Monthly Archives: জানুৱাৰী 2014

সম্পাদকীয়

এখন ৰাজ্যৰ জাতি-ধৰ্ম নিৰ্বিশেষে সকলোলোকে স্বতঃস্ফূৰ্তভাৱে পালন কৰা উৎসৱক জাতীয় উৎসৱ বোলা হয়। সেই হিচাপে বিহু আমাৰ জাতীয় উৎসৱ। ইয়াত নিহিত আছে অসমীয়া জাতিৰ উমৈহতীয়া কৃষ্টিকলাৰ পৰম্পৰা। এতিয়া মাঘ বা ভোগালী বিহুৰ বতৰ। এতিমধ্যে পথাৰৰ শস্য চপোৱা শেষ হৈছে। হাড় কঁপোৱা আৰু ঠেৰেঙালগা শীতৰ প্ৰায় অৱসান ঘটাৰ সময়। ঘাঁহ-পানীৰে ঘৰচীয়া জন্তুও হৈছে নিটোল। ন-চাউলৰ লগতে তিল, মাহ, আলু আদিৰেও উপচি পৰে। সাময়িকভাৱে হ’লেও গাঁৱৰ দুখীয়াৰো অভাৱ গুছে। পিঠা-পনা, লাড়ু, সান্দহ, গাখীৰ-পায়স আদি খাই এই বিহু পালন কৰা হয়। সেয়েহে ই ভোগালী বিহু। খেল-ধেমালিৰো পয়োভৰ হয় এই ভোগালীত। পথাৰত মেজি জ্বলাই যে কেনে আনন্দ লাগে! ৰাতি ভোজ-ভাত খাই গীত-বাজনা কৰি মেজিৰ জুই পুৱাৰ আনন্দই বেলেগ। সৰুৱে ডাঙৰৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ বিচাৰে আৰু ডাঙৰেও সৰুক আশীৰ্বাদ কৰি মৰম যাচে। কিন্তু বিহুৰ মাদকতা আৰু সৌন্দৰ্য হ্ৰাস কৰা আন এটি অপসংস্কৃতিয়েও গা-কৰি উঠিছে। সেয়ে হৈছে বহুতে আনৰ বাৰীৰ বেৰা, ঘৰৰ আচ-বাব আৰু হাঁহ-কুকুৰা আদি চুৰ কৰে। এইয়া নিতান্তই পৰিহাৰ কৰা উচিত। বিহুৰ হৈতিহ্য আৰু পৱিত্ৰতা ৰক্ষা কৰাৰ দায়িত্ব আমাৰেই। সকলোটিলৈ ভোগালীৰ শুভেচ্ছা যাচিলো।

Advertisements
%d bloggers like this: