গল্প: উত্তৰণ ණসাৰদা শ্ৰেষ্ঠ

অনুপে আজিও ৰাতিপুৱা দোকানখন খুলি বহিছে আন দিনাৰ দৰেই। শৰৎ কালৰ বিদায় ক্ষণ সমাগত। শৰতৰ মিঠা পৰশে সূৰুজকো স্পৰ্শ কৰিছে। সূৰুজৰ তীক্ষ্ণতা সামান্য হ’লেও কমিছে। কোমল সোণোৱালী ৰ’দ এজাকে ঠাইখন ঢৌৱাই তুলিছে। স্কুল–অফিচৰ সময়, সেয়ে ঠাইখনত ব্যস্ততা কিছু বাঢ়িছে। অফিচলৈ বুলি অহা দুই এজন গ্ৰাহক মাজে মাজে তাৰ দোকানলৈ পাণ-বিড়ি-চিগাৰেট খাবলৈ আহিছে। সিও সাধ্যানুসাৰে গ্ৰাহকক অপ্যায়িত কৰি গৈছে। তাৰ দোকানত অডিঅ’ প্লেয়াৰ এখন অহৰহ বাজি থাকে তাৰ পছন্দৰ গীত কিছুমান। মন ভালে থকা অৱস্থাত সি গীতৰ তালে তালে গা মূৰ লৰাই লৰাই মগ্ন হৈ থাকে। আজিও তাক দেখি সহজেই ধৰিব পাৰি, তাৰ মন যে আজিও ৰঙীণ হৈ আছে। সি গীতৰ তালে তালে তাৰ গা মূৰ নচুৱাই আছে। সি এনেকৈয়ে আনন্দৰ মাজতে নিজকে ডুবাই ৰাখি ভাল পায়। গ্ৰাহকসকলেও তাৰ এই ৰঙীয়াল স্বভাৱটোৰ বাবেই তাৰ দোকানলৈ আহিবলৈ ভাল পায়। গ্ৰাহকসকলে যেন তেওঁলোকে বিচৰা বস্তুৰ লগতে তাৰ পৰা সুখ অকণমানো ফ্ৰীতে পায়।

তাৰ দোকানৰ কাষতে কৰবী এজোপাত কাউৰী এজনী তাইৰ পোৱালী এটাৰে সৈতে যেন উলাহতে নাচি বাগি আছিল, সিহঁতেও যেন গীতৰ তালে তালে নাচি আছে। কৰবীজোপা হালধীয়া হৈ ফুলিছে। হাঁহিৰ স্বৰ্ণিল আভাৰে কৰবীজোপা জাতিষ্কাৰ হৈ পৰিছিল। এপাকত গীতত মগ্ন হৈ থকা অনুপৰ হঠাতে কৰবীজোপালৈ চকু গ’ল। সি কাউৰী দুজনীৰ ধেমালি চাই গা নচুৱাবলৈ পাহৰি গ’ল…পাহৰি গ’ল গীতৰ মাধুৰ্য। এইবাৰ একান্তমনে কাউৰী দুজনীৰ খেল চাবলৈ লাগিল। কাউৰীজনীয়ে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই আছে, লগত থকা পোৱালীটোৱেও মাকক অনুসৰণ কৰি মাকে যি ফালে যেনেকৈ জপিয়াই ঠিক তেনেকৈয়ে সেইফালে জপিয়াই আছে। জীৱনৰ বাটত খোজ দিবলৈ মাক কাউৰীজনীয়ে আদিপাঠ শিকাই আছে নিজৰ পোৱালীটোক। হঠাতে ঘটিল অঘটন এটা। জপিয়াই থকা কাউৰী পোৱালীটো সম্ভৱত অসতৰ্কতাৰ বাবে ডালত খোপনি হেৰুৱাই মাটিত পৰি গ’ল। পোৱালীটো পৰাৰ লগে লগে মাকজনীয়ে কা-কা-কা কৈ গোটেইখন তাল-ফাল লগালে। পোৱালীটোৱেও ইমান ওপৰৰ পৰা পৰি বোধহয় অলপ দুখ পালে। সি কা-কা কৈ পাখি দুখন ধপধপাই উৰিবলৈ চেষ্টা কৰিলে যদিও উৰিব নোৱাৰিলে। ভালকৈ উৰিব পৰাও হোৱা নাই যেন সি। ইফালে মাক কাউৰীজনীয়ে অনৰ্গল চিঞৰি আছে কা-কা-কা আৰু পোৱালীটোৱেও উৰিব নোৱাৰাৰ যাতনাত ধৰফৰাই ধৰফৰাই চিঞৰিছে – কা-কা। দুয়োটাৰ চিঞৰত ঠাইখন ৰজনজনাই উঠিল। অনুপে লক্ষ্য কৰিলে, এজনী এজনীকৈ হঠাতে ক’ৰবাৰ পৰা কাউৰী এজাক আহি সেইখিনি পালেহি।

কাউৰীজাকে সেইখিনি পাইয়েই, পোৱালীটোৰ অসহায় অৱস্থা লক্ষ্য কৰি চিঞৰ বাখৰ লগালে। অনুপৰ মন গ’ল সি যেন পোৱালীটো মাকজনীৰ ওচৰত থৈ আহিবগৈ। পিছে সেইকাম কৰিবলৈ মন গ’লেও সি কৰিব নোৱাৰে। ইমানবোৰ কাউৰী তাত সমৱেত হৈছে যে পোৱালীটোক ৰক্ষণা-বেক্ষণ দিয়াৰ ক্ষেত্ৰত সিহঁতে যেন চক্ৰবেহুহে সাজিছে। অগত্যা সি কাউৰী কেইটাৰ ৰেহ-ৰূপকে চাই থাকিল। কাউৰী কেইটাই সমস্বৰে চিঞৰি যেন পোৱালীটোক উৰিবলৈ উৎসাহিতহে কৰিছে। মাক কাউৰীজনীয়ে চিঞৰি থাকোতে পোৱালীটোৱে প্ৰথমে তাৰ কোমল পাখি দুখন ধপধপাই মাৰি উৰিবলৈ প্ৰয়াস কৰিছিল যদিও পাছলৈ যেন সি উৰাৰ শক্তি হেৰুবাই পেলাইছিল। কিন্তু সমৱেত কাউৰী সমাজৰ উদ্গনিয়ে যেন তাৰ মনলৈ আকৌ ঘূৰাই আনিলে, তাৰ শক্তি। সি অদম্য শক্তিৰে আকৌ উৰিবলৈ চেষ্টা কৰিলে। চাওঁতে চাওঁতে এটা সময়ত পোৱালীটো উৰা মাৰি কৰবীজোপাৰ ডালত পৰিলগৈ। পোৱালীটোৱে যেন আজি তাৰ মাকৰপৰা আৰু তাৰ মিতিৰ-কুটুম্বৰপৰা জীৱনৰ আদি পাঠ ভালকৈ আয়ত্ত্ব কৰিলে। জীৱনৰ প্ৰথম যুঁজত সি সফল হ’ল। ইমান পৰে কাউৰীৰ আলেখ-লেখ চাই থকা অনুপে যেন ইমান সময়ে এটা মিলনান্তক নাটিকাহে উপভোগ কৰি আছিল। সি অনুভৱ কৰিলে, সি নিজেহে যেন এটা বিপদৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল। এক বিমল প্ৰশান্তিৰে তাৰ মন ভৰি উঠিল। লগে লগে তাৰ মনলৈ আহিল, কাউৰী ইতৰ প্ৰাণী হ’লেও একতাৰ ক্ষেত্ৰত যেন ইহঁতৰ বোধ শক্তি মানুহতকৈ অলপ হ’লেও বেছি।

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 8 নবেম্বৰ, 2014, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক