Monthly Archives: জুন 2015

সম্পাদকীয়

অসমীয়া ই-আলোচনীৰ বিষয়ে একাষাৰ
সাম্প্ৰতিক তথ্য গোলকীকৰণৰ বিপ্লৱ হৈছে। এই বিপ্লৱৰ অন্য নাম হৈছে
ইউনিক’ড পদ্ধতি যাৰ যোগে পৃথিৱীৰ ভাষাসমূহ বিশ্বজনীন কৰিব পৰা হৈছে।
অসমীয়া ভাষাও বিশ্বজনীন কৰাৰ সুযোগ ঘটিছে, যদিও আমি অসমীয়া লিপিৰ সুকীয়া
পৰিচয় পোৱা নাই। কিয়নো ইউনিক’ড এনেকি ভাৰত চৰকাৰৰ মতে বাংলা লিপিৰেহে
অসমীয়া লিখা হয়। এই ভুল পৰিচয়ৰ প্ৰতিবাদ কৰি থকা হৈছে আৰু সময়ত অসমীয়া
লিপিয়ে সুকীয়া মৰ্যাদা পাব বুলি আমি আশা ৰাখিছোঁ।

তথাপি এতিয়াও এই পদ্ধতিৰে যি লেখা-মেলা কৰিব পৰা গৈছে তাত অসমীয়া
সাহিত্যানুৰাগীসকল পিচ হোঁহকি থকা নাই আৰু ইতিমধ্যে অসমীয়া ই-সাহিত্যই
সমাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ই-সাহিত্যৰ জগতত ইতিমধ্যে
চৌধ্যখনমান আলোচনীয়ে আত্মপ্ৰকাশ কৰিছে। অদূৰ ভৱিষ্যতে যে অধিক হ’ব সেয়ে
ধৰুপ। ই অসমীয়া ভাষা আৰু জাতিটোৰ বাবে নিশ্চয় আশাব্যঞ্জক। অৱশ্যে দুখনমান
আলোচনী বন্ধ হৈ যোৱাও পৰিলক্ষিত হৈছে। তেনে হোৱাটো আমি কামনা নকৰোঁ।

ই-আলোচনীৰ অন্যতম সংযোজন হৈছে ভিন্নসুৰীয়া লেখাৰে সমৃদ্ধ মাহেকীয়া আলোচনী
“সৃষ্টিৰ জিলিঙনি”। ফে’চবুকৰ “সৃষ্টিৰ জিলিঙনি” গোটত “মোৰ ভাষা, মই
জিলিকাম” মূলমন্ত্ৰৰে ২০১২ চনৰ ১০ নবেম্বৰত জন্ম লোৱা এই আলোচনী- গল্প,
প্ৰবন্ধ, কবিতা, সাময়িকী, ভ্ৰমণ কাহিনী আদি লেখাৰে পৰিপুষ্ট। আলোচনীখন
অসমীয়া জাতি আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি উত্সপৰ্গিত। আমাৰ
ভাষা-সংস্কৃতি বিকশাই তুলি ইয়াক চাইবাৰ জগতৰ জৰিয়তে বিশ্বদৰবাৰত
প্ৰতিষ্ঠা কৰায়ে মূল উদ্দেশ্য। যি কোনোৱে আৰু পৃথিবীৰ যিকোনো ঠাইৰপৰা
ইণ্টাৰনেটত https://sristirjiligoni.wordpress.com ত বিচাৰিলে তিলেকতে আৰু
বিনামূল্যে আলোচনীখন উপলব্ধ। লেখা পঠাবৰ বাবে ফে’চবুকৰ এই গোটত দিব পাৰে
বা sristirjiligoni@gmail.com লৈ ইমেইল কৰিব পাৰে। সেয়েহে ইউনিক’ড
পদ্ধতিৰে লিখা নিতান্ত প্ৰয়োজন। প্ৰণিধানযোগ্য যে আলোচনীখন ‘সৃষ্টিৰ
জিলিঙনি’ গোটতে সীমিত নহয়। ই গোট নিৰ্বিশেষে সকলোৰে বাবে মুকলি।

আমাৰ পাৰিশ্ৰমত বহুতো বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীৰ দিহা-পৰামৰ্শ তথা
সহায়-সহযোগিতাই আমাক উৎসাহিত কৰিছে। সেই অনুযায়ী পঢ়ুৱৈ সমাজো দিনক দিনে
বৃদ্ধি পাইছে। সেয়েহে এই সকলো কথা সোঁৱৰণ কৰি যোৱা ৯ নবেম্বৰত আলোচনীখনৰ
দ্বি-বৰ্ষপূৰ্তি উদ্‌যাপন কৰা হৈছিল। অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক আৰু
শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী আৰু কবি অনিছ-উজ জামানৰ বহুমূলীয়া ভাষণ
তথা কেইবাগৰাকী কবিৰ কবিতা পাঠে আমাক সাহিত্য সেৱাত অধিক ব্ৰতী হ’বলৈ
প্ৰেৰণা যোগালে। আলোচনীখনৰ এতিয়ালৈকে ধাৰাবাহিকৰূপে বত্ৰিছটা সংখ্যা
প্ৰকাশ কৰা হৈছে। আমি সকলোৰে সহায়-সহযোগিতা কামনা কৰিছোঁ।

আজিজুল হক
মুখ্য সম্পাদক

%d bloggers like this: