Monthly Archives: আগষ্ট 2015

সম্পাদকীয়: আজিজুল হক

অসমৰ ৰাজহুৱা স্থানত ডনবস্ক’ৰ প্ৰতিমূৰ্তি?
এই কেইদিন গুৱাহাটীৰ আকাশ-বতাহ কঁপাই তুলিছে ডনবস্ক’ৰ প্ৰতিমূৰ্তি
স্থাপনৰ কথা লৈ। প্ৰতিবাদ। তথাপি চৰকাৰে জোৰ কৰি মূৰ্তি স্থাপন কৰিবলৈ
লৈছিল একপক্ষীয়ভাৱে। ৰাইজৰ মতামত আৰু দিহা-পাৰামৰ্শ এনেকি সহযোগিতাও
নিবিচাৰিলে চৰকাৰে। ফলস্বৰূপে হ’ল কি? আগ্নেয়গিৰিৰদৰে ক্ষোভ উদ্‌গিৰণ হৈ
চৰম সীমা পালেগৈ। উন্মোচনৰ পূৰ্বে দুষ্কৃতিকাৰীয়ে মূৰ্তি ভাঙি নদীত বগৰাই
দিলে। ঘটনাটি সমগ্ৰ অসমৰ বাবে লজ্জাজনক। উপায়বিহীন হৈ চৰাকাৰেও বাতিল
কৰিবলগীয়া হ’ল উন্মোচনৰ সিদ্ধান্ত। ইতিমধ্যে চাৰিগৰাকী বিজেপি কৰ্মীক
গ্ৰেপ্তাৰ কৰা হ’ল। প্ৰতিবাদত উত্তপ্ত থানা।

মহৎ লোকৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় বিশেষকৈ তেওঁলোকৰ কৰ্মৰাজি সোঁৱৰি
নৱপ্ৰজন্মই অনুপ্ৰেৰণা পাবৰ বাবে। তেনেজনা যিমানেই ডাঙৰ নহওক কিয়
প্ৰতিমূৰ্তি স্থাপন কৰিবলগীয়া অঞ্চলৰ লোকসকলৰ প্ৰতি তেওঁৰ অৱদান থাকিলেহে
কাথাটো প্ৰাসংগিক হয়। মাইল্‌ছ ব্ৰন্‌ছনৰ প্ৰতিমূৰ্তি ৰাজকোষৰ ধনেৰে অসম
চৰকাৰে ২০১২ চনত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত স্থাপন কৰিলে। এই স্থাপনত
প্ৰতিবাদৰ কথা বাদেই সকলোৱে আদৰণিহে জনালে। কিন্তু ডনবস্ক’ৰ ক্ষেত্ৰত
ইমান বাক-বিতণ্ডা আৰু প্ৰতিবাদ কিয়? দুয়োজনেই দেখোন বিদেশী মানুহ?

ব্ৰন্‌ছন আছিল ৪৩ বছৰ অসমত থাকি হেৰাবলগীয়া অসমীয়া ভাষা উদ্ধাৰ কৰি অসমৰ
ভাষা-সংস্কৃতি তথা মাটি-পানী-বায়ুৰ লগত মিলি যোৱা ব্যক্তি। সেয়েহে তেওঁ
অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে চিৰনমস্য ব্যক্তি আৰু তেনেজনাৰ
প্ৰতিমূৰ্তি স্থাপনত সকলোৱে সুখী। আনহাতে ডনবস্ক’ আছিল ব্ৰন্‌ছনৰ
সমসাময়িক ইটালী দেশীয় ধৰ্মযাজক। শিক্ষা আৰু সমাজ সেৱাত ডনবস্ক’ৰ নামেৰে
সংগঠিত সংস্থাসমূহৰ অৱদান অসমতো নিশ্চয় আছে। কিন্তু ডনবস্ক’ ব্যক্তিজন
হ’লে অসমৰ জনজীৱনৰ লগত কোনোকালেই জড়িত নাছিল। সেয়েহে ডনবস্ক’ৰ নামেৰে
স্থাপিত স্কুল, ইউনিভাৰচিটি বা গিৰ্জাঘৰ আদিত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন
কৰাটো সুকীয়া কথা। কিন্তু বৰেণ্য ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা, মণিৰাম
দেৱান, কুশল কোঁৱৰ, কনকলতা, পিয়লি ফুকন, কমলা মিৰি, ভোগেশ্বৰী ফুকননী,
ৰোহিনী চৌধুৰী, তৰুণৰাম ফুকন আদিৰ লগতে ডনবস্ক’? তাকো ৰাইজৰ লগত একো
আলাপ-আলোচনা নকৰাকৈ। সেয়েহে উদ্ভৱ হ’ল এনে পৰিস্থিতি। ক’বলৈ গ’লে ই চৰকাৰ
বা প্ৰশাসনৰে সৃষ্টি। ইয়াৰপৰা চৰকাৰেও শিক্ষা লওক। ৰাইজো সচেতন হওক আৰু
ঘটনাটিৰ ৰাজনৈতিক তথা ধৰ্মীয় ৰহণ নিদি অসমীয়া জাতীয় মৰ্যাদা অক্ষুণ্ণ
ৰখাত সকলোৱে মনোনিৱেশ কৰক।

Advertisements
%d bloggers like this: