গল্প – অৰ্ণৱ দেউৰী

আবেলিৰ সময়ত ষ্টেচনটোত যথেষ্ট ভিৰ হয়। ছামান্থাই ট্ৰেইনখন ৰোৱাত চচমাজোৰ খুলি মুৰ তুলি চালে। হয়, আজিও এমুখ দাড়িৰে জধলা যেন লগা মানুহটো তাইৰ দবাটোতে উঠিলেহি। তাইৰ ফালেই মানুহটো আগবাঢ়ি গ’ল। হাতৰ কাকতখনত মুখ গুজি ছামান্থাই আঁৰ চকুৰে মানুহটোক লক্ষ্য কৰি থাকিল।

সি প্ৰায়ে ট্ৰেইনখনৰ এই বিশেষ দবাটোত যাত্ৰা কৰে। আজিও আশা কৰা ধৰণেই তাইক সি দেখা পালে। সদায় থকাৰ দৰে হাতত কাকতখন আৰু কাষতে এখন ডাঙৰ কিতাপ। কিয় জানো ছোৱালীজনীৰ হাই পাৱাৰৰ চচমাৰে সজ্জিত চকু হালত সি কিবা এক আকৰ্ষণ বিচাৰি পায়। এই আকৰ্ষণতে যোৱা তিনিমাহ মানৰ পৰা আগৰ ট্ৰেইনখনৰ পৰিৱতে এই চাৰি বজাৰ ট্ৰেইনখনেৰে যাত্ৰা কৰিবলৈ লৈছে। আজি সুবিধাটো পাই ছোৱালীজনীৰ মুখামুখীকৈ খিৰিকিৰ কাষৰ আসনখনত বহি ল’লে। কেইমুহূৰ্তমান পাৰ হ’ল। খিৰিকিৰে সি বাহিৰলৈ চালে। মুকলি পথাৰ, দূৰত নৈখন, পথাৰৰ মাজৰ দুই এজোপা গছ আৰু সেৰেঙাকৈ থকা দুই এটা ঘৰ পিছলৈ ভিৰাই লৰ মাৰিছে। এইবাৰ সি ছোৱালীজনীক লক্ষ্য কৰিলে।
আজি যথেষ্ট ঠাণ্ডা পৰিছে!
ক্ষমা কৰিব, কিবা ক’লে?
আজি ঠাণ্ডা কিছু বেছিয়ে।
এৰা, খ্ৰীষ্টমাছলৈ যে এসপ্তাহো নাই।
যোৱা তিনিমাহত প্ৰথমবাৰলৈ সি ছোৱালীজনীৰ সৈতে কথা পাতিলে। অলপ সময় দুয়োজনকে সাধাৰণ সহযাত্ৰীৰ দৰে বতৰ আৰু আগন্তুক খ্ৰীষ্টমাছৰ বিষয়ে কথা পতা দেখা গ’ল। ট্ৰেইনত সাধাৰণতে এনে দৃশ্য সুলভ বুলিব পাৰি। অলপ পাছতে পিছৰ ষ্টেচনটো আহি পালে। গন্তব্যস্থান আহি পালত দুয়োজনকে ট্ৰেইনৰ পৰা নমা দেখা গ’ল। ট্ৰেইনৰ পৰা নামি সি মাত লগালে- লগ পাই ভাল লাগিল। ওচৰতে থাকে নেকি?
অহ, পাঁচমিনিটৰ বাট। আপুনি?
হয়, মোৰো ওচৰতেই।
কথা পাতি পাতি ষ্টেচনৰপৰা দুয়ো ওলাই আহিল। কেই ফাৰ্লংমান আহি সিহঁত চহৰখনৰ পাৰ্কখনৰ ওচৰ পালেহি। দুয়ো পাৰ্কখনলৈ সোমায় গ’ল।
তাৰ এয়ে প্ৰথম অভিজ্ঞতা এনেকৈ পাৰ্কত কাৰোবাৰ লগত বহি বাৰ্তালাপ কৰা। সময়খিনি কেনেকৈ গ’ল সি গমেই নাপালে। লাহে লাহে আবেলিটো শেষ হৈ আহিল। তাৰ দেৰি হৈছে। সেমেকা বতাহজাকে কোবাই যাওঁতেহে সি খেয়াল কৰিলে।

শীতৰ প্ৰকোপ সন্ধিয়া নমাৰ লগে লগে বাঢ়ি আহিছে। পাৰ্কত তাৰ দেৰিয়েই হ’ল। ট্ৰেইনখন মিছ কৰিলে সি। গতিকে ষ্টেচনৰপৰা ওলাই আহি দলঙখনৰ ওচৰলৈ আগবাঢ়ি গ’ল। ইফালে সিফালে চাই কাকো নেদেখিলে। নিচিন্ত হৈ সি চিগাৰেট এটা জ্বলাই ল’লে। পিছৰ ট্ৰেইনখন অহালৈ চিগাৰেটটো সি শেষ কৰিব পাৰিব। দুহোপামান মাৰিছিল হে সি। ওচৰতে গাড়ী এখন আহি ৰ’লহি। এজন হিষ্টপুষ্ট গুণ্ডা যেন লগা মানুহ প্ৰথমে দৰ্জা খুলি নামি আহিল। পাছে পাছে এজন ওখ কিন্তু খীণমিণ মানুহ। দুয়ো আহি আহি তাৰ ওচৰতে ৰ’ল। এজনে কিবা এটা ক’লে। সি সেইফালে চালে।
দূৰত আন্ধাৰৰ মাজত এটা ছায়ামুৰ্ত্তি। কাৰোবাৰ লগত যেন তৰ্ক বিতৰ্কত লিপ্ত হৈছে। কেইটামান মুহূৰ্ত মাত্ৰ। ছায়ামুৰ্ত্তিটো ক্ৰমাৎ লৰচৰ কৰি উঠিল। ক্ৰমে লৰচৰবোৰ বাঢ়ি গ’ল। কাৰোবাৰ লগত যেন হতাহতি লাগিছে। হঠাৎ দূৰৈত ট্ৰেইনৰ উকি শুনা গ’ল। ট্ৰেইনখন আহি পালেহি। ছায়ামুৰ্ত্তিটোক পিছে দেখা নগ’ল আৰু।
পাছদিনা আবেলি, আজি মানুহটো নাই। কালি ছামান্থাই যথেষ্ট ভয় খালে। আগতেও তাই লক্ষ্য কৰিছিল। মানুহটোৰ তধা লাগি চাই থকাৰ স্বভাৱ, উদ্‌ভ্ৰান্ত যেন লগা দৃষ্টি। কালি মানুহটো তাইৰ পাছে পাছে পাৰ্কৰ লৈকে গৈছিল। তাই পাৰ্কৰ পৰা ওলাই আহোঁতেও সেই উদ্‌ভ্ৰান্ত দৃষ্টিৰে মানুহটোৱে তাইক চাই আছিল। আজি অন্ততঃ নিচিন্ত হৈ পাৰ্কত আবেলিটো কটাব পাৰিব। স্বস্তিৰ নিশ্বাস পেলাই তাই জপাই থোৱা কাকতখন মেলি ল’লে। কাকতখনৰ শেষৰ পৃষ্ঠাটোৰ চুকত এটা সৰু শিৰোনাম দেখা গ’ল ‘নৈৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ, মৃত্যুৰ কাৰণ অজ্ঞাত।’

%d bloggers like this: