Monthly Archives: ফেব্ৰুৱাৰী 2015

সম্পাদকীয় -আজিজুল হক

ইউনিক’ডত অসমীয়া লিপি আৰু অসম সাহিত্য সভাৰ স্থিতি

ইউনিক’ডত অসমীয়া লিখন পদ্ধতিৰে ভাষাটি বিশ্বজনীন কৰাৰ সুযোগ ঘটিছে যদিও এতিয়াও অসমীয়া লিপি পৰিচয় বিহীন হৈ আছে। কিয়নো ইউনিক’ড এনেকি ভাৰত চৰকাৰৰ মতেও অসমীয়া ভাষা বাংলা লিপিৰেহে লিখা হয়। এই বিষয়ে যোৱা পাঁচ বছৰৰ পৰা কাকত আৰু আলোচনী আদিত ভালেমানজনৰ লেখা প্ৰকাশ হৈ আহিছে। কিন্তু যি ক্ষেত্ৰত অসমীয়া ভাষা-সাহিত্যৰ ধ্বজাবাহী জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ভাষাৰ প্ৰাণস্বৰূপ অসমীয়া লিপিৰ প্ৰতি কৰা এই অন্যায়ৰ প্ৰতিবাদ কৰি বিহিত ব্যৱস্থা ল’বৰ বাবে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আমেৰিকাৰ কেলিফোৰ্নিয়াস্থিত ইউনিক’ড কনৰ্চটিয়ামৰ ওচৰত দাবী উত্থাপন কৰিব লাগিছিল, তেনে ক্ষেত্ৰত অনুষ্ঠানটিৰ দুৰ্বল স্থিতি ভাষাটিৰ বাবেই হানিকৰ।

সাহিত্য সভাত এই বিষয়ে নামমাফিক আলোচনা হৈছে যদিও কোনো ইতিবাচক ভূমিকা আৰু কাৰ্য-তৎপৰতা পৰিলক্ষিত হোৱা নাই। সভাই প্ৰথমে বাংলা লিপিৰ পৰিৱৰ্তে ‘পূব-নাগৰী’ নাম ৰাখিবলৈ প্ৰস্তাৱ লৈছিল। প্ৰতিবাদত সেও মানি তাৰ পৰিৱৰ্তে ‘কমৰূপী’ বুলি নামকৰণ কৰাৰ সিদ্ধান্ত মাথোন লৈ ৰাখিছে। অসমীয়া লিপি ‘পূব-নাগৰী’ বুলি নামকৰণ কৰাৰ কোনো যুক্তি আৰু তথ্য নাই। কিয়নো নাগৰীতকৈ অসমীয়া লিপি পুৰণি আৰু ইয়াৰ গঢ়-গঠনো নাকৰিকৰ লগত নিমিলে। ঐতিহাসিক ভিত্তিত অসমীয়া আৰু বাংলাৰ উমৈহতীয়া নাম কামৰূপী ৰখাৰ যুক্তি আছে যদিও বংলাভাষীসকলে ইয়াক মানি ন’লব কিয়নো ভাৰত চৰকাৰ আৰু ইউনিক’ডৰ মতেও বাংলা এটা প্ৰতিষ্ঠিত লিপি। যোৱা বছৰৰ ২৫ আৰু ২৬ মে’ত এই বিষয়ে সাহিত্য সভাই গুৱাহাটীত এটি জাতীয় অভৱৰ্তন আয়োজন কৰিছিল। কিন্তু ইয়াতো পূৰ্বৰ স্থিতি কামৰূপীতকৈ আগবাঢ়িব নোৱাৰিল যদিও এই অভিৱৰ্তনতে কেইজনমান আলোচকে অসমীয়া লিপিৰ বাবে সুকীয়া স্থান বিচৰাতহে সজোৰে যুক্তি দৰ্শাইছিল। কবিয়াবৰত অনুষ্ঠিত ত্ৰিসপ্ততিতম অধিৱেশনত ‘ইউনিক’ড আৰু অসমীয়া ভাষা: সংশয় আৰু সম্ভাৱনা’ শীৰ্ষক এটি আলোচনা সত্ৰ পাতিছিল যদিও কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিলে। অথচ আন বিষয়ত সভাই ৭ টা প্ৰস্তাৱ গ্ৰহণ কৰিলে। আনকি নৱ নিৰ্বাচিত মাননীয় সভাপতিৰ অভিভাষণতো লিপিৰ এই জ্বলন্ত সমস্যাটিৰ নামগোন্ধেই নোলাল। তেনে ক্ষেত্ৰত আমি কি আশা কৰিব পাৰোঁ এই জাতীয় অনুষ্ঠানটিৰ পৰা? সেয়েহে অসমীয়া ভাষা-লিপিৰ ন্যায্যতাৰ বাবে সাহিত্য সভাকে আশা পালি নাথাকি যি পাৰোঁ আমি নিজে লাগি থকা উচিত। তেহে আমি ‘চিৰ চেনেহী মোৰ ভাষা জননী’ কোৱা সাৰ্থক হ’ব।

Advertisements
%d bloggers like this: