Monthly Archives: ডিচেম্বৰ 2015

সম্পাদকীয় – আজিজুল হক

সম্পাদকীয়
ধান অসমৰ ঘাই খেতি। খেতিয়ক এতিয়া ধান চপোৱাত ব্যস্ত। শীতৰ আগমনে কঢ়িয়াই আনিছে ঠেঁটুৱৈ ধৰা জাৰ, জুহালৰ আকৰ্ষণ আৰু লঠঙা হ’বলৈ ধৰা গছ-বিৰিখ তথা ভোগালীৰ আগলি বতৰা।

বতৰ চেঁচা যদিও অসমৰ ৰাজনৈতিক পৰিৱেশ বেচ উমাল হৈ উঠিছে আগন্তুক নিৰ্বাচনৰ কুচকাৱাজেৰে। তাতে সদনৰপৰা বিজেপি বিধায়কক বহিষ্কাৰ কৰাত ৰাজনৈতিক বাতাৱৰণ অধিক উত্তাল হৈ পৰিছে। নিৰ্বাচনৰ ফলাফলেহে ক’ব কোনে, কেনেকৈ আৰু কোন দলে চৰকাৰ গঠন কৰিব। সেইবিলাকত আমি সৰ্বসাধাৰণ ৰাইজে মূৰঘমোৱাৰ প্ৰয়োজন নাই।

অসমৰ সামগ্ৰিক উন্নয়নত মনোনিৱেশ কৰা এখন সুস্থ, নিকা, ধৰ্মনিৰপেক্ষ আৰু কাৰ্যক্ষম চৰকাৰ আমাৰ কাম্য। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ৩ অক্টোবৰতে ‘মন কি বাত’ অনুষ্ঠান মুকলি কৰিলে দেশৰ প্ৰতি তেওঁৰ মনৰ কথা ক’বলৈ। ভাল কথা। কথা কোৱাটো সহজ, কিন্তু সেইমতে কাম কৰাটোহে আচল কথা। অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ কাম কৰাটো পৰিলক্ষিত হোৱা নাই। সেয়ে বিদেশী নাগৰিকৰ সমস্যাই হওক বা বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতে হওক।

যোৱা মাহত আইছিছ সন্ত্ৰাসবাদীয়ে পেৰিছত চলোৱা বিধ্বংসী কাৰ্যই বিশ্বৰ দৃষ্টি আকাৰ্ষণ কৰিছে। তেনে কাৰ্য নিতান্তই গৰিহণাৰ যোগ্য। কিন্তু এই সমস্যাৰ সমাধাননো কি? আনহাতে আমেৰিকা, ৰাছিয়া আদি দেশে তেনে সন্তাসবাদী দমনৰ নামত পৰস্পৰৰ যেন শক্তি আৰু প্ৰভাৱ বিস্তাৰতহে প্ৰতিযোগিতা চলাইছে তেনে পৰিলক্ষিত হৈছে।

চেন্নাইত বৰষুণে সৃষ্টি কৰা আবতৰীয়া বান মাহটোৰ অন্যতম দুৰ্যোগ। অসমৰ বাবে বিশেষকৈ এজাক বৰষুণতে কৃত্ৰিম বানত জুৰুলা হোৱা গুৱাহাটীৰ বাবে ই এটা ডাঙৰ শিক্ষা হওক।

শীতৰ আগমনে বৰদিন বা খ্ৰীষ্টমাচ উৎসৱৰ কথাও সোঁৱৰাই দিয়ে। গীত-গানৰ মূৰ্ছনাৰে আকাশ বতাহ মুখৰিত হৈ পৰে বৰদিনৰ বতৰত। কিয়নো এয়ে যীচু খ্ৰীষ্টৰ জন্ম দিন। সেয়েহে ই অতি আনন্দৰ উৎসৱ। বৰদিনৰ শুভেচ্ছাৰে –

Advertisements
%d bloggers like this: