ভ্ৰমণ কাহিনী: এটি সোণালী সপোনৰ পম খেদি… (১৪) – অনুপমা বৰগোহাঁই

“কাইলৈ আমি ৰাতিপুৱা ৮ বজাতেই লছ এঞ্জেলচলৈ যাত্ৰা কৰিম। ৰাতিপুৱা ৬ বজাৰ পৰাই হোটেলত পুৱাৰ আহাৰ পৰিৱেশন আৰম্ভ হ’ব। আপোনালোকে অনুগ্রহ কৰি সময়মতে যাত্রাৰ বাবে সাজু হ’ব।’’

ৰাকেশে ৰাতিৰ আহাৰ খাই হোটেলৰ অভিমুখে গৈ থাকোঁতে বাচতে কথাষাৰ আমাক ক’লে। “আমি নিশ্চয় সময়মতে সাজু হ’ম। পিছে তোমালোকে এইবাৰ আমাক কোনখন বাচ দিবা?” ড° মহেশ মাথুৰ নামৰ লুধিয়ানাৰ পৰা অহা বয়সস্থ সহযাত্রীজনে সুধিলে। “কাইলৈ যাতে আমি বাচৰ বাবে ৰৈ থাকিবলগীয়া নহয় !!” পিছফালৰ আসনত বহি থকা এজন যাত্রীয়ে মাত লগালে। আমি সকলোৱে তেওঁক হয়ভৰ দি’লো। “মোৰ ল’ৰাটো এজন ডাঙৰ অধিবক্তা। ভ্রমণ কোম্পানীয়ে আমাক কিবা অসুবিধা দিলে বা আমাৰ সময় নষ্ট কৰাৰ ক্ষতিপুৰণ নিদিলে মই দিল্লীলৈ গৈ কেচ ৰেজিষ্টাৰ কৰি দিম!” মাথুৰ আংকলে কিছু উত্তেজিত হৈ ক’লে।

এইবাৰ শান্ত হৈ থকা ৰাকেশে মাত লগালে: “আপোনালোকক মই প্রতিশ্রুতি দিছো– কাইলৈ আমি অতি ধুনীয়া বিলাসী বাচ এখনত লছ এঞ্জেলচ্ ফুৰাবলৈ লৈ যাম!” সাধাৰণতে এনেকুৱা ভ্রমণত পৰিচালকজন ৰসাল আৰু দক্ষ হলে বাচৰ ভিতৰতো বৰ আনন্দৰ ঘৰুৱা পৰিবেশ এটা গঢ়ি উঠে। কিন্তু ৰাকেশৰ সিমানখিনি দক্ষতা অভাৱ আমাৰ সকলোৰে অনুভৱ হ’ল। সকলোৱে নিজৰ ওচৰত বহা চিনাকি সহযাত্রীৰ লগত আগৰ ভ্রমণত কিমান ভাল টুৰ মেনেজাৰ পাইছিল– তেওঁ কেনেকৈ যাত্রীসকলক মনোৰঞ্জন কৰিছিল আদি কথা আলোচনা কৰিবলৈ ধৰিলে। আমিও ইউৰোপ ভ্রমণত লগ পোৱা টুৰ মেনেজাৰ বিৰাফৰ কথা মনত পেলালোঁ। বিৰাফে বৰ সুন্দৰ গান গাইছিল। মাইকটো হাতত লৈ অনৰ্গল কথা কৈ গৈছিল। বাটে বাটে দেখা পোৱা প্রতিটো স্মৰণীয় চিহ্ন– তাৰ লগত জড়িত ঘটনা সাৱলীলভাৱে কৈ গৈছিল। মাজে মাজে ধুনীয়া গান গাইছিল আৰু কৌতুক কৈছিল। সৰু ল’ৰা ছোৱালীখিনিক আগত বহুৱাই লৈ কবিতা, গান আদি গাবলৈ দিছিল। ..কিন্তু এইজন টুৰ মেনেজাৰ ৰাকেশে বেছি ভাগ সময় মৌন হৈয়েই থাকে। মাজে মাজে কোনোবাই সুধিলেহে সেই স্থানৰ বিষয়ে কয়। সহযাত্রীসকলকো সমূহীয়াভাৱে পৰস্পৰৰ লগত চা –চিনাকি কৰি দিয়া নাই।

ৰাতিপুৱা নিৰ্দিষ্ট সময়ত আমাৰ বাবে প্রথমদিনাই ঠিক কৰা আফ্রিকান মহিলাগৰাকীৰ বাচখনত সকলো গৈ বহিলোগৈ। আজি আমাক বাচে লছ এঞ্জেলচলৈ লৈ যাব। প্রথমে বাচৰ পৰাই গোটেই চহৰখনৰ সম্পূৰ্ণ দৃশ্য দেখুৱাব। তাৰ পিছত আমাক লৈ যাব বেভাৰলি হিলচ্(Beverly Hills) লৈ। ইয়াৰ চানচেট বলেৱাৰ্ড (Hollywood Boulevard) পথত আছে মানচ্ চাইনিজ থিয়েটাৰ(Mann’s Chinese Theatre)। মানচ্ চাইনিজ থিয়েটাৰ লৈ যাওঁতে বিখ্যাত হলিউড ৱাক অব ফেম( Hollywood Walk of Fame) দেখিবলৈ – তাৰ মাজেদি খোজ কাঢ়িবলৈ পাম।
হলিউড ৱাক অৱ ফেমত দুহেজাৰ পাঁচশৰো অধিক terrazzo and brass ৰে বনোৱা পাঁচমুখীয়া তৰা খোদিত আছে। এই তৰাবোৰৰ প্রত্যেকটোৱেই হলিউডৰ চলচিত্র জগতৰ লগত জড়িত একোজন খ্যাতিমান ব্যক্তিৰ স্মৃতি বহন কৰে। এই স্থানত দেশ বিদেশৰ অসংখ্য পৰ্যটকৰ আগমন হয়! আমি চানচেট বলেৱাৰ্ড পথত এই তৰাবোৰ চাই চাই খোজ কাঢ়ি গৈ আছো.. আমাৰ লক্ষ্য বিখ্যাত চাইনিজ থিয়েটাৰটো বাহিৰৰ পৰা চোৱা। পথৰ দাঁতিত থকা অসংখ্য আকৰ্ষণীয় দোকানৰ আগত পুতলা যেন লগা জীৱন্ত মডেলে ইটো-সিটো কৰি গ্রাহকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। চাৰ্লি চেপলিন, স্পাইডাৰ মেন, চুপাৰমেনৰ ৰূপধাৰী লোকসকলে পৰ্যটকক তেওঁলোকৰ লগত ফটো উঠিবলৈ হাত বাউল দি মাতি আছে। এনেকুৱা জীৱন্ত মডেলৰ লগত ফটো উঠিবলৈ হ’লে বহু ডলাৰ হেৰুৱাব লগা হয়; সেয়ে তেওঁলোকৰ লগত ফটো উঠাৰ আশা বাদ দিলোঁ। গোটেই ৰাস্তাটোত দেশ বিদেশৰ অগণন মানুহৰ ভিৰ, চাৰিওফালে উৎসৱমুখৰ পৰিবেশ । কিন্তু ক’তো অলপো বিশৃংখলা বা হুলস্থূল নাই। আমিও শান্তভাৱে ৰাকেশৰ পিছে পিছে খোজ কাঢ়ি গৈ আছো। “ সৌটো চাইনীজ থিয়েটাৰ” – কিছুদূৰ যোৱাৰ পিছত ৰাকেশে সুন্দৰ বিশাল অট্টালিকা এটালৈ আমাক আঙুলি দেখুৱাই ক’লে : “ইয়াত কেইবাখনো বিখ্যাত হলিউড চিনেমাৰ প্রিমিয়াৰ শ্ব’ হৈছে” । আমি দূৰৰপৰাই ৰাস্তাৰ পৰা কিছু ওপৰত থকা “মানচ্ চাইনীজ থিয়েটাৰ”টো তধা লাগি চালো। এইবাৰ ৰাকেশে আমাক খটখটিৰে ওপৰলৈ উঠি যাব পৰা পথ এটা দেখুৱাই ক’লে : “আপোনালোক সেইফালে ওপৰলৈ উঠি গ’লে তাৰপৰা “হলিউড” চিটিৰ নাম লিখা পাহাৰটো দেখিবলৈ পাব। বজাৰ সমাৰো কৰিব পাৰিব। মই আপোনালোকক ইয়াত ৪০ মিনিট সময় দিলোঁ। ৪০ মিনিটৰ পিছত আপোনালোকক পুনৰ এইটো স্থানতে লগ পাম।” আমিও আনন্দৰে খটখটিৰ ওপৰলৈ উঠি গ’লো।

পথত কাষে কাষে থকা নানা খাদ্য সামগ্রী, কাপোৰ কানি, ম’বাইল, ঘড়ীৰ আকৰ্ষণীয় দোকানৰ আহ্বান অতিক্রম কৰি আমি ওপৰ তলা পালোগৈ। তাত পাথৰৰ ডাঙৰ বিচনা এখন ধুনীয়াকৈ সজোৱা আছে। বহুলোকে তাত বহি ফটো উঠিছে। তাৰপৰাই দূৰৰ পাহাৰত বগা আখৰেৰে ডাঙৰকৈ লিখা থকা “Hollywood” চাইনবৰ্ড খন দেখি ৰোমাঞ্চিত হৈ উঠিলোঁ। আমি যিহেতু আগতেই “হলিউড ফ্লিম চিটি” ভ্রমণ কৰি আহিলো– সেয়ে তালৈ যাবলৈ নোপোৱাৰ দুখ অনুভৱ নকৰিলোঁ। আমাৰ লগত থকা স্বাতীয়ে ক’লে : “ ইহঁতে ভ্রমণৰ কাৰ্যসূচীত ফ্লিম চিটি অন্তৰ্ভুক্ত নকৰি বৰ বেয়া কৰিছে। এনেই ওপৰে ওপৰে চহৰখন দেখুৱাই সৰু ল’ৰাক ফুচুলোৱাৰ দৰে ফুচুলাই আছে”। কথাটো সঁচা – আমি যদি বান্ধৱীৰ পৰামৰ্শমতে কিছু আগেয়ে ইয়ালৈ আহি ইউনিভাৰ্চেল ষ্টুডিঅ, ডিজনি লেণ্ড আদি স্থান নাচালোহেঁতেন, তেনে আমেৰিকাৰ অন্যতম আনন্দৰ স্থান কিছুমান উপভোগ কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হ’লহেঁতেন !

ইতিমধ্যে আমাৰ বাবে অৱধাৰিত কৰি দিয়া সময়খিনি শেষ হৈছিল। আবেলিৰ ৰঙা বেলিটোৱে দূৰৰ পাহাৰত বগা ৰঙেৰে লিখি ৰখা “Hollywood” আখৰ কেইটাৰ লগত ওলমি ৰ’লহি। এজনী ধুনীয়া গাভৰুৱে বগা ডালিমগুটীয়া দাঁতকেইটা উলিয়াই হাঁহিলে যিমান ধুনীয়া লাগিব– পাহাৰটোকো সিমান ধুনীয়া লাগিল।

এইবাৰ আমাক হোটেললৈ লৈ যোৱাৰ আগেয়ে ৰাতিৰ আহাৰ এখন নেপালী ৰেষ্টুৰেণ্টত কৰাৰ ব্যৱস্থা কৰিলে। ধুনীয়া ৰেষ্টুৰেন্টখনৰ সকলো কৰ্মচাৰী নেপালী। ৰেষ্টুৰেণ্টত আগৰেপৰা কিছুমান বগা ছালৰ অতিথিয়ে খাদ্য গ্রহণ কৰি আছে। ৰেষ্টুৰেণ্টৰ মালিকজনে আমাতকৈ সেই বগা ছালৰ অতিথিসকলক বেছি গুৰুত্ব দিয়া যেন লাগিল। এগৰাকী গাভৰু নেপালী পৰিচাৰিকাই আমাৰ ওচৰলৈ আহি সুধিলে : “আপোনালোক নেপালী নেকি?” গাভৰুজনী যদিও সাজি-কাচি ধুনীয়াকৈ আছিল – মুখখনত কিবা এটা দুখ, ভয়,অসন্তুষ্টিৰ বেদনা ফুটি উঠিছিল। তাই বাহিৰত লৈ থকা কৃত্রিম হাঁহিটোৱে প্রকৃত আনন্দ যে বুজোৱা নাই – সেইয়া মই তাইৰ মাতষাৰ শুনিয়েই বুজি পাইছিলোঁ। কাৰণ তাই খুউব চেপা মাত এটাৰে, কিবা যেন এটা সহায়ৰ আশাৰে আমাক ইংৰাজীতে সুধিছিল “আপোনালোক নেপালী নেকি?” মোৰ ভাব হৈছিল। তাই যেন এইখন দেশ – এই কাম এৰি নিজৰ ঘৰ, নিজৰ মৰমৰ দেশ খনলৈ যাবলৈ বিচাৰিছে! নিজৰ দেশৰ, নিজৰ মাতৃভাষা কোৱা কোনোবা ব্যক্তিক যেন তাই ঘৰলৈ যোৱাৰ বাবে সহায় বিচাৰিব! আমি “নহয়” বুলি কোৱাত তাই যেন বৰ নিৰাশ হৈ পৰিল! ধুনীয়াকৈ কাজল লগাই থোৱা চকুৰ কোণ কেইটাত কেইটামান মুকুতা জিলিকি উঠিল! লৰালৰিকৈ তাই টিছু পেপাৰ এখনেৰে চকুৰ কোণাকেইটা মোহাৰি আঁতৰি গ’ল – আমাৰ ওচৰৰ পৰা। তাইকে চাই চাই ভাবিলো : পৃথিৱীৰ চুকে কোণে সকলোতে মানুহৰ একেই হাঁহি – আৰু একেই বেদনা!

ভাত পানী খাই আমি বাচত উঠি আমাৰ বাবে নিদিৰ্ষ্ট কৰি ৰখা “ৰেডিচন” নামৰ ধুনীয়া বিলাসী হোটেলখনত প্রৱেশ কৰিলোঁ। বৰ ধুনীয়া আৰু ডাঙৰ হোটেলখন। আমি সকলো গৈ হোটেলৰ বিশাল লঞ্জত গৈ থিয় দিলোগৈ। দেশী বিদেশী বহুতো অতিথিয়ে লঞ্জত মৌনভাৱে অ’ত ত’ত বহি আপেক্ষা কৰি আছে।
ৰাকেশে হোটেলৰ কৰ্মচাৰীৰ লগত কথা পাতি আমাৰ ৰুমবোৰ ঠিক কৰি হাতত ৰুমৰ কাৰ্ডখন দিয়ালৈকে কিছু সময় লাগিল। আমাৰ সহযাত্রীসকলে অধৈৰ্য হৈ অভ্যৰ্থনাৰ টেবুলত গৈ ভুমুকা ভুমুকি কৰিবলৈ ধৰিলে । দুই একে নিজৰ মাজত চিঞৰি চিঞৰি কথা পাতিবলৈ ধৰিলে। হোটেলৰ কৰ্মচাৰীসকলে বিৰক্ত হৈ ৰাকেশক কিবা ক’লে। ৰাকেশে আমাৰ সহযাত্রীসকলৰ ওচৰলৈ আহি সকলোকে নিয়মানুৱৰ্তিতা মানি খালী হৈ থকা আসনত বহিবলৈ অনুৰোধ কৰিলে। আমি পূৰ্বৰ পৰাই খালী হৈ থকা আৰামী চকী এখনত বহি আছিলো। মৌমনে হোটেলৰ ৰেকত সজাই থোৱা আকৰ্ষণীয় ভ্রমণ পৰিপুৰিকাবোৰ সংগ্রহ কৰাত ব্যস্ত। অয়নে দেউতাকৰ কোলাত বহি টোপনিয়াই আছে। ৰুমৰ কাৰ্ড আৰু ব্রেকফাষ্টৰ কুপন ইতিমধ্যে ৰাকেশে সংগ্রহ কৰিলে। সকলোৱে নিজৰ নিজৰ কাৰ্ডখন আগেয়ে ল’বলৈ হেতা ওপৰা কৰিলে। আমি কিন্তু নিজৰ স্থানতে বহি থাকিলোঁ। কিনো হ’ব বাৰু এক মিনিট দেৰীকৈ ৰুমৰ কাৰ্ডখন পালে। সকলোৱে নিজৰ ৰুম পাবই – তাতে হেতা ওপৰা কিহৰ? আমি ভাৰতীয় মানুহবোৰ অলপ বেছি আত্মকেন্দ্রিক নেকি? কিন্তু সকলোকে হতবাক কৰি ৰাকেশে দূৰত বহি থকা গৃহস্থৰ ওচৰলৈ আহি আমাৰ ৰুমৰ কাৰ্ডখন দি ক’লে : “আপোনালোকৰ ৬ মহলত ৰুম আছে । সেইটো লিফ্টেৰে ৰুমলৈ যাওঁক – বস্তুবোৰ আনটো লিফ্টেৰে হোটেলৰ কৰ্মচাৰীয়ে আপোনাৰ ৰুমত থৈ আহিব। ৰাতিপুৱা ব্রেকফাষ্ট কৰিবলৈ আহোঁতে এই কুপন কেইখন আনিবলৈ নাপাহৰিব! শুভৰাত্রি !”

মৌমনক ওচৰত নেদেখি ৰাকেশে ইফালে সিফালে চাবলৈ ধৰিলে। সি অভ্যৰ্থনাৰ টেবুলত গৈ কিবা লিখি থকা দেখি আমি আচৰিত হ’লো! ৰাকেশৰ তেতিয়া মনত পৰিল – “আপোনালোকক হোটেলৰ ফ্রি ‘ৱাই-ফাই”ৰ পাছৱৰ্ড লাগিলে সৌ কৰ্ণাৰত বহি থকা ল’ৰাজনৰ পৰা সুধি লিখি ল’ব।” মৌমনে কিবা লিখি থকা অভ্যৰ্থনা কোণাটোলৈ আঙুলিয়াই ইতিমধ্যে আমাৰ ওচৰ চাপি অহা সহযাত্রীসকলক ক’লে। লছ এঞ্চেলচৰ বিশেষ বিশেষ ঠাইবোৰ আমি ইতিমধ্যেই ফুৰি আহিলোঁ। গতিকে এইবাৰ ভ্রমণত বিশেষ উৎকন্ঠা নাছিল। ৰেডিচনৰ ৬০২১ নং ৰুমটোলৈ গৈ সুন্দৰকৈ সজাই থোৱা বগা ধকধকীয়া সাগৰ কোমল বিচনা দুখনত ল’ৰা দুটাই জপিয়াই উঠিল আৰু সেই পিনেই টোপনি গ’ল। আমি দুয়োটাই পিছদিনা ৰাতিপুৱা পিন্ধি যাবৰ বাবে কাপোৰ, বেগ আদি সকলো সাজু কৰি নিজৰ নিজৰ ফোন, লেপটপত সামাজিক যোগসূত্রৰ মঞ্চখনৰ লগত অলপ সময় ব্যস্ত হ’লো। নীলাঞ্জনাৰ পৰা ফোন যোগে তাইৰ ঠাইখনৰ পৰা বিদায় ল’লো আৰু আৰভাইনত থকা বান্ধৱীক দিনটোৰ খতিয়ান দি শুই পৰিলো।
~~প্ৰথম অধ্যায় সমাপ্ত ~~

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 8 নবেম্বৰ, 2014, in ভ্ৰমন কাহিনী. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক