সম্পাদকীয়

হিন্দু বাংলাদেশীক নাগৰিকত্ব
সাম্প্ৰতিক হিন্দু বাংলাদেশীক ভাৰতত সংস্থাপন আৰু নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বিৰোধিতা কৰি অসমৰ বিভিন্ন দল আৰু সংগঠন প্ৰতিবাদমুখৰ হৈ উঠাটো অসমৰ খিলঞ্জীয়ালোকৰ সুৰক্ষা আৰু ধৰ্মনিপেক্ষতা তথা অসমীয়া ভাষাপ্ৰেমীসকলৰ সচেতনতাৰ পৰিচায়ক। আনকি বিধান সভাতো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সজোৰে প্ৰতিবাদৰ বক্তব্য ৰাখিছে। কিয়নো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তেনে হঠকাৰী সিদ্ধান্ত কাৰ্যকৰী হ’লে ভৱিষ্যতে অসমৰ খিলঞ্জীয়ালোক সংখ্যালঘুলৈ পৰিণত হৈ অস্তিত্বহীনতাত ভোগিব লাগিব আৰু অসমীয়া ভাষা-সংস্কৃতিও বিপদাপন্ন হ’ব। “বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ইছলামিক সন্ত্ৰাসবাদীৰ বলি হৈ সেইবিলাক দেশৰ ধৰ্মীয় সংখ্যলঘুসকল প্ৰাণৰ মমতাত ভাৰতলৈ আহিছে। তেওঁলোকক আশ্ৰয় দি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হওক’’- কথাষাৰ শুনাত অতি মানৱীয় আৰু জনহিতজনক যেন লাগিলেও ইয়াৰ আঁৰত আছে শাসকীয় দলটিৰ সাম্প্ৰদায়িক উদ্দেশ্যপ্ৰণোদিত ৰাজনীতি। আন কথাত ক’বলৈ গ’লে ই ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ প্ৰতি মোক্ষম অঘাত।
ধৰ্মৰ ভিত্তিত কাৰোবাক বহিষ্কাৰ কৰা আৰু কাৰোবাক ৰঙা দলিচা পাৰি দিয়া মানে চৰকাৰে বৈষম্য ৰখা নহ’বনে? অনেকৰ প্ৰশ্ন হ’ব ‘ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নে’? কোনোৱে দেখিব তেওঁৰ স্বধৰ্মীয় বিদেশীজন বাহিৰত, কিন্তু অন্য ধৰ্মীয় বিদেশীজন ভিতৰত। আনহাতে হিন্দু মৌলবাদীসকল হয়তো আনন্দিত হ’ব যে তেওঁলোকৰ ‘হিন্দুৰাষ্ট্ৰ’ৰ অভীষ্ট লক্ষ্যত উপনীত হৈছে। তদুপৰি ইয়াৰদ্বাৰা বাংলা দেশত সুখ-শান্তিৰে থকা অৱশিষ্ট হিন্দুসকল অসমলৈ ঢাপলি মেলিবলৈ উৎসাহিত হ’ব। আনকি সেই হিন্দুসকলে নিবিচাৰিলেও ইছলামিক সন্ত্ৰাসবাদীয়ে তেওঁলোকক ভাৰতলৈ আহিবলৈ বাধ্য কৰাব। অৰ্থাৎ আওপাকে ভাৰতে বাংলাদেশৰ ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰাহে হ’ব। ইয়াৰ পৰিণতিত অসমত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
অসমীয়া ভাষাৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য আৰু ইতিহাসেও তাকে সোঁৱৰায়। কিয়নো ১৮৩৬ চনত অসমৰ আদালত আৰু বিদ্যালয়ৰপৰা অসমীয়া ভাষা বাহিৰ কৰি বঙালী ভাষা জাপি দিয়াত ইংৰাজসকলক বঙালী বিষয়াই প্ৰভাৱান্বিত কৰিছিল। তেওঁলোকৰ মানত অসমীয়া এটা দোৱান আৰু বঙালীৰ উপভাষা। প্ৰণিধানযোগ্য যে অসমত থকা বাংলাদেশী মুছলমানতকৈ হিন্দুহে বঙালী ভাষাত আঁকোৰগোজ হৈ থাকে আৰু অসমীয়া ভাষাৰ প্ৰতি বিদ্বেষ মনোভাব পোষণ কৰে। আন কি ব্ৰহ্মপুত্ৰ উপত্যকাতে বঙালীয়ে অসমীয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ নজিৰো আছে। গতিকে হিন্দু বাংলাদেশীক অসমত থিতাপি দিলে অসমীয়া ভাষাটিৰ বাবেও হানিকৰ হ’ব। মুঠতে জাতি-ধৰ্ম নিৰ্বিশেষে ৮৫৫ জন ছহিদৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত চৰকাৰে বিদেশী চিনাক্তকৰণ কৰি বিহিত ব্যৱস্থা লোৱাটোৱেই উত্তম পন্থা। এই ক্ষেত্ৰত চৰকাৰে যেন বিধি-পথালি নিদিয়ে বা হোঁহকা-পিছলা নকৰে। অসমত অতিৰিক্ত বিদেশীৰ বোজা জাপি নিদিয়ক। জয় আই অসম!

Follow

Get every new post delivered to your Inbox.

Join 760 other followers

%d bloggers like this: