আইলৈ চিঠি ණনিৰ্জন নীৰৱ বৰফুকন
য’ত আছো কুশলে নাই, আই
কুশলে নাই
সকলো সুলভ ইয়াত
মদ বেশ্যা গুলি ৰাজনীতি
শোক ভোক ধৰ্ণা দাংগা
মাজৰাতিৰ নাঙঠ চিঞৰ টিভিৰ বিজ্ঞাপন
পানীৰ দৰত মানুহ পণ্য প্ৰেম
দহৰম মহৰম শ্মশানৰ জুই
উদ্যান অৰণ্য সকলো জ্বলি ছাই
য’ত আছো কুশলে নাই, আই
ধেমাজি গণেশগুৰি জ্বলে
হাত ছিঙে তেজ ভাঙে
ধোঁৱাত চহৰ ওপঙে
খেপিয়াই চাওঁ
তোৰ তেজেৰে বাঢ়ি অহা মোৰ
হাত ভৰি চকু বুকু
মই মোক মৰা পাওঁ আই
য’ত আছো কুশলে নাই, আই
তোৰ কোলাৰ জামুবৰণীয়া দিনবোৰত
সেই যে তিৰাশী জ্বলিছিল
উৎকন্ঠাৰ গছৰোকা ৰাতি
দাং খুলি
বাৰে বাৰে দেউতা আহিছে বুলি
সযতনে থৈছো তোৰ আঁচলৰ সপোনটো
কিদৰে উভতো কচোন আই
সকলোতে নগৰ ফেৰৎ মানুহ
য’ত আছো কুশলে নাই, আই
পুনশ্চঃ শুনিছো তোৰ গাঁঠিৰ বিষটো উক দিছে
উফ্ দেউতাৰ বুকুৰ বিষটো
মই উভতিম আই
এই বন্দীশাল সেই পোতাশাল এৰি
মই উভতিম
Posted on 10 জুলাই, 2015, in কবিতা. Bookmark the permalink. মন্তব্য দিয়ক.
মন্তব্য দিয়ক
Comments 0