Monthly Archives: মে 2016

সম্পাদকীয়: আজিজুল হক

পৰিয়ালৰ গুৰুত্ব

মানৱ সমাজত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰায় ২৫০০ বছৰৰ পূৰ্বেই চীনা দাৰ্শনিক কন্‌ফুচিয়াচে কৈছিল যে এখন দেশ বা এটা জাতিৰ শক্তি নিৰ্ভৰ কৰে পৰিয়ালৰ সাধুতা আৰু পৰস্পৰৰ প্ৰেম-প্ৰীতিৰ ওপৰত। পৃথিৱীত মানৱ সৃষ্টিৰ লগতে পৰিয়ালৰো আৰম্ভণি। সেয়েহে ই সমাজৰ প্ৰাচীনতম আৰু প্ৰাথমিক গোট। এজন মানুহৰ সকলো গঢ়গতিত প্ৰধানতঃ পৰিয়ালে প্ৰভাৱ পেলায়। বংশানুযায়ী এটিৰ পৰা আন এটি প্ৰজন্মলৈ সাংস্কৃতিক পৰম্পৰা কঢ়িওৱাত পৰিয়ালে গৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। ই সমাজৰ সকলো কাৰুকাৰ্যৰ স্নায়ু কেন্দ্ৰস্বৰূপ। পৰিয়ালেই এখন দেশ বা সমাজৰ গাঁথনিৰ প্ৰাথমিক একক আৰু কোনো সমাজ বা দেশৰ উঠন-পতনৰ মূলতে পৰিয়াল।

সেয়েহে মানৱ জীৱনত পৰিয়ালৰ ভূমিকা অনুধাৱন কৰি ১৯৯৩ চনৰ ২০ চেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ ১৫ মে’ত “আন্তৰ্জাতিক পৰিয়াল দিৱস” পালন কৰা হওক। এই বাৰ্ষিক উদ্‌যাপনৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰাথমিক গোটস্বৰূপে পৰিয়ালৰ গুৰুত্ব উপলব্ধি কৰা আৰু বিশ্ব-পৰিস্থিতিত ইয়াৰ সম্পৰ্ক বিবেচনা কৰা। এই দিৱস যথাযথ পালনে পৰিয়ালৰ বিচাৰ্য বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰে আৰু সেইবিলাকৰ বিহিত ব্যৱস্থা ল’বৰ বাবে সুযোগ দিয়ে। এইবাৰৰ মূল বিষয় হৈছে, “পৰিয়াল, স্বাস্থ্যৱান জীৱন আৰু বহনক্ষম ভৱিষ্যত”।
শিক্ষাৰ প্ৰাথমিক কেন্দ্ৰ ঘৰখনেই। ইয়াতেই সন্তানসকলে প্ৰাৰম্ভিক শিক্ষা আৰু সামাজিকীকৰণৰ মৌলিক শিক্ষা লাভ কৰে। পৰিয়ালত প্ৰতিজনে নিৰাপত্তা অনুভৱ কৰে আৰু ইজন-সিজনৰ প্ৰতি দায়িত্ববোধ থাকে। পৰিয়াল একত্ৰিত কৰি ৰখা মূল কাৰক হৈছে তেজৰ সম্বন্ধ আৰু পৰস্পৰৰ মাজত মৰম-চেনেহৰ এনাজৰী। দৈহিক, আৱেগিক আৰু আৰ্থ-সামাজিক প্ৰয়োজনেৰে পৰিয়াল প্ৰতিষ্ঠিত। সৰু আৰু সুখী পৰিয়ালৰ মূলতে স্বামী-ভাৰ্যা বা পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সুসম্পৰ্ক। এই সম্পৰ্কৰ বুনিয়াদ হৈছে পৰস্পৰৰ মৰম-চেনেহ আৰু বিশ্বাস।
তথাকথিত যোজনা “দাম্পত্যৰ যোৰা ওপৰৰ পৰাহে হয়” বুলি ঈশ্বৰক আৰু ভাগ্যক ধিয়াই থাকিলেই নহ’ব, স্বামী-ভাৰ্যাৰ মধুৰ সম্বন্ধ গঢ়ি উঠাত দুয়োৰে গধুৰ দায়িত্ব থাকে। বিবাহ ইমান পবিত্ৰ আৰু স্বামী-ভাৰ্যাৰ সম্বন্ধ ইমান নিবিড় যে মৃত্যুৰ বিনে ইজন-সিজনৰ পৰা পৃথক কৰা নাযায়। আমাৰ সমাজত বিবাহ প্ৰথাক পবিত্ৰ আৰু স্বামী-ভাৰ্যাৰ আজীৱন প্ৰেম-বন্ধন বুলি স্বীকৃত যদিও বহুতো পৰিয়ালত বিবাহৰ কিছু দিনৰ পিচতে স্বামী ঘৰখনৰ মালিক হৈ পৰে আৰু ভাৰ্যা দাসীলৈ পৰ্যৱসিত হয়। সেয়েহে আমাৰ পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন লাগে যাতে দুয়োৰে সম মৰ্যাদা আৰু অধিকাৰ থাকে। পৰস্পৰৰ সন্দেহ আৰু পৰকীয় প্ৰেম দাম্পত্য কলহৰ মূল কাৰণ। অনেক সময়ত শহুৰ-শাহু, ননদ-বোৱাৰী, ককায়েক-ভায়েক, বায়েক-ভনীয়েক আদিৰ সঠিক সম্বন্ধৰ অভাৱতো পৰিয়ালত জঞ্জাল সৃষ্টি হয়। সেয়েহে পৰিয়ালৰ প্ৰত্যেকে সুসম্পৰ্কৰ প্ৰতি সচেতন হোৱা দৰকাৰ।

সন্তান বৈবাহিক জীৱনৰ আশীৰ্বাদ বুলি গণ্য কৰা হয়। বৰ্তমান পৰিস্থিতিত পৰিয়াল পৰিকল্পনা নিতান্ত প্ৰয়োজনীয়। এই ক্ষেত্ৰত কোনো ধৰ্মীয় বা সামাজিক হকাবধাক প্ৰশ্ৰয় দিব নালাগিব। অৱশ্যে আমাৰ সমাজত পৰিয়াল পৰিকল্পনাৰ সজাগতা সৃষ্টি হৈছে। সুখী পৰিয়ালৰ বাবে সন্তান সীমিত ৰখা আৱশ্যক। স্বাষ্ঠ্যৱান, জ্ঞানী আৰু চৰিত্ৰৱান সন্তান গঢ়ি তোলাত পিতৃ-মাতৃৰ গুৰু দায়িত্ব থাকে। সুখী পৰিয়ালৰ বাবে অৰ্থনৈতিক স্বাৱলম্বিতাও অতি প্ৰয়োজন। গোটেই পৰিয়ালতে কৰ্ম-দায়িত্ব থাকে আৰু সেইবিলাক ঘৰুৱা কামেই হওক বা বাহিৰৰ কামেই হওক পৰস্পৰৰ বুজাবুজিৰে ভগাই লোৱা প্ৰয়োজন। জীৱিকাৰ বাবে পিতৃ বা মাতৃ বা দুয়ো আঁতৰত থাকিবলগীয়া হ’লে আৰু শিক্ষাৰ বাবে ফুলকোমলীয়া সন্তানকো ছাত্ৰাবাসত ৰাখিবলগীয়া হ’লে সন্তানৰ লগত যোগাযোগ ৰখা আৰু সময়ে সময়ে তেওঁলোকক লগপোৱাৰ ব্যৱস্থা কৰা নিতান্ত দৰকাৰ যাতে সন্তানে অনবৰতে “অনুপস্থিত পিতৃ-মাতৃ” অনুভৱ নকৰে। সন্তানক মৰমেৰে অনুশাসনত ৰখা আৰু পিতৃ-মাতৃও সকলো প্ৰকাৰে তেওঁলোকৰ আৰ্হি হোৱা উচিত। তেহে সন্তানেও পিতৃ-মাতৃৰ বাবে গৌৰৱ অনুভৱ কৰিব।

পৰিয়াল জাতিৰ মেৰুদণ্ডস্বৰূপ আৰু সভ্যতাৰ আস্বাদন। ঘৰখনেই স্বৰ্গসদৃশ য’ত পৰিয়ালৰ সকলোটিয়ে আশ্ৰয়, জিৰণি আৰু নিৰাপত্তা অনুভৱ কৰে; একেলগে হাঁহি-ধেমালী কৰে, আঁচনি কৰে, কাম কৰে আৰু ঈশ্বৰৰ বন্দনা কৰে। এটি সুখী পৰিয়ালৰ মূলতে আদৰ্শজনক পিতৃ-মাতৃ, বাধ্য সন্তান আৰু ঘৰৰ সকলোটিৰ মাজত মান-আদৰ, অকপট মৰম-চেনেহ তথা পৰস্পৰৰ মাজত সুষ্ঠ আৰু আন্তৰিক সম্বন্ধ। তেনে পৰিয়ালেই সমাজৰ সুখ-সমৃদ্ধিৰ মূল উপাদান আৰু বিশ্ব-শান্তিৰ অমোঘ শক্তি।

Advertisements
%d bloggers like this: