Monthly Archives: অক্টোবৰ 2015

সম্পাদকীয়

নতুন দিল্লীৰ কফিনত অসম চুক্তি

ক্ষমতালৈ আহিলে অসম চুক্তিৰ সকলো দফা পালন কৰিব আৰু অবৈধ বিদেশী নাগৰিকে
টালি-টোপোলা বান্ধিব লাগিব বুলি অসমৰ ৰাইজক মোহাচ্ছন্ন কৰি বিপুল ভোটেৰে
জয়ী হৈ নতুন দিল্লীৰ মচনদ দখল কৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰে এতিয়া ওলোটা খৰ
মাৰি অসমক বিদেশী নাগৰিকৰ অতিৰিক্ত বোজা জাপি দিবলৈ তৎপৰ হৈছে। অসম
চুক্তি অনুযায়ী উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তি
কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থাকোঁতেই বাংলাদেশ
আৰু পাকিস্তানৰপৰা ২০১৪ চনৰ ৩১ ডেচেম্বৰ পৰ্যন্ত ভাৰতত অনুপ্ৰৱেশ কৰা
অমুছলমান বিদেশী নাগৰিকক স্বদেশী সজাবলৈ কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি
কৰিছে। অবৈধ বিদেশী নাগৰিকৰ অধিক ভাগেই মুছলমান আৰু অমুছলমানৰ ৯০ শতাংশ
মানেই হিন্দু। সেয়েহে সাংসদ সুব্ৰমণিয়ম স্বামীয়ে কোৱা ‘অসম চুক্তি
অপ্ৰাসংগিক আৰু বাংলাদেশী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত হ’লে ভাৰতত থাকিব
পাৰিব’ কথাষাৰৰ লগত চৰকাৰৰ অধিসূচনাৰ মৌলিক পাৰ্থক্য দেখা নাযায়। ইয়াৰ
দ্বাৰা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনৰ হিন্দুত্ববাদীৰ
স্বৰূপটো প্ৰকট হৈ পৰিছে। আনহাতে কেৱল ধৰ্মৰ ভিত্তিত ‘মানৱীয়তা’ আওপাকে
ভোট বেংকৰ ৰাজনীতিহে। এই অধিসূচনা জাৰি কৰাৰ লগে লগে কৃষক মুক্তি মৰ্চা
আৰু ৰাজনৈতিক দলহিচাপে অসম গণ পৰিষদে তীব্ৰ প্ৰতিবাদ কৰিছে। কিছু পলমকৈ
হ’লেও সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও
প্ৰতিবাদ কৰিছে। অসমৰ জাতি-ধৰ্ম-বৰ্ণ আৰু ৰাজনৈতিক দল বা সন্থা
নিৰ্বিশেষে সকলোৱে প্ৰতিবাদ কৰা উচিত। চৰকাৰে অধিসূচনা বাতিল কৰি
ধৰ্মনিপেক্ষতাৰ আদৰ্শ বজাই ৰাখক আৰু শংকৰ-আজানৰ দেশ বুলি খ্যাত অসমীয়া
সমাজখন যেন ধৰ্মৰ নামত ৰাজনৈতিক মেৰুকৰণ বা বিভাজন কৰা নহয় তাৰ প্ৰতি আমি
সচেষ্ট হৈ থাকিব লাগিব। ৮৫৫ জন ছহিদৰ তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তি
চৰকাৰে কোনো পধ্যেই কফিন বা শৱাধাৰলৈ নিক্ষেপ কৰিব নোৱাৰিব। কেন্দ্ৰৰ
হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজে মাৰ বান্ধি থিয় দিবই লাগিব। জয় আই
অসম!
– আজিজুল হক

%d bloggers like this: