Author Archives: সৃষ্টিৰ জিলিঙনি

সম্পাদকীয় – ~ ইন্দ্ৰনীল গায়ন

শিশুৰ ব্যক্তিত্ব আৰু জীৱন গঢ়াত: অন্বেষাৰ শিশু গ্ৰন্থমেলা-

গ্ৰন্থ হৈছে আমাৰ জাতিৰ, মাটিৰ প্ৰাণকেন্দ্ৰস্বৰূপ৷ গ্ৰন্থৰ অবিহনে আমাৰ জীৱন নিদাৰুণ৷
যুগৰ পৰা যুগ ধৰি আন এটা যুগলৈ ঠিক একেদৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ “গ্ৰন্থ” নিজস্ব স্বকীয়তাৰে উজলি আছে৷

সময় পৰিৱৰ্তনশীল৷ সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰন্থৰ প্ৰস্তুত পদ্ধতিও ভিন্ন হৈছে৷ উদাহৰণস্বৰূপে যদি আমি চাওঁ তেন্তে আমি পাম ” বৈদ্যুতিন কিতাপ” (ই-বুক)

তথাপি জানো গ্ৰন্থৰ আদৰ কমিব পাৰে?? ওহোঁ নোৱাৰে৷ আমি যেতিয়া এখন গ্ৰন্থ হাতত লৈ পঢ়িবলৈ আৰম্ভ কৰো৷ সেই সময়খিনি আমাৰ বাবে অপৰিসীম জ্ঞান, প্ৰজ্ঞা আৰু কাল্পনিক জগতৰ অন্বেষণ৷

সময়ে সময়ে বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত বছৰি গ্ৰন্থ বা সাহিত্য উৎসৱ অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়৷ ঠিক সেইদৰে অসমৰো বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানে গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে৷

তেনেস্থলত আমি জানো ক’ব পাৰিম গ্ৰন্থৰ আদৰ কমিছে বুলি??

যাহওক প্ৰশ্নটো গ্ৰন্থপ্ৰেমীসকললৈ এৰিছো

এতিয়া আহিছো অন্বেষাৰ শিশু গ্ৰন্থমেলাৰ মাজলৈ৷

আমি সততে শুনিবলৈ পাওঁ ‘ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ‘ কিন্তু শিশুসকলক সবল ব্যক্তিত্বৰ অধিকাৰী হ’বৰ বাবে প্ৰয়োজন মানসিক, আধ্যাত্মিক, সামাজিক, বৌদ্ধিক আৰু নান্দনিক কেউটা দিশৰ সঠিক ৰূপত বিকাশ হোৱা৷

আৰু এইক্ষেত্ৰত অন্বেষাই প্ৰতিবছৰে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিশেষভাৱে শিশুসকলৰ সৃজনশীল প্ৰতিভা বিকাশৰ বাবে গ্ৰন্থমেলা থলীত শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সাধুকোৱা, কুইজ, আবৃত্তি, সংগীতানুষ্ঠান, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰি আহিছে৷ এয়া নিশ্চয়কৈ প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ৷ আশা ৰাখিছো অভিভৱকসকলেও এই গ্ৰন্থমেলাখনিৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব৷

সদৌশেষত অন্বেষাৰ পৰিয়ালবৰ্গলৈ : চৰৈৱতি চৰৈৱতি