গল্প: জীৱন বৰ অনুপম ණবিপ্লৱ কৌশিক

ছোৱালীজনী এটা মধ্যবিত্ত পৰিয়ালৰ। বয়স ক্রমান্বয়ে বাঢ়িছে তথাপি তাই
বিয়াত বহা নাই। বিয়াত বহিবই বা কিদৰে, ভাল ল’ৰা এজনো পোৱা নাই। পাবই বা
কেনেকৈ ? এনেয়েই তাইৰ দেউতাক নাই, চিলাই-ফুল তুলি, গামোছা বৈ বেচি সেই
টকাৰে টানিটুনি ঘৰ চলায়। সৰু ভাই ভনী দুটাকো পঢ়াব লাগে, চাব লাগে, মাকৰ
বেমাৰবিলাক আছেই।
ইফালে ল’ৰাটোৰ ঘৰুৱা অৱস্থাটোও বেয়া। ককায়েক,খুড়াক সকলো ভাগে ভাগে গ’ল;
নিজ পঁজালৈ, ৰুগীয়া মাক বাপেকক তাৰ ওপৰতে দায়িত্ব দি। সপোন দেখা বয়সত
খুউব চখ আছিল তাৰ, আশা আছিল ৰাজকন্যাৰ দৰে কোনো ছোৱালী বিয়া পাতিব।
সংসাৰ বাঢ়িব।সময়ত সপোন ভাঙি থানবান হ’ল। ৰাজকন্যাতো দূৰৰ কথা ভাল এজনী
কইনা পোৱা নাই সি এতিয়া। কাৰণ তাৰ কেৰিয়াৰৰ দুখ লগা অৱস্থা। সৰু চাকৰী,
কম দৰমহা, টকা-পইছাও বেছি নাই।

এই অবস্থাতে এদিন এনে এহাল যুৱক-যুৱতীৰ পৰস্পৰৰ মাজত বিয়া হয়। ঘটকৰ
কৃপাত নাইবা সমন্ধীয় কোনো মানুহৰ কৃপাত অপৰিচিত এই দুয়োজনৰ এৰেঞ্জড মেৰিজ
হয়। বৰ দায়সৰা বিধৰ হয় সেই বিয়াখন। যেন বিয়া পাতিব লাগে বাবে পতা বিয়া।
দুয়োজন দুয়োজনৰে স্বপ্ন-আশা সমান নাছিল। যেন দায় সৰা সংসাৰ, দায় সৰা
কথাবার্তা, দায় সৰা আবেগ আৰু দায় সৰা সহবাস।

বিয়াৰ পিছৰ পৰাই আৰম্ভ হয় সমস্যা। ছোৱালীৰ ফালৰ আত্মীয়স্বজনে
ছোৱালীজনীক খোঁচ মাৰি কয় – জোঁৱাইৰ অবস্থা এতিয়া ভালনে? চাকৰিটোৰ কিবা
নিশ্চয়তা হ’লনে? দৰমহাটোৰে চলিবলৈ দিগদাৰ হয় চাগৈ? তাইৰ মানুহৰ এই
কথাবিলাক শুনি দুখ লাগে, বেয়া লাগে। তাইৰ মানুহজনক বেয়াকৈ কোৱাটো আচলতে
তাইক অসম্মান কৰা দৰেই যেন লাগে তাইৰ।

কেইটামান টকা বেছিকৈ ঘটিবলৈ মানুহজনে দিন-ৰাতি একাকাৰ কৰি কিমান যে কষ্ট
কৰে, সেয়া মাথো তাইহে বুজে। সেয়ে তাই চুপ হৈ মনে মনে কথা শুনি থাকিব
নোৱাৰে। প্রিয় সকলো ঠাইতেই সুযোগ পালেই তাই মানুহজনৰ গুণ গায়, সকলোৰে
সন্মুখত মানুহজনক সম্মান দিয়ায়। নিন্দকসকলৰ মুখ বন্ধ কৰি ৰাখে তাই।

ইফালে ল’ৰাৰ আত্মীয়ো বা অন্য লোকেও তাক কয় – কি ছোৱালী আনিলি, কোনো যৌতুক
নাই, শহুৰ নাই,ককাই নাই? তইটো বিয়া কৰাই পুৰাই ডুবিলি। এতিয়া সেইখন ঘৰো
তয়েই চাব লাগিব। তোক চাওঁতা কোনো নাই। ল’ৰাটোৰ তেতিয়া আত্মসন্মানত লাগে,
বেয়া লাগে, তাইয়োটো মানুহ হে। তাইক লৈ বাজে কথা কিয় কয় মানুহবোৰে। সেয়ে
সেই সময়ত সি স্ত্রীৰ পক্ষ লৈ থাকে। কোনোজনে খোঁচ মাৰি কিবা ক’বলৈ
বিচাৰিলেও সি স্ত্রীৰ পক্ষ লৈ কথা কয়। মোৰ পত্নীক অসন্মান নকৰিব। তাই
বহুতেই ভাল ছোৱালী। দেউতাকবিহীন ঘৰ চলাইছে। কষ্ট কৰি কৰি নিজ ভাই ভনীক
পঢ়ুৱাইছে। মোৰ যত্ন লৈছে। মই বহুত সুখী এনে ভাল এজনী ছোৱালী পায়।

স্বপ্ৰণোদিত দায়িত্ববোধ ৰাখি নিজৰ মানুহজনীক আকোঁৱালী ৰাখে সি এইদৰে।
কোনোদিন অপমানিত হ’বলৈ নিদিয়ে। উর্পাজন অলপ বেছি হ’লে এখন শাৰী, মেখেলা
চাদৰ এযোৰ বা তাই ভালপোৱা কোনো প্রিয় বস্তু আনিবলৈ নাপাহৰে সি। সকলো
সময়তে উৎসাহ দিবলৈ চেষ্টা কৰে।

এনেদৰেই চাওঁতে চাওঁতে দিন পাৰ হৈ মাহ, মাহ পাৰ হৈ বছৰ হয়। এদিন সেই ‘এখন
ঘৰত এটা ৰুমত বাধ্য হৈ থকা’ ধৰণৰ স্বামী স্ত্রী হালে একেলগে বহি চাহ
খাওঁতে, গল্প কৰোঁতে এসময়ত হঠাৎ সিহঁতে বুজি উঠে, বিগত দিনবিলাকত
তেওঁলোক এজনে আনজনৰ সম্মানৰ বাবে যুঁজিছে। পৰস্পৰৰ যত্ন লৈছে। পৰস্পৰক
সম্মান কৰিছে, সাহস দিছে। পৰস্পৰক বিশ্বাস কৰিছে। যিমানেই বাধা আহিছে
সংসাৰ বচাবলৈ একেলগে যুঁজ দিছে, চেষ্টা কৰিছে। সু-সময় দুঃসময়ত
প্রতিমুহূর্ত একজোঁট হৈ দুয়োজন মিলি দুয়োজনৰ এই সংসাৰ টিকাই ৰাখিবলৈ হাতে
হাত মিলাই চলিছে।

হঠাৎ সিহঁতে লাহে লাহে অনুভৱ কৰে, এয়াই সিহঁতৰ ভালপোৱা, এয়াই সিহতৰ moment of love.
জীৱনটো গোলাপৰ বিচনা যেন হ’লেই যে কোনোৱে সকলো কিছু পায় যাব সেইটো কথা নহয়।
মানুহৰ জীৱনত ভালপোৱাৰ গল্পটো সকলো সময়তে প্লেন কৰিলেই ভবা ধৰণেই তৈয়াৰ হৈ নাযায়।
বৰং দায়িত্ববোধ, মানৱিক মূল্যবোধ, অন্যৰ প্রতি মায়া, অন্যৰ কষ্ট বুজাৰ
ক্ষমতা থাকিব লাগে। সহিষ্ণুতা থাকিব লাগে। ধৈর্য থাকিব লাগে। প্রার্থনা
থাকিব লাগে। সর্বতোপৰি সম্পর্কৰ প্রতি কমিটেড আৰু শ্রদ্ধাশীল হ’ব লাগে।
নহ’লে চেলফি তুলি আৰু ৰিলেশ্বনশ্বিপ ষ্টেটাছ দিলেই ভালপোৱাৰ গল্প হৈ
নাযায়।
বৰং বহু গল্প দুদিনতেই শেষ হৈ ভাঙি যায়।

সেয়ে এইবিলাক বাদ দি আপোনাৰ আশেপাশে থকা কোনো ভাল মানুহৰ জীৱনলৈ চাওক।
কাৰণ আমাৰ সমাজৰ ভাল মানুহ সকলৰ সহজ-সৰল জীৱনে প্রতিনিয়ত এনেয়েই এটা এটা
ভালপোৱা গল্প হৈ যায়।
সেই সহজ সৰল মানুহযোৰ আপোনাৰ মা-দেউতা, ককা-আইতাওটো হ’ব পাৰে।
গল্প:
দিনবোৰ সলনি হ’ব
ණ আৰ কে অদিতি কাশ্যপ
বিনয়ে নিজৰ অফিচৰ কোঠাটোত বহি অতীতৰ ভাৱনাবোৰত ডুবি আছে। ক’ৰ পৰা যে কি
হৈ গ’লগৈ ! সি এদিন কি আছিল এতিয়া ক’ৰ পৰা আহি ক’ত কি হ’ল !! অইন দিনাৰ
দৰে সিদিনাও সি মন্দিৰৰ চিৰিত বহি মন্দিৰলৈ অহা যোৱা কৰা প্ৰতিজন মানুহৰ
মুখলৈ ৰ’ লাগি চাইছিল, কিজানি কোনোবাই এটকা এটা, নাইবা কিবা অকণ খাবলে’
দিয়ে। নাই ভিকহুক দিব পৰা কোনো লোক তেতিয়াও মন্দিৰলৈ অহা নাছিল। ইফালে
পেট কৰকৰাবলৈ ধৰিছে। তাৰ নিজৰ ওপৰতে খং উঠি আহিল, তাক কিহে পাইছিল?
আগদিনা ৰাতি নিজে নাখায়, সেই বুঢ়ী জনীক দিবলে’। সি মুখৰ ভিতৰতে
ভুৰভুৰালে,ভিক্ষাৰীয়ে আকৌ ভিক্ষা দিয়ে, এতিয়া পা মজাটো!

সি যে বুঢ়ীজনীক খোৱাখিনি দিবলৈ পাই মনত ক্ষোভ কৰিছিল তেনে নহয়। যোৱা
ৰাতিৰেপৰা এই বেলি দুপৰলৈ তাৰ পেটত খুদ অকণো পৰা নাই। মূৰটো বৰ আচন্দ্ৰাই
কৰাত সি বহাৰ পৰা উঠি গৈ মন্দিৰৰ কাষতে থকা পানীৰ টেপটো খুলি হাতৰ
আজুলিৰে লৈ পানী খাবলৈ ধৰিলে। সি যেতিয়া ভোকত ৰ’ব নোৱাৰা হয় আৰু খাবলৈকো
একো এটা নাপায় সি প্ৰায়ে পানী খাই তাৰ পেটৰ জুইকুৰা নোমোৱায়।

সি পানী খাই মন্দিৰৰ চিৰিৰ তাৰ সেই নির্দিষ্ট ঠাই টুকুৰালৈ উভটিছিল হে।
তাৰ আগে আগে আহি থকা মানুহজনীৰ হাতৰ মানিবেগটো খহি পৰিল। মানুহজনীয়ে গমে
পোৱা নাই। আন কোনেও নেদেখোঁতোই সি তত্ক্ষ ণাত দৌৰি গৈ মানিবেগটো বুটলি
ল’লে। সি বেগটো খুলি চালে, বহুত টকা। সি তাৰ সৰু হাত দুখনৰ আঙুলিৰে হিচাপ
কৰিব পৰাতকৈও বহুত টকা। অলপ সময় সি ঠাইতে তভক মাৰি ৰ’ল। হঠাত্‍ কি জানো
হ’ল, বেগৰ চেইন ডাল মাৰি, দৌৰি গৈ মানুহজনীৰ সন্মুখত ৰৈ মানিবেগটো উভতাই
দিলে।

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 আগষ্ট, 2015, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক