Monthly Archives: চেপ্তেম্বৰ 2014

সম্পাদকীয় ණআজিজুল হক

ভাৰতীয় সংবিধানৰ এটি বিশেষত্ব হৈছে ‘ধৰ্মনিৰপেক্ষতা’ যিটো ‘সৰ্বধৰ্ম সমভাৱ’ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ইৰানৰ ৰাষ্ট্ৰীয় ধৰ্ম ইছলাম। সেইদৰে ডেনমাৰ্কৰ খ্ৰীষ্টীয়ান, কম্বোদিয়াৰ বৌদ্ধ, নেপালৰ হিন্দু। কিন্তু ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতবৰ্ষই ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। ধৰ্মৰ ভিত্তিত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰই কোনো বৈষম্য ৰাখিব নোৱাৰে। প্ৰত্যেক নাগৰিককে নিজ পচন্দৰ ধৰ্ম বিশ্বাস কৰা, মানি চলা আৰু প্ৰচাৰ কৰিবলৈ মৌলিক অধিকাৰ দিছে। পৰিতাপৰ বিষয় যে দেশৰ নেতাসকলে কেৱল নিৰ্বাচনৰ ৰণ-কৌশলস্বৰূপে সৰ্বসাধাৰাৰণৰ আগত ‘ধৰ্মনিৰপেক্ষ’ শব্দটি সঘনে ব্যৱহাৰ কৰি এই আদৰ্শৰ দোহাই দি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈহে চেষ্টা কৰে।

যি ৰাজনৈতিক দলেই ক্ষমতাত নাথাকক লাগে আমাৰ স্বাধীনতাৰ ৬৮ বছৰতো সংবিধানৰ নীতি-আদৰ্শ বাস্তৱত ৰূপায়িত হৈ উঠা নাই। ধৰ্ম ৰাজনীতিকৰণ আৰু ৰাজনীতি সাম্প্ৰদায়িকীকৰণে সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ গাঁথনি থানবান কৰি দিয়াৰ উপক্ৰম হৈছে। তাতে ধৰ্মীয় মৌলবাদীৰ লগত সাম্প্ৰদায়িক ৰাজনীতি জোঁট হৈ ধৰ্মনিৰপেক্ষতাৰ অৱক্ষয় ঘটোৱা আৰু সাম্প্ৰদায়িক সংঘাত বৃদ্ধি কৰোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ দীৰ্ঘকালীন গণতান্ত্ৰিক ব্যৱস্থা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণে আন্তৰ্জাতিক সম্প্ৰদায়ক চমক লগাব পাৰিছে যদিও সাম্প্ৰদায়িক সংঘাত বিশ্বদৰবাৰত এক কলংকিত অধ্যায় বুলি বিবেচিত হৈছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নকৰিলেও হিন্দু ধৰ্মাৱলম্বীসকলৰ একো ক্ষতি নহয়। অৱশ্যে দুই সম্প্ৰদায়ৰ মাজত বুজাপৰাৰে হ’লে বেলেগ কথা।

দেশপ্ৰেম সকলো ধৰ্মৰে অন্তৰ্নিহিত শিক্ষা। যি ধৰ্মীয় লোকেই নহওক লাগে, ভাৰত সকলো ভাৰতীয়ৰ বাবে আৰু কোনো ধৰ্মই জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদৰ পৰিপন্থী নহয়। প্ৰত্যেক নাগৰিকৰে সংবিধান প্ৰদত্ত ধৰ্মনিৰপেক্ষতা বজাই ৰখাৰ দায়িত্ব আছে। সমাজত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ হ’লে আন্তঃসাম্প্ৰদায়িক বুজাপৰা আৰু সদ্ভাৱ তথা ধৰ্মীয় সহিষ্ণুতা নিতান্ত প্ৰয়োজন। সাম্প্ৰতিক অসম, গুজৰাট আৰু কাশ্মীৰক লক্ষ্য কৰি অল কায়দা নামৰ দুৰ্ধৰ্ষ আন্তঃৰাষ্ট্ৰীয় মৌলবাদী সংগঠনটিয়ে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। ইয়াক ভাৰতৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে প্ৰতিৰোধ কৰি ভাৰতীয় ধৰ্মনিপেক্ষতাৰ আদৰ্শ বিশ্বৰ আগত প্ৰতিষ্ঠিত কৰাত আমাৰ সকলোৰে দায়িত্ব আছে। শংকৰ-আজানৰ অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই।

%d bloggers like this: