Monthly Archives: ডিচেম্বৰ 2012

কৌতুক : সাৰদা শ্ৰেষ্ঠ

গুৱাহাটী পাণবজাৰৰ কিতাপৰ দোকান এখনত কিতাপৰ গোন্ধ লোৱাত ব্যস্ত এগৰাকী কলেজীয়া ছাত্ৰী । এনেতে আৰু এজন ছাত্ৰ দোকানখনলৈ সোমাই আহিল । তেৱোঁ দুখনমান কিতাপ বিচাৰি আহিছে । কিতাপ কেইখন লিৰিকি-বিদাৰি চোৱাৰ মাজতে ল’ৰাজনে ছোৱালীজনীলৈ চাই সুধিলে – “তুমি কোনখন কলেজত পঢ়া ?”  ছোৱালীজনীয়ে উত্তৰ দিলে – “আৰ্য্য বিদ্যাপীঠ কলেজ” । “উমমম”…….ল’ৰাজনৰ উত্তৰ শুনি ছোৱালীজনীয়ে ভদ্ৰতাৰ খাতিৰত তাক সুধিলে – “তুমি কোন কলেজত পঢ়া ?” সি নিৰ্লিপ্ততাৰে উত্তৰ দিলে – “ললিত চন্দ্ৰ ভঁৰালী”। তাৰ কথা শুনি ছোৱালীজনীয়ে আকৌ সুধিলে – “অ,’… হয়নেকি……কোন কলেজত পঢ়া ?” ল’ৰাজনে আকৌ ক’লে – “ললিত চন্দ্ৰ ভঁৰালী” । এইবাৰ ছোৱালীজনীৰ পেটে পেটে খং উঠিল – “(ইহ….তাৰ নামটোবা কোনে সুধিলে) তোমাৰ নাম সোধা নাছিলো, তোমাৰ কলেজৰ নামটোহে সুধিছোঁ।” সি এইবাৰ অলপ হাঁহিলে, ক’লে – “মোৰ কলেজৰ নামেই ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়”

%d bloggers like this: