Monthly Archives: অক্টোবৰ 2016

সম্পাদকীয় – আজিজুল হক

কাজিৰঙাত উচ্ছেদ
এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৌৰৱ আৰু মুকুটস্বৰূপ। ই দখলমুক্ত হোৱা নিতান্তই প্ৰয়োজন। মহামান্য আদালতৰ নিৰ্দেশ নিশ্চয়ে মানিব লাগিব। কিন্তু যি পদ্ধতিৰে ১৯ চেপ্তেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন এলেকাৰ বহিৰ্ভূত বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা গাঁও উচ্ছেদ কৰা হ’ল সেয়ে অমানৱীয় আৰু নিন্দনীয়। যদি সেই লোকসকল অবৈধ বাংলাদেশী আছিল, তেন্তে কেৱল উচ্ছেদেই কিয় অসমৰ পৰাই বিতাৰিত হ’ব লাগিছিল। এই কথা ঠিক যে অনেক সময়ত সেই লোকসকল ‘সন্দেহযুক্ত নাগৰিক’ এনেকি ‘অবৈধ বাংলাদেশী নাগৰিক’ বুলিও সংবাদ মাধ্যমত মাজে সময়ে প্ৰকাশ পাই আহিছে আৰু সেইসকলৰ দখলৰপৰা কাজিৰঙা মুক্ত হ’ব লাগে বুলি দাবী উত্থাপিত হৈ আহিছে। প্ৰশ্ন হয়- চৰকাৰখনো জনৰৱত উটি-ভাহি গৈছিল নেকি?
কিন্তু জানিব পৰা মতে সেই লোকসকল ভাৰতীয় আৰু তেওঁলোকৰ বেছিভাগেই বৰ্তমান চৰকাৰৰ সহযোগী অসম গণপৰিষদ চৰকাৰৰ দ্বাৰা সংস্থাপিত যিসকলৰ নাম ১৯৬৫ চনৰ ভোটাৰ তালিকাভুক্ত এনেকি তাত চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ আছিল। গতিকে তেওঁলোকক বেদখলকাৰী বুলিব নোৱাৰি। সেয়েহে চৰকাৰে তেওঁলোকৰ মাটিৰ পট্টা আৰু ভোটাৰ তালিকা আদি নথি-পত্ৰ চালিজাৰি চোৱাৰ প্ৰয়োজন আছিল আৰু উচ্ছেদৰ পূৰ্বে তেওঁলোকক সাহায্য আৰু পুনৰ সংস্থাপনৰ সুস্পষ্ট প্ৰতিশ্ৰুতি দিব লাগিছিল। সেই লোকসকলেও তাকেই বিচাৰিছিল আৰু স্বেচ্ছাই সেই ঠাই এৰি সংস্থাপিত স্থানলৈ গ’লহেঁতেন। তেনেহ’লে বলপূৰ্বক উচ্ছেদ কৰাৰ প্ৰয়োজন নহ’লহেঁতেন। কিন্তু চৰকাৰে তেনে নকৰি বীৰদৰ্পে সশস্ত্ৰবাহিনী, হাতী, জে চি বি আৰু বুলড’জাৰ আদি লৈ এফালৰ পৰা ঢাঁহি-মুহি তেওঁলোকৰ ঘৰ-বাৰী আৰু বিদ্যালয় চূৰমাৰ কৰি দিলে আৰু সেই আৱাসীসকলে প্ৰতিবাদ কৰোঁতে দুজনৰ মৃত্যু ঘটালে। এই যুদ্ধসদৃশ পৰিস্থিতি এৰাই চলিব পৰা নগ’লহেঁতেন নে? উচ্ছেদিত লোকসকলৰ অধিকাংশই মুছলমান হোৱাৰ বাবেই তেনে দশা হ’ব লগা হ’ল নেকি? এয়ে শাসকীয় হিন্দুত্ববাদী দলৰ সফল অভিযান বুলি ধৰ্মীয় সংখ্যালঘু আৰু সংখ্যাগুৰুৰ ধৰ্মনিৰপেক্ষ লোকসকলে ভাবিবলৈ অৱকাশ থাকিল।

%d bloggers like this: