Monthly Archives: জুন 2014

সম্পাদকীয় –আজিজুল হক

মৌচুমীয়ে অসমবাসীলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে। সেয়ে প্ৰাণদায়িনী বৰ্ষাৰ আগমন। অসমৰ পথাৰ, খাল-বিল, জান-জুৰি আৰু নদ-নদীবোৰ পানীৰে উপচি পৰাৰ সমৰ সমাগত। কেউফালে সেউজ পৰিৱেশ। তাতে আকৌ বকুল ফুলৰ গোন্ধে আমোল-মোল হৈ উঠিছে আমাৰ চৌপাশ। খেতিয়কো পথাৰত নামিছে। বাৰিষাৰ অনেক সুফল আছে। অসমৰ লোক প্ৰধানকৈ কৃষিত নিৰ্ভৰশীল। খেতিৰ বাবে বৰষুণ নিতান্ত প্ৰয়োজন। তদুপৰি গ্ৰীষ্মৰ প্ৰখৰ তাপো বাৰিষাৰ বতাহ-বৰষুণে শাঁত কৰি ৰাখে। ধান, মৰাপাট আদি খেতিৰ উপৰি আম, কঁঠাল, লিচু, লেটেকু, পনীয়ল, জামু আদি ফলবিলাকো বাৰিষাৰে দান। আমাৰ জীৱন বাৰিষাৰ লগত ওতপ্ৰোতভাৱে জড়িত। বাৰিষাৰ অবিহনে অসমৰ ৰাইজে জীৱন ধাৰণ কৰাটোও যেন অসম্ভৱ।

বাৰিষাৰ কুফলো অনেক। প্ৰতি বছৰে অসমৰ বহুতো লোকে বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনৰ দুৰ্ভোগত জুৰুলা হৈ আহিছে। বানত লাখ-লাখ মানুহৰ ঘৰ, বাট-পথ আৰু খেতি-বাৰী আদি নষ্ট তথা জীৱ-জন্তু হানি হৈ আহিছে। আনকি প্ৰত্যেক বছৰে বানত ভালেমান মানুহে মৃত্যুবৰণ কৰিবলগীয়াও হৈছে। সেয়েহে বান নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। মাথাউৰি বান্ধোন আৰু ব্ৰহ্মপুত্ৰ খনন এই সমস্যাৰ পৰা নিস্তাৰ পোৱাৰ এটি পদক্ষেপ হ’ব। এই ক্ষেত্ৰত চৰকাৰে বিশেষ মোনোযোগ দিয়া পৰিলক্ষিত হোৱা নাছিল। সুখৰ বতৰা যে সাম্প্ৰতিক নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমৰ এই সমস্যাটিৰ প্ৰতি বিশেষ মনোযোগ দিব বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় জল সম্পদ আৰু নদী বিকাশ মন্ত্ৰী উমা ভাৰতীয়ে অসমৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিব বুলি কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিছে। আনকি এই বিষয়ে নৰেন্দ্ৰ মোদীয়েও নিৰ্বাচনী প্ৰচাৰত আশ্বাস দি গৈছে। কাৰ্যতঃ তেনে হৈ উঠিলে অসমৰ এই দীৰ্ঘকালীন সমস্যাটি বহু পৰিমাণে লাঘৱ হ’ব বুলি আশা কৰিব পাৰি।

%d bloggers like this: