Monthly Archives: ডিচেম্বৰ 2014

সম্পাদকীয় – -আজিজুল হক

:জেহাদীৰ আঁত ধৰি:

বৰ্তমান সংবাদ মাধ্যমত সঘনে প্ৰকাশিত আৰু উচ্চাৰিত শব্দটো হৈছে ‘জেহাদী’। শব্দটো শুনিলেই যেন আমাৰ গা শিয়ৰি উঠে আৰু মনলৈ আহে এচাম দীঘল দাৰিৰ ক’লা কাপোৰেৰে মুখ ঢাকি হাতত চোকা অস্ত্ৰৰে বধিবলৈ সস্তম হৈ থকা মুছলমান নামধাৰী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ‘জেহাদী’ শব্দটো আৰবীমূলক আৰু ইছলাম ধৰ্মীয়লোকৰ মাজত প্ৰচলিত বাবে মুছমানকেই দোষাৰূপ কৰা হয়। কিন্তু নামটোহে কথানে? ধৰ্মৰ নামত তেনে স্বভাৱৰ মানুহ, দল আৰু সংগঠন ক’তনো নাই?

ধৰ্মৰ নামত সন্ত্ৰাসৰ মূলতে হৈছে ধৰ্মান্ধতা বা যিসকলে ঈশ্বৰ কেৱল তেওঁলোকৰ পক্ষ বুলি দাবী কৰে আৰু তেওঁলোকৰ ধৰ্মমতেই একমাত্ৰ সত্য বুলি দম্ভালি মাৰি বাকী সকলোৰে প্ৰতি বিদ্বেষ মনোভাব পোষণ কৰে। তদুপৰি সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাৱত ধৰ্মৰ নামত তেওঁলোক সমাজত কূটাঘাতকাৰী আৰু সন্ত্ৰাসবাদীলৈ পৰ্যবসিত হৈছে। সেইসকলে উগ্ৰ আৰু কঠোৰ ধৰ্মীয় গোড়ামিৰে আৱগিকভাৱে উন্মাদ হৈ তেওঁলোকৰ মতবাদেই নিশ্চিত আৰু সত্য বুলি আঁকোৰগোজ হৈ থাকে আৰু অন্য সকলো মত বা ধৰ্মাৱলম্বীৰ বিপক্ষে যুদ্ধংদেহী মনোভাবত থাকে। শাস্ত্ৰীয়, ধৰ্মীয়, আনকি ভৌগোলিক পৰিসীমাৰ দাবীৰে তেওঁলোক মতগৰ্বী লোক। তেওঁলোকৰ সাধাৰণতে ৰাজনৈতিক উদ্দেশ্য থাকে আৰু ধৰ্মৰ নামত যিকোনো অস্ত্ৰ বা উপায় ল’বলৈ কুণ্ঠাবোধ নকৰে।

বিশ্বৰ ইতিহাসত ধৰ্মৰ নামত সৃষ্টি হোৱা বহুতো লোমহৰ্ষক বিভীষিকাৰ নজিৰ আছে। মধ্যযুগত ধৰ্মীয় নেতা পোপৰ নিৰ্দেশক্ৰমে ইউৰোপৰ খ্ৰীষ্টীয়ানসকলে তথাকথিত ‘পুণ্যভূমি’ অৰ্থাৎ পেলেষ্টাইনৰ জেৰুজালেম তেওঁলোকৰ মানত ‘অবিশ্বাসী’ অৰ্থাৎ মুছলমানসকলৰ দখলৰ পৰা পুনৰুদ্ধাৰৰ বাবে কৰা এলানি ধৰ্মযুদ্ধ বা ‘ক্ৰুছেদ’ত লাখ লাখ মানুহ নিহত হৈছিল। শ্ৰীলংকাৰ প্ৰধান মন্ত্ৰী চিৰিমাভো বন্দৰনায়কক এজন বৌদ্ধ ভিক্ষুৱে গুলিয়াই মাৰিছিল। অল-কাইদাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনে নিউয়ৰ্কৰ বিশ্ববাণিজ্য কেন্দ্ৰ আক্ৰমণকাৰিসকলক ভূয়সী প্ৰশংসা কৰি কৈছিল যে এই ধ্বংসলীলা ‘আল্লাৰপৰা অহা শাস্তি’। তাৰে বৰ্ষপূৰ্তি মানিবলৈ আমেৰিকাৰ এটি গিৰ্জাৰ পাষ্টৰে কোৰান জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তালিবানে পাকিস্তান আৰু আফগানিস্তানত, হিজবুল আৰু হামাছে মধ্যপ্ৰাচ্যত, অল-ছাবাবে কেনিয়াত, ব’কো হাৰামে নাইজেৰিয়াসহ আফ্ৰিকাৰ কেইবাখনো দেশত নিতৌ ধ্বংসলীলা চলাই আহিছে। সাম্প্ৰতিক খলিফা শাসনেৰে ইছলামিক ষ্টেটছ(IS) নামৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোটটোৱে ইৰাক আৰু চিৰিয়াত নৃশংস হত্যালীলা চলাই আছে।

স্বাধীন ভাৰতৰ ইতিহাস সাম্প্ৰদায়িক সংঘৰ্ষৰে ৰক্তাক্ত আৰু বিভীষিকাময় ঘটনাৰে পৰিপূৰ্ণ। ধৰ্মৰ নমত দেশ বিভক্ত কৰাৰ পৰিণাম হাজাৰ-বিজাৰ জনগণৰ জীৱন। মহাত্মা গান্ধীয়ে স্বাধীন ভাৰতৰ মুক্ত বতাহ পূৰামাত্ৰা ল’বলৈ নৌ পাওঁতেই হিন্ধুত্ববাদীৰ বলি হ’ব লগা হয়। ইন্দিৰা গন্ধীয়ে শিখ মৌলবাদীৰ প্ৰভাৱত নিজ দেহৰক্ষীৰ গুলীত মৃত্যুক সাবতি ল’ব লগা হয়। বাবৰি মছজিদ ধ্বংস প্ৰত্যক্ষ কৰা ৰাজনৈতিক নেতাকেইগৰাকীয়ে আনন্দত আটাহ পাৰি কৈছিল, ‘এক ঢাক্কা আউৰ দ’। ওড়িষাত অষ্ট্ৰলিয়াৰ কুষ্ঠৰোগী সেৱক গ্ৰাহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰক জীৱন্তে জ্বলাই ভস্মীভূত কৰাসকলে জয়ধ্বনি কৰি কৈছিল, ‘জয় শ্ৰীৰাম, জয় বজৰং বলী’। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ মতে এইবছৰ অক্টোবৰলৈকে দেশত ৫৬১ টা সাম্প্ৰদায়িক সংঘৰ্ষত ৯০ জনৰ মৃত্যু হৈছে। এইবিলাক মাথোন কেইটিমান উদাহৰণ।

‘শংকৰ-আজান’ৰ দেশ বুলি গৌৰৱ কৰি অহা অসমো সাম্প্ৰদায়িকতাৰ অভিশাপৰপৰা মুক্ত নহয়। বড়োভূমিত মুছলমান নিধন হৈছে। পশ্চিম বংগৰ বৰ্ধমানত ঘটা বিস্ফোৰণত অসমৰ জেহাদীও জড়িত থকাটো পোহৰলৈ আহাত চৰকাৰৰ তৎপৰতা দেখা গৈছে। ইয়াৰে বৰপেটাৰ ছাহনুৰ আলমক গ্ৰেপ্তাৰ কৰি জেৰা কৰি থকা হৈছে। আৰক্ষী তেওঁৰ সহযোগীসকলৰ সন্ধানত আছে। কিন্তু জেহাদী বিচৰা অভিযানৰ নামত যেন জধেমধে মুছলমানসকলক হাৰাশাস্তি কৰা নহয় তাৰ প্ৰতি সাৱধান হোৱা প্ৰয়োজন হৈছে। একেসময়তে মাদ্ৰাছা, জমিয়ত, মছজিদ, মন্দিৰ, গিৰ্জা, গুৰুদ্বাৰা আদিৰ লগতে বজৰং দল, বিশ্ব হিন্দু পৰিষদ, ৰাষ্টীয় স্বয়ং সেৱক সংঘ আৰু মুজাহিদীন আদি ধৰ্মৰ নামত প্ৰতিষ্ঠিত অনুষ্ঠান আৰু দলবিলাকৰ কাৰ্যকলাপৰ প্ৰতিও চোকা দৃষ্টি ৰখা উচিত।

ধৰ্মৰ নামত সংঘটিত হিংসাত্মক কাৰ্য সকলো জীৱৰে সৃষ্টিকৰ্তা ঈশ্বৰ বা আল্লা বা যিকোনো নামেৰে মাতিলেও সেই পৰম উপাস্যজনা কেতিয়াও সুখী হ’ব নোৱাৰে। বৰং তেনে কাৰ্য নৰবধ আৰু ঈশ্বৰ নিন্দাতকৈ গুৰুতৰ অপৰাধ। এটি সমীক্ষাত প্ৰকাশ যে বিশ্বত ধৰ্মৰ নামত আশী কোটিতকৈ অধিক লোকক হত্যা কৰা হৈছে। ‘গ্ল’বেল টেৰ’ৰিজ্‌ম ইণ্ডেস্ক’ৰ মতে ২০১৩ চনত ১৭, ৯৫৮ জন সন্ত্ৰাসবাদৰ বলি হৈছে। অথচ বুদ্ধদেৱ, মহাবীৰ, যীচু খ্ৰীষ্ট, হজৰত মহম্মদ, নানক, শংকৰাচাৰ্য, পৰমহংসদেৱ আৰু শংকৰদেৱ আদি ধৰ্মপ্ৰৱৰ্তক আৰু গুৰুসকলে বিশ্ব-প্ৰেম, ভাতৃত্ব, শান্তি আৰু অহিংসাৰ বাণীহে প্ৰচাৰ কৰিছিল। মনুস্মৃতিয়ে কয়, ‘যি কোনোৱে নৰবধ কৰে, সেয়া অতি জঘন্য অপৰাধ বুলি বিবেচিত হ’ব’। বাইবেলে কৈছে, ‘তুমি নৰবধ নকৰিবা’ আৰু ‘তুমি তোমাৰ শত্ৰুক প্ৰেম কৰিবা’; আৰু কোৰানে কয় যে আল্লাক জনাসকলৰ ‘অন্তৰত স্নেহ-প্ৰীতি দান কৰিছে’। ‘অহিংসা’ বৌদ্ধ ধৰ্মৰ মূল বাণী।

কোৰান, বাইবেল, মহাভাৰত, গীতা আদি ধৰ্মশাস্ত্ৰবিলাকৰ কোনো কোনো পদত হিংসাত্মক কাৰ্য বা ধৰ্মযুদ্ধ বা জেহাদৰ কথাত সন্মতি দিয়া যেন লাগে। কিন্তু সেইবিলাক সেই সময়ৰ অৰ্থাৎ ঐতিহাসিক পটভূমি আৰু প্ৰসংগৰ লগত সংগতি ৰাখি অন্যান্য পদবিলাক য’ত প্ৰেম, শান্তি, অহিংসা তথা আন্তঃসাম্প্ৰদায়িক মিলা-প্ৰীতিৰ কথা আছে সেইবিলাক সাৰোগত কৰি ব্যাখ্যা কৰা নিতান্ত প্ৰয়োজন। তদুপৰি কোনো নিৰ্দিষ্ট পদতে লাগি নাথাকি শাস্ত্ৰৰ সম্পূৰ্ণ বাণী ধ্যান আৰু গ্ৰহণ কৰা উচিত। তেনেহ’লে দেখা যাব যে ধৰ্মৰ নামত হিংসা কেৱল অপ্ৰাসংগিকেই নহয় ধৰ্ম বিৰোধীও। অন্যথা ধৰ্মীয় গোড়ামি আৰু আৱেগ-উন্মাদনাৰ বশৱৰ্তী হৈ অভিসন্ধি পূৰণৰ অৰ্থে তেনে শাস্ত্ৰাংশ বাছি লৈ অসমতাপূৰ্ণ তথা হিতাহিত বিচাৰ নকৰাকৈ ব্যাখ্যা কৰি পোনে পোনে বৰ্তমান বহুধৰ্মীয় আৰু বহুসাংস্কৃতিক সমাজত প্ৰয়োগ কৰিব বিচাৰিলে সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰি মানুহক যুযুৎসু কৰি তুলিব। নিজ ধৰ্মীয় বিশ্বাস অটুট ৰাখি আন সকলো ধৰ্মীয়লোক আনকি একো ধৰ্ম নমনা লোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পৰাটোহে ধৰ্মৰ সাৰকথা। বেজেপি নেতৃত্বাধীন চৰকাৰখনও ধৰ্ম নিৰপেক্ষ বুলি ৰাইজক কামে-কাজে পতিয়ন নিয়াবলৈ এতিয়াও বাকী।
-আজিজুল হক

%d bloggers like this: