জীৱনৰ এখিলা পাত (হাও মাচ্চ লেণ্ড ডাজ এ মেন নীড্) ණমল্লিকা কলিতা, অল-খোৰ, কাটাৰ

সৰুৰে পৰা দেখিছোঁ দেউতাই কোনো লোকৰ টকা-পইচাৰ প্ৰতি লালসাৰ খবৰ কিম্বা
প্ৰতিবেশীয়ে আমাৰ চৌহদৰ ভিতৰলৈ পেচাব-পায়খানাৰ পানী বোৱাই পঠিয়ালে সদায়
নিৰুদ্বেগ, নিৰুত্তাপ চিত্তে হয়তো দূৰদৰ্শন নহ’লে বাতৰিকাকতত মূৰ গুজি
বহি ৰয়। নাইবা আমি দেউতাক আৰু দুই তিনি ঠাই মানত মাটি কিনি থ’লে আজি
কিমান টকাৰ মালিক দেউতা হ’ব পাৰিলেহেতেঁন বুলিলেও দেউতা নিৰ্বিকাৰ। দেউতা
সদায় যিখিনি আছে তাতেই সন্তুষ্ট! দেউতাৰ মুখত এটা বাক্য চিৰলগৰী- ‘how
much land does a man need!’ আৰু আমি হাজাৰ আপত্তি কৰিলেও গল্পটি আমাক
শুনাই এৰিবই। সাতগাঁৱৰ মাটিখিনি দালালক পানীৰ দৰত বিকি দিয়াৰ কথা
উলিয়ালেও একেই সুদুত্তৰ পাওঁ আমি!

মোৰ গৃহস্থও বৰ বেমেজালি আদিৰ ভিতৰত সোমাই ভাল নোপোৱা ব্যক্তি। তেখেতৰ
পিছে এটা উগ্ৰ খং আছে, সেইটো সেইসকলৰ বিৰুদ্ধে যিয়ে ঠগাবলৈ চেষ্টা কৰে।
এবাৰ মুৰ্গী বেপাৰী এজনে ওজনত ঠগাবলৈ কৰা কাণ্ড কাৰখানা নীৰৱে লক্ষ্য কৰি
আছিল। শেষত খঙৰ ভমকত মুৰ্গীটো বেপাৰীৰ গালৈকে মাৰি পঠিয়ায়। কিমান জোৰেৰে
মাৰিব লাগিব যে বেচেৰা মুৰ্গীটোৰ ঠেং এখনেই ছিগি গৈছিল। মই হতবাক শুনি!
বেচেৰা মুৰ্গীটোৰ নো কি দোষ আছিল?

২০০৮ চনৰ মাজভাগৰ পৰা হঠাৎ তেখেতৰ শ্লিপ’ ডিস্কৰ সমস্যাই দেখা দিয়ে।
বাওঁহাতখন দাঙিবই নোৱাৰা প্ৰায়। ডাঙৰ ছোৱালী আঢ়ৈ বছৰীয়া তেতিয়া। প্ৰায়ে
দেউতাক ঘৰত থকা অৱস্থাত দেউতাকৰ কোঁচত উঠিবলৈ বিচাৰে; কিন্তু বিষত
জৰ্জৰিত দেউতাকে উমলিব বিচৰা জীয়ৰীক নিৰাশ কৰে। গুৱাহাটীৰ এগৰাকী
চিকিৎসকে যিখিনি ক’লে তাৰ সাৰমৰ্ম হ’ল- ততাতৈয়াকৈ অপাৰেচন নকৰালে তেখেতৰ
জীৱনলৈ অমানিশা নামি আহিব! হাউলি কিবা বস্তু উঠাবলৈ গ’লে মৃত্যু
অৱশ্যম্ভাৱী!! সন্মুখত মৃত্যুৰ কিৰিলি শুনি কোন বা ভীতিগ্ৰস্ত নহ’ব? শিশু
কন্যা আৰু মোৰ সুৰক্ষিত ভৱিষ্যতৰ চিন্তাই তেওঁক গিলিবলৈ লাগিল। কোৱা
বাহুল্য মাথো, এজন ড্ৰাইভাৰৰ সহায়ত কেইদিনমান আমাক দুয়োকে মাৰ ঘৰত আৰু
নিজে নিজৰ ওপজা ঘৰখনত থকাৰ বন্দবস্ত কৰা হ’ল। তেনে কৰাৰ কাৰণ জীয়ৰীক
কোঁচত লোৱাৰ পৰা সাময়িক সকাহ। অলপ জিৰণি…
তেখেতৰ নলে-গলে লগা বন্ধুৰ সহায়ত এটি ফ্লেট বুক কৰে আমাৰ ভৱিষ্যত
নিৰাপত্তাৰ্থে। সেইসময়ত মোটা অংকৰ ধনৰাশি পূৰ কৰিবলৈ যাওঁতে বেংকৰ ঋণ
বিশাল সূতসহ হেলাৰঙে চপাই লৈছিল নিজ কান্ধত। নিজ খুড়াকৰ অকাল মৃত্যুত কণ
কণ তিনিটা সন্তানসহ খুড়ীয়েকৰ বিলাই বিপত্তিৰ সাক্ষী আছিল যে তেখেত।
খুড়ায়েকে স্থায়ী ঘৰ-বাৰী কৰি যোৱাত বহুখিনি সকাহ পাইছিল পৰিয়ালটোৱে।
ক্ষীপ্ৰ সিদ্ধান্ত লোৱাত আগভাগ লৈছিল গৃহস্থৰ অসুখ আৰু খুড়াকৰ মৃত্যুৱে।

গৃহস্থৰ শ্লিপ ডিস্ক’ৰ সমস্যা দিল্লীৰ চিকিৎসকৰ ওচৰত বিনা অস্ত্ৰোপচাৰে
ভালৰ ফাললৈ আহিছিল। কোনো সুহৃদজনৰ অসমৰ বাহিৰলৈ যাবলৈ কোৱা দিহা-পৰামৰ্শই
সঠিক সময়ত সেইবাৰলৈ আমাক উদ্ধাৰ কৰিছিল ।
২০১১ চনৰ জুন মাহত তিনি বছৰৰ মূৰত ফ্লেটৰ গৃহ প্ৰৱেশ কৰা হৈছিল। ইতিমধ্যে
গৃহস্থই বিদেশৰ চাকৰিত যোগদান কৰিছিল। আমিও গৃহ প্ৰৱেশৰ পিছে পিছে
প্ৰৱাসী জীৱন কটাবলৈ ঢাপলি মেলিছিলোঁহক। ফ্লেটটো ‘ফাৰ্নিচ
এপাৰ্টমেণ্ট’ৰূপে পেপাৰত বিজ্ঞাপন ছপাই এঘৰ পাঞ্জাৱী পৰিয়ালক এঘাৰ মাহৰ
এগ্ৰিমেণ্টত থাকিবলৈ বন্দবস্ত কৰা হৈছিল।

পিছে প্ৰথমৰ পৰাই সমস্যাই গা কৰি উঠিছিল যেন! পাঞ্জাৱী লোকজনে ভাৰতৰ
বাহিৰত চাকৰি লাভ কৰাত, এমাহ নৌহওঁতেই এগ্ৰিমেণ্ট বাতিল কৰিবলৈ উদ্যত
হোৱাত আমাৰ থৰ-কাছুটি হেৰুৱাৰ উপক্ৰম হয়গৈ। পুনৰাই বিজ্ঞাপন
ছপোৱা, এগ্ৰিমেণ্ট মেইলত প্ৰেৰণ কৰা আদিত আমি আৰু ঘৰৰ বাকী সকলো বিৰক্ত
হৈছিলোঁহক। দ্বিতীয়বাৰলৈ পাঁচজন বিভিন্ন বয়সৰ ছাত্ৰক থাকিবলৈ দিয়া হৈছিল।
আমি প্ৰৱাসৰ পৰা চ’ছাইটিৰ সভাপতিৰ সৈতে কথা পাতোঁ, উদ্দেশ্য যোগাযোগ
ৰক্ষা আৰু ল’ৰাকেইটাৰ পৰা কোনোৱে অসুবিধা আদি যাতে নাপায় তাৰ প্ৰতি
লক্ষ্য। পিছে অন্য আৱাসীয়ে কোনো বেলেগ ভাড়াতীয়া ছাত্ৰৰ পৰা অসুবিধা পোৱা
বুলি প্ৰায়ে আপত্তি অহাত নিৰ্দেশ জাৰি কৰা হ’ল আগলৈ পৰিয়ালৰ বাদে অন্য
কাকোকে ভাড়া দিবলৈ নোৱাৰিব।
উপায়ন্তৰ হৈ ২০১২ চনৰ আগষ্ট মাহত পুনৰ বিজ্ঞাপন দিয়া গ’ল। গৃহস্থই ভাড়া
দিয়া সময়ত কৰা চুক্তিমতেই চিকউৰিটি মনি(সুৰক্ষিত ধন?) সূতসহ ল’ৰাকেইটাক
উভতাই দিয়ে। ‘দাস’ উপাধিৰ গোৱালপাৰাৰ ব্যক্তিজন গৃহস্থৰ পচন্দত উঠিল।
উল্লেখযোগ্য এজন ব্যক্তিয়ে এহাজাৰ টকা বেছি দিবলৈ ইচ্ছুক হোৱা সত্ত্বেও
গৃহস্থই ‘দাস’ক মুখেৰে এবাৰ ‘জবান’ দিছোঁ ফিৰাই নলওঁ বুলি নকৰে।

কোৰ্টত চুক্তি কাকত(এগ্ৰিমেণ্ট পেপাৰ)ত চহী কৰিবলৈ লওঁতে ভাড়াতীয়া লোকজনৰ
ফালৰ পৰাও সাক্ষীৰ প্ৰয়োজন হয়। ‘দাস’ৰ লগে লগে থকা ব্যক্তিজনে চহী কৰে
সাক্ষীৰ ৰূপত। ইয়ালৈকে ঠিকেই আছিল, পিছে ‘ডেজিগনেচন্’ বুলি উল্লেখিত জেগা
ডোখৰত ব্যক্তিজনে ‘ব্লেক-কেট’ বুলি উল্লেখ কৰাত গৃহস্থৰ মগজে বিক্ষোভ কৰি
উঠে। সেয়া বিপদৰ সংকেত আছিল নেকি আমাৰ বাবে? গৃহস্থই সেপ ঢুকিলে– ‘দাস,
মই বৰ চিধা চাধা গাঁৱলীয়া ল’ৰা, মোক কোনো শলঠেকত নেপেলাব হ’লে,,,’ । দাস
বোলাজন খিলখিলাই হাঁহি উঠিল—‘ আপুনি নিশ্চিত থাকক। কোনো খেলিমেলি নহয় মোৰ
দ্বাৰা(!)’।
‘দাস’ৰ সংসাৰত মাতৃ, পত্নী আৰু এটি ল’ৰা সন্তান। আমি সৰু পৰিয়াল দেখি
স্বাভাৱিকতে সন্তুষ্ট আছিলোঁ। সেইবাৰ বিমানবন্দৰলৈ ‘দাস’ৰ গাড়ীৰে আমাক
নমোৱা হৈছিল। গৃহস্থই বাৰে বাৰে গাড়ীৰ চালকক-‘দাস ব্যক্তিজনে আমাক কোনো
বিপদত নেপেলায়টো?’ বুলি সোধাত চালকজনে মাথো মিচিকীয়া হাঁহিৰে সামৰিছিল।
দুমাহ সুকলমে পাৰ হ’ল। মানুহজনে ভাড়া দিয়াত প্ৰায়েই দেৰি কৰা হ’ল। ফোনত
দুই তিনিবাৰ মান সোঁৱৰাই থাকিব লগাত পৰে। ফোন প্ৰায়ে ‘নট ৰিচ্চেবল’ আহে।
ঘৈণীয়েকৰ নম্বৰত কৰিবলৈও দিগদাৰ পায় গৃহস্থই।

সেই বছৰৰ নবেম্বৰৰ শেষৰ ফালে সৰু দেওৰৰ অসুখৰ খবৰ আহে। অসুখ মানে
গুৱাহাটীৰ কেবাজনো চিকিৎসকৰ কাষ চাপিও কোনো সুফল পোৱা নগ’ল। চেন্নাইৰ
এপ’ল’লৈ ডিচেম্বৰৰ মাজ ভাগত পঠিওৱা দেওৰক চিকিৎসকে ভিটামিনৰ অভাৱ হেতু
তিনি মাহৰ দৰৱৰ সৈতে ঘৰলৈ উভতাই পঠিয়ায়। নিসন্দেহে এই সম্বাদে আমাৰ
সকলোৰে মুখলৈ পানী আনে।

আমালৈ ৰৈ আছিল অন্য এক নাট! ভাড়াতীয়া ‘দাস’ক ফোন কৰিলে পোৱা নাযায়।
ঘৈণীয়েকৰ নম্বৰত উত্তৰ পোৱা যায় এনেদৰে–‘ অ’ ভাড়া দিয়া নাই নেকি? দিব
দিয়ক দুই এদিনৰ ভিতৰত!’… পিছে দুই এদিন গৈ মাহ বাগৰে, কেতিয়াবা ‘বেংকৰ
একাউণ্টৰ পৰা ট্ৰেঞ্চফাৰ কৰিব পাৰা নাই, দুই এদিন দেৰি হ’ব’ আদি ম’বাইলত
বাৰ্তা আহে। এনেদৰে চেপ্তেম্বৰৰ পৰা জানুৱাৰীলৈ দুবাৰ ভাড়া আদায় দিয়া
মানুহজনৰ যেন চিকউৰিটি মনি খিনি শেষ কৰাৰহে ধান্দা! দাসে ফোন নধৰে। দাস
পত্নীৰ উত্তৰ গিৰিয়েক অসমৰ বাহিৰলৈ গৈছে।
২০১৩ চনৰ জানুৱাৰী মাহত দেওৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত খৰখেদাকৈ ‘জি এন আৰ
চি’ত ভৰ্তি কৰা হয়। আমাৰো মন ভাগি পৰে, বিহু সেইবাৰ আমাৰ ভাগ্যত লিখা
নাছিল। প্ৰায় দুসপ্তাহৰ অন্তত চিকিৎসাধীন অৱস্থাত দেওৰৰ অকাল মৃত্যু ঘটে।
আমি সেইদিনাই গুৱাহাটী পাইছিলোঁ। মৃত্যু চিৰন্তন সত্য। কিন্তু অকাল আৰু
আকস্মিক মৃত্যু অসহনীয়। ঘৰখনৰ অৱস্থা কোনো ভাষাৰে লিখি বৰ্ণনা কৰিব
নোৱাৰা। দুই শিশু সন্তানসহ জা-জনীৰ দুখ কুলাই পাচিয়ে নধৰা দেখি
সহমৰ্মিতাৰ ভাষা হেৰাই গৈছিল আমাৰ।

কাজ কৰ্ম নোহোৱালৈ আমি ঘৰতেই কটালোঁ। তাৰে মাজতে এদিন গৃহস্থ যাওক ‘দাস’ক
দেখা কৰিবলৈ কথাৰ ভু ল’বলৈ। তেখেতে নকটা দাড়িখিনিৰে মূৰৰ ওপৰত ভাগি পৰা
বৰ্ণাতীত দুখৰ কথা ক’লে। ইমান দুখৰ মাজতো ভাড়াৰ কথা কবলৈ আহিব লগা হোৱাত
কিমান যে লজ্জিত হৈছে সেয়া খোলাখুলিকৈয়ে ক’লে। গতিকে সোনকালেই
হেস্ত-নেস্ত হওক সকলো। দাসৰ বহুতো আফচোচ, বহুত সমবেদনা। পিছদিনাই সমুদায়
ধন আদায় দিব বুলি প্ৰতিশ্ৰুতি লৈ গৃহস্থ দেওৰৰ সকামত ব্যস্ত হৈ পৰে। কোৱা
নিস্প্ৰয়োজন যে আমি দিল্লী বিমানকোঠ পাবলৈ কিছু বাট থকাত ম’বাইলত বাৰ্তা
এটি জিলিকি উঠে—‘ বেংকৰ একাউণ্টত কিবা খেলিমেলি দেখাইছে; দুই এদিনৰ ভিতৰত
টকা পাই যাব ইত্যাদি’… ।

এনেদৰে আৰু দুমাহমানৰ ভাড়া আদায় দিলে বোধকৰো। কেতিয়াবা ভাড়া দিলে আকৌ
লাইটৰ বিল বাদ পৰে। ফোনতেই গৃহস্থই উষ্মা প্ৰদৰ্শন কৰে—‘ আপুনি বৰ নিলাজ
বুজিছে দাস!’ এনেদৰে শুনিলে লাজতে নিজৰে কাণ মূৰ গৰম উঠি আহে।
সমান্তৰালভাৱে শাহুমাৰ কন্দা-কটা, দেওৰৰ ল’ৰাৰ টাইফয়ড, জাজনীৰ ৰাতি টোপনি
নহা, টোপনি আহিবলৈ ঔষধৰ আশ্ৰয় লোৱা আদি নিত্যনতুন সমস্যাই দেৱৰৰ শোক কমক
চাৰি বঢ়াই তোলে ঘৰখনত। ল’ৰাটোৱে ছোৱালীজনীয়ে ‘আমাৰ দেউতা কেতিয়া আহিব’
সুধি সুধি আইতাক, বৰমাক-বৰদেউতাকক ব্যতিব্যস্ত কৰি তোলা কথাৰে আমাৰো ফোনত
মন-মগজু ভৰাই তোলে।

ইতিমধ্যে দাসৰো আমাৰ প্ৰতি মানসিক যাতনা বাঢ়ি গৈছে। আমি ঘৰখনৰ শান্তিৰ
বাবে পুনৰ অক্টোবৰত যাবলৈ থিৰাং কৰোঁ। ফোনত এবাৰ যোৱাৰ কথা দাসক অনুকিয়াই
থোৱা হ’ল। অক্টোবৰৰ প্ৰথম সপ্তাহতে ছোৱালীৰ স্কুল খটি কৰি প্ৰায় এমাহৰ
বাবে ঘৰলৈ টালি টোপোলা বন্ধা হ’ল। গুৱাহাটী গৈ পোৱাৰ অলপ পিছতে মোৰ
ভাইটোৰ সৈতে গৃহস্থই ফ্লেটলৈ ঢাপলি মেলে। আমি ভাইটোকো লগত পঠিয়াও, কিবা
অপকাৰ আদিৰ আশংকাত। দাস পৰিয়ালসহ আমি গৈ পোৱাৰ তিনিদিন পূৰ্বে ঘৰ এৰি
উধাও হয়। ইতিমধ্যে চিকউৰিটি মনি কাটি-কুটিও তিনি মাহৰ ভাড়া, লাইটৰ বিল
সমন্বিতে ৩৬,০০০ টকাৰ চূণা লগাই থৈ গ’ল চাৰে। প্ৰত্যেকবাৰেই ন ন গাড়ীৰে
চমক লগোৱা সেইজনাই অন্য লোকৰো টকা আত্মসাৎ কৰা বুলি জানিবলৈ পাওঁ বহু
দেৰীকৈ।
বিশেষ উল্লেখনীয় যে, গৃহস্থক পুলিচৰ কাষ নাচাপিবলৈ কোৱা লোকৰ সংখ্যাই সৰহ
দেখা গ’ল। তেৰা হাত দীঘল মানুহ। তেৰাৰ ল’ৰা ‘গুৰুকুল গ্ৰামাৰ স্কুল’ত পঢ়ি
থকা আৰু তেওঁলোক গুৱাহাটীতে থকা বুলি জানিও আমি গা-এৰা দিওঁ। প্ৰায়ে মোৰ
আগত গৃহস্থই খঙেৰে কৈছিল—‘ দাসক সন্মুখত পোৱা হ’লে চোবাই খালোঁহেতেঁন!’
সেইজন মানুহেও ঘৰৰ আৰু অশান্তি নাবাঢ়ক বুলিয়ে তেনেই তাপ মাৰে,
নিৰুদ্বিগ্ন হৈ ৰয় আজিকোপতি। কিছুদিন পূৰ্বে ‘হুৱাট্চ এপ’ত শুনিবলৈ
পাইছিলোঁ—
ন মেৰা এক হোগা
ন তেৰা লাখ হোগা
খুদা কভী নহী বখ্স্তে জিনকী নিয়ত খৰাব হোতী হ্যে….
দেউতাই প্ৰায়ে কোৱা ‘How much land does a man need’ এই আপ্তবাক্য শাৰী
আওৰাও মাজে মধ্যে । মানুহে দুদিনীয়া সংসাৰত ধন, সম্পত্তি গোটায়, দিন-ৰাতি
একাকাৰ কৰি দিয়ে সুনিশ্চিত ভৱিষ্যতৰ অভিপ্ৰায়েৰে। কিছুলোকৰ মন-মগজু অহৰহ
আনক ঠগোৱা, প্ৰতাৰণা, ভণ্ডামিত মত্ত। কিন্তু যাবৰ সময়ত মাটি প্ৰত্যেককে
লাগে ছফুট।

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 জুলাই, 2015, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক