:গ্রন্থ সমালোচনা: চন্দনা শৰ্মা

10347786_775928112468798_3042202083834326055_n
ড০ বুলজিৎ বুঢ়াগোহাঁইৰ দ্বাৰা ৰচিত আৰু সম্পাদিত তথা আক্ বাক্ দ্বাৰা প্ৰকাশিত
“ সম্পাদকলৈ চিঠি “ এখন উৎকৃস্ত মানদদ্ডৰ কিতাপ ৷ আমাৰ অতি সীমিত জ্ঞানৰ ওপৰত ভিত্তি কৰি ক’ব খোজো যে অসমীয়া সাহিত্যৰ ভড়ালত ই এক আপুৰুগীয়া সম্পদ হয় ৷ কিয়নো ইয়াত কিছু কাৰণ নথকা নহয় – আমি জনাত কিতাপ এখনৰ আগকথা ই কিতাপ খনৰ মানদন্ড নিৰূপনত যথেস্ঠ ভূমিকা লয় ৷ ঠিক একেদৰে প্ৰকাশকৰো এক বিশেষ ভূমিকা থাকে ৷ এই কিতাপখনৰ আগকথা যিগৰাকী স্বনামধন্য লেখকে ( ৰবেন্ৰ কুমাৰ দাস) লেখিছে তাৰ ব্যাখ্যা কৰাৰ ধৃস্ততা আমাৰ নাই ৷ সেই গৰাকী লেখকক বিদৎ তথা পঢ়ুৱৈ সমাজৰ কাৰণে নামেই পৰিচয় ৷ ঠিক একেদৰে যটো প্ৰকাশকে কিতাপ খন প্ৰকাশ কৰি উলিয়াছে , সেই প্ৰকাশক গোস্ঠীয়ে ( আক্ বাক্) ইতিমধ্যে সমাজত এক সুকীয়া স্থান দখল কৰিছে ৷ তেখতসকলৰ পাৰদর্শিতা আৰু দক্ষতাৰ কথা জনোতাই জানে আৰু বজোতাই বুজে ৷ আমি ভাবো তেওঁলোকৰ ব্যাখ্যাৰ ইয়াত প্ৰয়োজন নাই ৷
এতিয়া আহো কিতাপখনৰ বিষয়বস্তুলৈ –এই কিতাপ খনৰ বিষয়বস্ত ইমানেই তথ্যভিত্তিক হৈছে যে তাৰ বর্ণনাৰ আচলতে প্ৰয়োযন নাই ৷ এখন দেশ তথা ৰাজ্যৰ যিকেইটা মুখ্য বিষয় , প্ৰধানত সেই বিষয় কেইটাৰ সমস্যাৰ ওপৰত চিঠিৰ জৰিয়তে মূলত : দৃস্টি আকর্ষণ কৰিব বিচৰা হৈছে ৷ অসমীয়া সাহিত্যত ই এক সফল প্ৰয়াস ৷ ভবিষ্যতে যদিহে বুঢ়াগোহাঁই ডাঙৰীয়াই অন্য অন্য ভাষালৈ অনুবাদ কৰাৰ কথা চিন্তা চর্চা কৰে তেতিয়াহ’লে এই সমস্যাসমূহ বহলভিত্তিত অলোচনা হোৱাৰ সম্ভবনাৰ স্থল থকা বুলি এক ধাৰণা হয় ৷
কিতাপ সম্পর্কে আমাৰ যি অতি সীমিত জ্ঞান তাৰ ওপৰত ভিত্তি কৰি এটা কথা উনূকীয়াব বিচাৰো যে যদিহে কিতাপখনৰ মূল্যতো লগাতকে ব্যয়বহুল হ্য় তেতিয়াহ’লে সেইখন কিতাপ সর্বসাধাৰনৰ কাৰণে ক্ৰয় কৰাতো সহজসাধ্য নহয় ৷ তেতিয়া সেই ব্যয়বহুল কিতাপখন এটাচামৰ মাজতে সীমাবদ্ধ হৈ থাকে ৷ বুঢ়াগোহাঁই ডাঙৰীয়াই অতি সুন্দৰকৈ সেই কথাটোত গুৰুত্ত আৰোপ কৰা দেখা গৈছে ৷
মুঠতে পঢ়ুৱৈ সমাজে যদিহে এইখন কিতাপ সহৃদয়তাৰে আকোৱালি লয় তেতিয়াহ’লে অসমীয়া সমাজৰ বাবে এইকখন কিতাপ হ’ব এক অনবদ্য উপহাৰ স্বৰুপ ৷

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on 10 অক্টোবৰ, 2014, in গ্রন্থ সমালোচনা. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক