুহৰ ইতিহাস হৈছে নৰপিশাচ অৱস্থাৰপৰা ক্ৰমশঃ অহিংসা প্ৰাপ্তিলৈ কৰা যাত্ৰাৰ কাহিনী আৰু এই অহিংসা পথে ভৱিষ্যতে আগুৱাই যোৱাটোৱেই মানুহৰ গন্তব্যস্থান। যিজনে অহিংসা নীতি মানি চলে তেওঁ গোটেই পৃথিৱীকে জয় কৰে আৰু তেওঁৰ কোনো শত্ৰু থাকিলেও সেইজন বন্ধুলৈ পৰিণত হৈ যায়। এই নীতি মানি চলামানে কোনো সমস্যাৰ পৰা ফালৰি কাটি থকা বা গা এৰা দিয়া দিয়া ধৰণৰ কথা নহয়, বৰং তেনে সময়তো প্ৰতিৰোধ কৰাহে বুজায়। তেওঁৰ মতে নিৰ্ভীকতা নাথাকিলে অহিংসা আৰু সত্যসাধন অসম্ভৱ। গান্ধীয়ে এই নীতিৰে শোষণ, অন্যায়, অত্যাচাৰ আৰু পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিছিল। অনৈতিকতা, অমানৱীয়তা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজি সমাজত নৈতিকতা, মানৱীয়তা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে অহিংসায়ে শক্তিশালী অস্ত্ৰ। শান্তি প্ৰাপ্তিৰ বাবে অহিংসাই হৈছে সমাজৰ আচৰণ বিধি। আন কথাত ক’বলৈ গ’লে শান্তি প্ৰতিষ্ঠাৰ মূল ভেটি অহিংসা।
গান্ধীৰ উদ্দেশ্য আছিল অহিংসা নীতিত প্ৰতিষ্ঠিত এক সমাজ সৃষ্টি কৰা য’ত মানুহৰ স্বাধীনতা সুৰক্ষিত হয় আৰু মানৱ জাতি সকলো দমন আৰু উৎপীড়নৰপৰা মুক্ত হৈ শান্তিত থাকিব পাৰে। গান্ধীয়ে নিজে মানি চলা এই নীতি সকলোৰে জীৱনৰ দৰ্শন হ’লে আৰু কাৰ্যত মানি চলিলে আত্ম-শুদ্ধি হোৱাটো নিশ্চিত। ই হৈছে মানুহে নিৰ্মাণ কৰা মৰণাস্ত্ৰৰ পৰিৱৰ্তে নৈতিক অস্ত্ৰ। এই অস্ত্ৰ অত্যাধুনিক আৰু গণবিধ্বংসী সমাৰাস্ত্ৰতকৈ শক্তিশালী। গান্ধীয়ে অহিংসা নীতি সকলোৰে জীৱনৰ চালিকা শক্তিস্বৰূপে পাৰিবাৰিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক আদি সকলো দিশতে জড়িত হোৱাটো বিচাৰিছিল। এই নীতি অৱলম্বনতে ব্যক্তিত্বৰ বিকাশ আৰু সমাজৰ উন্নতি নিৰ্ভৰ কৰে। ই আমাক যিসকলে ঘিণ কৰে সেইসকলক প্ৰেম কৰিবলৈ শিকায়। সমাজত শান্তি স্থাপনৰ বাবে গান্ধীৰ আদৰ্শ আৰু অহিংসা নীতিৰ প্ৰাসংগিকতা অনস্বীকাৰ্য।

%d bloggers like this: