Monthly Archives: এপ্ৰিল 2013

বহাগৰ অনুভৱ : মনীষা বড়াহালৈ

বিহুলৈ আৰু কেইটামান দিনহে আছে। এতিয়ালৈকে কুলিৰ মাত শুনাই নাই চোন। কুলিৰ মাত শুনিলেহে বিহু পালেহি যেন লাগে | বিয়াৰ পাছৰ পৰা কুলিৰ মাতত বিহু অহাৰ আগজাননী পোৱা নাই | গছৰ কুঁহিপাত আৰু তাৰিখেহে বিহুৰ বতৰা দিয়ে |

আজি বিহু পালেহি যে প্ৰথম অনুভৱ কৰিলোঁ | বাইদেউলৈ ফোন কৰোতে ফোনতে কুলিৰ মাত শুনিলোঁ | বাইদেউক অলপ ৰবলৈ কৈ কুলিৰ মাত শুনি ল’লো | ইমান ধুনীয়া মাত…মনটো ভাল লাগি গ’ল | ফোনতে হ’লেও বহাগৰ বতৰা পালোঁ | সৰুতে কুলি চৰাইয়ে মাতিলে আমিও লগতে মাতিছিলোঁ কুলিজনীয়ে বেয়া পায় নেকি অলপ সময় নমতা হয় | তাৰ পাছত আকৌ মাতে | কেতেকী চৰাইজনীও একেই অভিমানী |

সৰুতে চ’ত সোমোৱাৰ লগে লগে কুলি কেতেকীৰ মাত আৰু লগতে ঢোলৰ মাততে বিহু বিহু লাগি গৈছিল| ঢোলৰ মাতটো আঁতৰৰ পৰা আহিলে ইমান ভাল লাগিছিল নাচো নাচো লাগি গৈছিল | বিহুলৈ কেইদিনমান থকাৰ পৰা সকলো বিহুৰ যা যোগাৰত লাগি গৈছিল | আগততো কাপোৰ হাতেৰে ধুইছিল | সেইবাবে ডাঙৰ কেৰাহী এখনত পানী গৰম হ’বলৈ দি ধেলা চাবোন কাটি দি কাপোৰবোৰ ডুবাই দিছিল | আগত চাৰ্ফতকৈ এই চাবোনটো বেছি ব্যৱহাৰ হৈছিল | সিজাই দিলে ইমান ধুনীয়া গোন্ধ এটা ওলাইছিল | তাৰপাছত কাপোৰবোৰ ধুইছিল ইমান ধুনীয়াকে চাফা হৈছিল | চাৰিওফালে ঢেঁকীৰ মাত- চিৰা , হুৰুম, সান্দহ আৰু পিঠাগুৰিৰ বাবে যেন প্ৰতিযোগিতাহে হৈছে ঢেঁকীৰ মাতৰ |

বিহুৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ঘৰতে আছিল মৰাপাটলৈকে | ককা আৰু দেউতাই গৰুৰ পঘাবোৰ বনাইছিল | চাটৰ বস্তুটো ঘৰৰে | উৰুকাৰ দিনা সকলোৱে মিলি এসাঁজ মাছ-মাংসৰে খাইছিলো | ৰাতিপুৱা সোনকালে উঠিছিলোঁ গৰু গা-ধোৱা চাবলৈ | দৰিকা নদীত গৰু গা ধুৱাইছিল আমি সৰুবোৰো লগতে গৈছিলোঁ | পানীত নমাই গা ধোৱা চাই বৰ ভাল লাগিছিল | ঘৰলৈ আহি আমি মাহ-হালধিৰে গা ধো‍ওঁ | গৰুবিহু দিনা ৰাতি মায়ে জেতুকা খুন্দি হাতত বান্ধি দিছিল | জেতুকাৰ ৰং বেছিকৈ ধৰিবলে কি কি যে দিছিলো- পাণ, ডালিমৰ আগ, কেহেৰাজৰ আগ, চেনি যিয়ে কৈছিল তাকে দিছিলোঁ | হাতত জেতুকা দি প্ৰথমতে কলপাত লেৰেলাই লৈ মেৰিয়াই দি তাৰ ওপৰত কাপোৰে মেৰিয়াই বান্ধি দিছিল | দুয়োখন হাত বান্ধি তেনেকৈয়ে ৰাতি শুই আছিলো ৰং নালাগিব বুলি খুলি দিয়া নাছিলোঁ | ৰাতিপুৱা উঠিয়েই হাতৰ বান্ধোন খুলিছিলোঁ | গোটেই ৰাতি বান্ধি থোৱা বাবে হোতোৰা পৰি গৈছিল প্ৰথম মেলিবইি নোৱাৰিছিলোঁ | কাপোৰে মোহাৰি লৈ মিঠাতেল সানি জুইত সেকি দিছিলো তেতিয়া ৰং গুচি নাযায় বোলে | লগৰবোৰতকৈ ৰং যাতে কাঢ়া হয় | পাছত নতুন কাপোৰ পিন্ধি ওলাই গৈছিলোঁ | আবেলি লগৰ ছোৱালীবোৰ মিলি ৰিহা-মেখেলা পিন্ধি জেং বিহু মাৰিছিলোঁ | গোটেই গাঁও বিহু মাৰি হ’লে পইচাখিনিৰে ভোজ খাইছিলোঁ | তেনেকুৱা সাজত লগৰীয়া লগত তোলা ফটো দুখনমান এতিয়াও আছে, চাই ভাল লাগে | অলপ ডাঙৰ হোৱাৰ পাছত দাদাহঁতে হুঁচৰি গাইছিল আৰু আমি নাচনী হৈছিলোঁ | হুচৰি গালে কেতিয়াবা পইচাৰ লগতে ৰুমালো দিছিল , ৰুমালবোৰ নাচনীক ভগাই দিছিল | তেতিয়াও শেষত সকলোৱে মিলি ভোজ খাইছিলো, কিমান যে ভাল লগা আছিল দিনবিলাক | এতিয়া গাঁৱত হুঁচৰি দেখিবলৈকে নাই |

লাহে লাহে সকলো সলনি হ’ল | আমি পুৰণা ঘৰৰ পৰা নতুন ঠাইলৈ উঠি আহিলোঁ | উৰুকাৰ আগদিনা দাদাই সকলো বস্তু বজাৰৰ পৰা আনে, কাৰণ তেতিয়া বজাৰত সকলো পায়- দীঘলতি, মাখিয়তী, বেঙেনা,তিয়ঁহ, কেতুৰী হালধি, তিতা কেৰেলা, থেকেৰা, গৰিয়া আলু, সকলো | দেউতাই পঘা গাঁথে আৰু চাটৰ মাৰি সাজে | গৰু বিহুৰ দিনা ৰাতিপুৱা দাদাৰ লগতে ময়ো উঠো | জাতিলাউ, বেঙেনা,তিয়হ, কেতুৰী হালধি, তিতা কেৰেলা, থেকেৰা, মিঠা আলু, সকলো এখন কুলাত উলিয়াই ধুই গোল গোল কৈ কাটি যায় | তাৰপাছত চাটৰ মাৰিত এচকল এচকলকৈ ভৰাই গৈছিলোঁ | লাউ, হালধি, তিয়হ, তিতা কেৰেলা, বেঙেনা,থেকেৰা নানাৰঙী চাটডাল দেখিবলে ইমান ধুনীয়া হৈছিল | এডলীয়া,দুডলীয়া,তিনিডলীয়া, চাৰিডলীয়া আৰু পাঁচডলীয়া, মানে এডাল বাঁহৰ মাৰিতে পাঁচডাল শলা থাকে | এখন চালনীত চাটমাৰিবোৰ থৈ গৈছিলোঁ | মা বা বাইদেউৱে মাহ হালধি আৰু জেতুকা পিচিছিল | দাদাই গৰুৰ গাত লগাই অলপ পাছত গা ধুৱাই দিছিল | এতিয়া আৰু নদীলৈ নাযায় পুখুৰীৰ পানী বাল্টিৰে আনি ধুৱাই দিয়ে আৰু চাটৰ মাৰি কাষৰ ঘৰৰ লগত জেওৰাৰে পাৰ কৰি সলাই লৈছিল |

%d bloggers like this: