Monthly Archives: মাৰ্চ 2013

গ্ৰন্থ সমালোচনা : দেৱাশ্ৰী বৰগোহাঁই

গ্ৰন্থ সমালোচনা :- পাতাল ভৈৰৱী

১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত ড০ লক্ষ্মীনন্দন বৰাদেৱৰ উপন্যাসখনে অন্তৰত সাঁচ বহুৱাই গ’ল | সমাজৰ বহুতো অলিখিত অধ্যায় লেখকে যি সাহসেৰে উপস্থাপন কৰিছে সেইয়া সঁচাকৈয়ে প্রশংসনীয় |

অসমৰ ক’লা বজাৰৰ বহুতো অবিদিত অধ্যায় বেকত হৈছে উপন্যাসখনত| উপন্যাসখনৰ মুখ্য চৰিত্র হৈছে মুকুন্দ | ঘটনাৰ পাকচক্রত কান্ধুলিজানৰ সহজ সৰল মুকুন্দ সোমাই পৰে ক’লা বজাৰখনত| নিজৰ বুদ্ধি, শক্তিৰে লাহে লাহে হৈ পৰিছে পাতাল জগতৰ সম্রাট|  কিন্ত্ত লগে লগে অন্তৰদ্বন্দত ভুগিছে তেওঁ, সুখী হ’বলৈ কৰা সকলো চেষ্টাই বিফল হৈছে, বিচাৰি হাবাথুৰি খাইছে জীৱনৰ প্রকৃত অৰ্থ| পথ দেখুৱাইছে কেন্সাৰ ৰোগাক্রান্ত শয্যাশায়ী পত্নী যশোৱা আৰু স্বামী ধীৰেণ ৰংপিয়ে|  ব্রতী হৈছে সমাজ সেৱাৰ কামত| কিন্ত্ত পাৰিল জানো পাতাল নগৰীৰ পৰা নিস্তাৰ পাব| সমাজ সেৱা কৰিবলৈ গৈয়ো পাতাল জগতৰ বোকাৰে নিজকে লেটিয়াব লগা হৈছে| সমাজৰ মৰমৰ আকুল আহ্বান উলাই কৰিব নোৱাৰি সোমাই পৰিছে ৰাজনীতিত| ৰাজনীতিৰ কুচক্রান্তীয়ে অপৰাধী সজাইছে তেওঁক| কাৰাগাৰত থকা অৱস্থাত মৰম ভালপোৱা দেখি আপ্লুত হৈছে|  সাৰ্থক হৈছে তেওঁৰ মানৱ জীৱন|  |

কিতাপখনৰ পাতালজগতৰ কাহানীয়ে মনত ভাৱৰ বুৰবুৰণি তোলে| মানুহ কিমান নিৰ্দয় হ’ব পাৰে তাৰ ছবি অঁকা আছে পাতাল ভৈৰৱীত| কিতাপখনৰ অবিচ্ছেদ্য অংগ হ’ল মৌচম মঞ্জিল নাম ভৱন এটা| ইয়াৰে একছত্রী সম্রাট ইৰ্শ্বাদ খাঁ আৰু সোঁহাতস্বৰূপ মুকুন্দ খাওন্দ | এই মৌচম মঞ্জিলৰ পৰা নিৰ্দেশ আহে মঙহ কাছই খাব লাগিব | লগে লগে আৰম্ভ হয় হত্যাযজ্ঞ |
বানপানীগ্রস্ত লোকৰ আৰ্তনাদে কঁপাই তুলিছে কিতাপখনৰ পৃষ্ঠা | সজল কৰিছে পঢ়ুৱৈৰ চকু |
ৰাজনীতিৰ বতাহে চুই গৈছে উপন্যাসখনকো | ৰাজনৈতিক মহল আৰু পাতাল জগতৰ সম্পৰ্কৰ স্বাক্ষৰ বহন কৰিছে উপন্যাসখনৰ পাতে | সমসাময়িককালৰ ঘটনাৰ অৱতাৰণাই অধিক সুন্দৰ কৰি তুলিছে কিতাপখন | সঁচা অৰ্থত ক’বলৈ গ’লে এখন সাৰ্থক উপন্যাস জ্যোতি প্রকাশনৰ পৰা প্রকাশিত ১৫০ টকা মূল্যৰ ২৮৪ পৃষ্ঠা কলেৱৰৰ পাতাল ভৈৰৱী|

%d bloggers like this: