Monthly Archives: মে 2014

সম্পাদকীয় – আজিজুল হক

“অ’ মোৰ আপোনাৰ দেশ! অ’ মোৰ চিকুণি দেশ!
এনেখন সুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ”

অসম আজি বধ্যভূমিত পৰিণত হৈছে। সাম্প্ৰতিক ঘটি যোৱা বি টি এ ডিৰ গণহত্যা তাৰেই জ্বলন্ত প্ৰমাণ। এই বীভৎস ঘটনা নিৰ্বাচনকেন্দ্ৰিক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। ইয়াৰ কাৰণ সাম্প্ৰদায়িক এনেকি অবৈধ বিদেশী নাগৰিকৰ সমস্যাও নহয়। সৰ্বসাধাৰণ লোকৰ নিৰাপত্তা প্ৰদান, সমাজত শান্তি ৰক্ষা আৰু পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে। নৰহত্যাত চৰকাৰী বন কৰ্মীও জড়িত বুলি বাতৰিত প্ৰকাশ। শাসকীয় কংগ্ৰেছৰে মিত্ৰদল বি পি এফৰ ৰাজনীতিকৰ লেকামবিহীন আৰু প্ৰৰোচনামূলক বক্তব্যই যেন সুপ্ত আগ্নেয়েগিৰি জাগ্ৰত কৰি তুলিলে। গতিকে অগ্নিগৰ্ভা পৰিস্থিতি চৰকাৰৰৰে সৃষ্টি বুলিলেও অত্যুক্তি কৰা নহ’ব। তাতে অত বছৰে চৰকাৰে অবৈধ অস্ত্ৰ জব্দ নকৰি আওপকীয়াকৈ হ’লেও হত্যা-হিংসা ঘটিবলৈ সেউজ সংকেত দি ৰখিছেই। অতি শীঘ্ৰে প্ৰাক্তন বিদ্ৰোহীয়ে অস্ত্ৰ সম্বৰণ কৰাৰ ব্যৱস্থা লোৱা দৰকাৰ। অঞ্চলটিৰ সকলো জাতি, জনগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মাজত পৰস্পৰৰ আস্থাৰ বাতাৱৰণ সৃষ্টি কৰি মিলা-প্ৰীতিৰ ভাব ঘূৰাই অনাত চৰকাৰৰ লগতে ৰাইজৰ একাণপতীয়া প্ৰচেষ্টা থাকিব লাগিব। বড়ো-অবড়ো সকলো জনগোষ্ঠী লোকৰ নিৰাপত্তা নিশ্চিত হওক।

এতিয়া সকলোৰে দৃষ্টি নিবন্ধ ১৬ মে’ত। লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অধিৰ উৎকণ্ঠাত। যি দলেই চৰকাৰ গঠন নৰক আৰু যিয়েই প্ৰধানমন্ত্ৰী নহওক লাগে পৰিৱৰ্তন আমাৰ কাম্য। বি জে পিক বহুতে সাম্প্ৰদায়িক দল বুলি কয় যদিও আমি পাহৰিব নালাগে যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতেই বাব্‌ৰি মচ্‌জিদ ধ্বংস কৰা হৈছিল। স্বাধীনোত্তৰ ভাৰতত দলীয় স্বাৰ্থত যিকোনো দলেই নিকৃষ্ট ৰাজনীতি খেলি সাম্প্ৰদায়িক হৈ পৰা বহুতো উদাহৰণ আছে। নতুন চৰকাৰ যেন তেনে অৱস্থালৈ পৰ্যৱসিত নহওক। নিৰ্বাচনৰ ফলাফলে অসম চৰকাৰকো থৰক-বৰক কৰি দিয়াৰ সম্ভাৱনা প্ৰকট। সেয়ে হয়তো ভালৰ বাবেই হ’ব। অৱশ্যে যিয়ে দিল্লীৰ মছনদ অধিকাৰ নকৰক লাগে আমি কেন্দ্ৰৰ পৰা অধিক আশা কৰিব নোৱাৰো। উত্তৰ-পূৱ ভাৰতৰ প্ৰতি দিল্লীৰ আওকণীয়া মনোভাব আগৰে পৰা আছে। আমাৰ উন্নতি আমাৰ হাততে। তাৰ বাবে লাগে ৰাজ্যখনত সৎ, নিকা আৰু দক্ষ নিৰ্বাচিত চৰকাৰ আৰু কৰ্মনিষ্ঠ ৰাইজ।

Advertisements
%d bloggers like this: