Category Archives: ৰহঘৰা

কেমিকেল্ ইমবেলেন্স্ : ঈশান জ্যোতি বৰা

(লেখাটোত উপস্থাপিত সকলো চৰিত্ৰ-অলংকৰণ,বৰ্ণনা তথা পৰিৱেশ কাল্পনিক ৷
হাস্যৰস যোগান ধৰাৰ উদ্দেশ্যেৰে সৰ্বকালৰ কেইজনমান মহান অসমীয়াক লেখাটোত
মাধ্যম হিচাপে লোৱা হৈছে৷ যদিও বাস্তৱিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই৷)

(১)
দুপৰীয়া ভাতকেইটা খাই এঘুমটি মৰাৰ অভ্যাস মোৰ সৰুৰেপৰাই ৷ কালিও কোনো
গত্যন্তৰ হোৱা নাছিল৷ পুখুৰীৰ পৰা ধৰি অনা ভকুৱাটোৰে পেট ভৰাই খাই
অলপ ইফাল-সিফাল কৰি ‘সময় মূল্যৱান’ মন্ত্ৰ সাৰোগত কৰি চিধা বিচনালৈ ঢাপলি
মেলিলোঁ৷ পিছে, সৌভাগ্য নে দুৰ্ভাগ্য নাজানো, আচৰিত যেন লাগিলেও সঁচা
ঘটনাটো তেতিয়াহে ঘটিল৷ মানে সমুখত ৰূপকোঁৱৰ৷ বুজা নাই নেকি ! মনত পৰা
নাই চাগে ন? ৰ’ব অলপ সহজ কৰি দিছোঁ৷ মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ
কথা কৈছোঁ৷ চশমা পিন্ধা যে! এতিয়াও যদি মনত পৰা নাই তেন্তে ‘গুগল’ত গৈ
সন্ধান কৰক৷
বাৰু, সি যি কি নহওক,কাহিনীটো আগুৱাই নিওঁ৷ মোৰটো প্ৰথমে বিশ্বাসেই হোৱা
নাছিল৷ হয় নো কেনেকৈ? আগৰৱালা মৃত্যুহোৱা কিমান বছৰ হ’ল! তদুপৰি কি
গ্যাৰান্টি আছে যে এইজনেই সেইজন! গতিকে সুধিয়েই দিলো-
“ৰ’বচোন দাদা,আপোনাকতো দেখাত সাইলাখ জ্যোতিপ্ৰসাদ-জ্যোতিপ্ৰসাদ লাগিছে !
কোন আপুনি? সঁচাটো ক’ব দেই!”
: হ’ৰা, ময়েই সেইজনহে৷ ছেহ! কিয় পাহৰিলা ! ময়েই দেখোন জয়মতী বনালোঁ, ভূপেনক গান শিকোৱা মানুহজন ময়েই৷ কিমান সুন্দৰ সুন্দৰ গান ৰচিলোঁ! সেইযে ’লুইতৰ পাৰৰে আমি ডেকা ল’ৰা|’ পাহৰি গ’লা ইমান সোনকালে৷ খাই দিলা, খাই দিলা!
মান-সন্মান সকলো ধুলিসাৎ কৰি পেলালা দেই !!–দুখ প্ৰকাশ কৰি মূৰটো
জোকাৰি-জোকাৰি আগৰৱালাই ক’লে৷
:কিন্তু আপুনিতো কেতিয়াবাই…..!!
:অ’, মই কেতিয়াবাই ইহলীলা সম্বৰণ কৰিছিলো৷ কিন্তু এতিয়া বিশেষ দৰকাৰত
স্বৰ্গৰ পৰা মোক তোমাৰ ওচৰলৈ পঠিয়াইছে৷ গতিকে ব’লা৷ ৰৈ থকাৰ সময় নাই৷
ইফালে গুৰু শংকৰদেৱৰ অৱস্থা কাহিল৷ কুইক্! কাপোৰ পিন্ধিব নালাগেই৷
ঠাণ্ডা ইমান নাপাবা তাত৷ এ.চি. আছে৷
-চকুৰ চশমাযোৰ ভালকৈ চাফা কৰি আকৌ পিন্ধি ল’লে ৰূপকোঁৱৰে৷ মুখত এসোপামান
চিন্তাৰ চাপ জিলিকি আছে৷

তেৰাৰ কথাবোৰ শুনি মাথাটো একেজেগাতে কেইবাবাৰো পাকঘূৰণি খালে৷ কথা নহয়
যে, বুলেটহে ! কি কৈ আছে এইজনে! শংকৰদেৱ,এ.চি, স্বৰ্গ !!
মনৰ খু-দুৱনি মাৰিবলৈ পিছ মুহূৰ্ততে কিবা এটা সুধো বুলি মুখখন মেলিছিলোহে
তেনেতে জ্যোতিপ্ৰসাদে গাত চুই দিলে আৰু এইয়া কি!
(২)
“মহাপুৰুষ শ্ৰীশ্ৰীশ্ৰ্ৰীমন্ত শংকৰদেৱৰ বাসগৃহলৈ আপোনাক আদৰণি জনাইছোঁ৷”
হঠাত কাণৰ নিচেই কাষতে বাজি উঠা এক অদৃশ্য কণ্ঠৰ শব্দত বিচুৰ্তি খোৱাদি
খালো৷ চকুহাল ভালকৈ মেলি দিলো৷ মোৰ চাৰিওফালে কেৱল বগা আৰু বগা৷ মাজে
মাজে ধোঁৱাবৰণীয়া কিছুমান কপাহৰ লেখীয়া বস্তু৷ ভূপেনদাৰ “মানুহে মানুহৰ
বাবে” গীতটোও কম সুৰত বাজি আছে৷ মাইকটো নো ক’ত আছে বুলি ইফালে-সিফালে
চালো৷ একো নেদেখিলো৷ মানুহো দেখিছো অ’ত ত’ত দুই-এটা৷ কোনোবাজনে চাইকেল
চলাইছে, কোনোবাই গাড়ী চলাইছে, কোনোবাই আকৌ খোজকাঢ়িয়েই গৈ আছে৷ কিন্তু
মুখবিলাক যেন মোৰ চিনাকী৷ ক’ৰবাত দেখা দেখা যেন লাগে৷ কি যে হৈছে একো
পাত্তা পোৱা নাই৷ কেৱল থৰ লাগি ৰৈ আছোঁ৷
:ব’লা ভিতৰলৈ৷ –ৰূপকোঁৱৰে গাটো লৰাই দিয়াতহে গালৈ হঁচ আহিল৷
মানে এতিয়া মই সৰগত নেকি! মানে এতিয়া মই শংকৰদেৱৰ ঘৰৰ সমুখত নেকি!
ইত্যাদি অলেখ প্ৰশ্ন মনৰ মাজলৈ অহা-যোৱা কৰিবলৈ ধৰিলে৷ ইটো আহে, সিটো
যায়৷ কিন্তু উত্তৰ এটাৰো নাই৷
:হেৰা,ব’লা আকৌ !-ৰূপকোঁৱৰ এইবাৰ গৰজি উঠাদি উঠিল৷
(৩)
ৰূপকোঁৱৰৰ আদেশমতে নঙলা খুলি সোমাই গ’লো৷ সোমায়েই দেখিলো, এখন মাৰ্বল
পাথৰৰ আহল-বহল দলং৷ দলঙৰ তলেৰে বৈ গৈছে এখন নৈ৷ নৈ নে মিনাৰেল ৱাটাৰ
ধৰিবই নোৱাৰি৷ ইমান চাফা পানী জীৱনত দেখি পোৱা নাই! লাহে লাহে খোজ কাঢ়ি
গৈ আছোঁ দুয়োজন৷ দলঙৰ মাজ নৌ পাওঁতেই সিফালৰ পৰা চাইকেল ঠেলি ঠেলি আহি থকা
শকত-আৱত মানুহ এজন পটক্ কৈ ৰৈ দিলেহি৷পুনৰবাৰ থত-মত খালো৷
: অ’ই! তই গ্ৰন্থমেলা চাবলৈ গৈ মোৰ সমুখত থিয় দি কিয় ফটো উঠি আছিলি !

 

 

-চকু ঘোপা কৰি চিনাকী-অচিনাকী মানুহজনে সুধিলে৷
: এওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা৷ শেহতীয়াকৈ উত্তৰ-পূৱ গ্ৰন্থমেলাত
‘ডিউটি’ দি আহিছে৷-আগৰৱালাই হাঁহি এটা মাৰি ৰসৰাজৰ লগত কৰমৰ্দন কৰিলে৷
মই একেকোবে হতবাক,হতচকিত,বিস্মিত!!!
: শুন বোপাই, কিতাপ পঢ়িবলৈ গৈ তেনেকৈ ফটো মাৰি ফুৰাটো ভাল অভ্যাস নহয়৷
এতিয়া যাগৈ৷ গুৰু ৰৈ আছে তোৰ বাবে৷ সময় পালে মোৰ ঘৰলৈ এপাক মাৰিবি৷
মোৰ ঘৰ নম্বৰ ৪২৫, “জোনাকী” পথ৷ এতিয়া যাওঁগৈ দেই৷-মোৰ সহাঁৰিলৈ বাট
নাচাই ৰসৰাজে চাইকেল পোনাই দিলে৷
(৪)
দলঙৰ পৰা নামি যি ৰূপ দেখিলো তাক বৰ্ণাবলৈ আৱশ্যকীয় শব্দ অসমীয়া অভিধানত
নাই বুলি ক’লেও ভুল নহ’ব৷
সমুখত এটা সুবৃহৎ ঘৰ৷ সম্পূৰ্ণ বগা ৰঙেৰে ঘৰটোৰ ৰং দিয়া৷ ঘৰটোৰ মুধচত
এখন বহল গামোচা আঁৰি থোৱা আছে৷ ভালকৈ লক্ষ্য কৰি দেখিলো, তাত ‘চিৰ চেনেহী
মোৰ ভাষা জননী’ বুলি লিখা আছে৷
ঘৰৰ আগফালে আম, কঁঠাল, নাৰিকল, তামোল, খেজুৰ, আপেল, কমলা গছে গোটেইখন পিয়া-পি দি আছে৷ চোতাল নহয় যেন এখন বিশাল খেলপথাৰহে৷ ঠায়ে- ঠায়ে সেইবোৰ আমাৰ গাঁৱৰ ডেকাচাঙৰ দৰে বহিবলৈ ব্যৱস্থা কৰি দিয়া আছে৷
চাৰিওফালে সেউজীয়া-সেউজীয়া পৰিৱেশ বিৰাজমান৷
বাওঁফালে হৰেক কিচিমৰ ফুলৰ গছ৷ তগৰ, নাৰ্জি, গোলাপ, ৰজনীগন্ধা আদি কৰি
বিভিন্ন তৰহৰ ফুল৷ আমোলমোলাই আছে গোটেইখন৷
মন-মতলীয়া কৰা গোন্ধ৷ মুখৰ পৰা ক’ব নোৱাৰকৈ ওলাই গ’ল : ৱাহ্ ! কি সুন্দৰ পৰিৱেশ !
:তাতে থৰ লাগিলা যে ডেকা ল’ৰা! আহাহে৷ সময়ানুৱৰ্তিতা মানে কি বুজি পোৱা
নে ! সলনি নহ’লা আৰু তোমালোক৷ –ৰূপকোঁৱৰ গৈ কোনোবাখিনি পালেগৈ৷
মোৰ মুখত মাত নাই৷ নথকাটোৱে স্বাভাৱিক৷
ইফালে-সিফালে চাই চাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ গৈ গৈ দৰ্জামুখ পালোগৈ৷
দুৱাৰখনৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে- “এক দেৱ,এক সেৱ,এক বিনে নাই কেৱ |”
(৫)
“সোমাই আহা”– ভিতৰৰ পৰা কাৰোবাৰ গৰু-গম্ভীৰ মাত শুনা পালোঁ৷ ইমান মিঠা
মাত! জুবিনেও পাত্তা নাপাব৷
:জোতাযোৰ থোৱা ইয়াতে৷-ৰূপকোঁৱৰে নিজৰ ক’লা জোতাযোৰ খুলি মোৰ জোতাযোৰলৈ আঙুলিয়ালে৷
লাহেকৈ জোতাযোৰ খুলিলো৷ আগে আগে ৰূপকোঁৱৰ৷ পিছে পিছে অমুকা৷
ভিতৰলৈ গৈ আছোঁ, গৈ আছোঁ৷ কি ডাঙৰ ডাঙৰ কোঠালি ঔ! মনতে অনুমান লগালো,
আগফালৰপৰা পিছফাললৈ কমেও সাতশ কিল’মিটাৰ খোজকাঢ়িলো চাগে৷ হেলাই-হেফাই দুখে-ভাগৰে খোজা কাঢ়ি আছোঁ, কাঢ়ি আছোঁ৷ গৈ গৈ একে ঘৰৰ পিছফাল পালোগৈ৷
: “আহা,বোপাই”-
মাতটো অনুসৰণ কৰি বাওঁফালে চকুফুৰাওঁতেই দেখিলো- বিৰাট দেখনীয়াৰ মানুহ
এজনে পালেং এখনত গাৰু এটাত ভেজা দি আৰাম কৰি আছে৷ মানুহজনৰ গাৰ বৰণ
গাখীৰতকৈ অলপ কম বগা৷ চকুহালত অলপ মৰম, অলপ গহীন গহীন ভাৱ৷ চুলিবোৰ দীঘল৷ ডিঙিলৈকে পৰি আছে ৷ পিন্ধনত ধক-ধককৈ বগা ধুতি এখন আৰু তাতোতকৈও বগা চাফা কুৰ্তা এটা ৷ ‘ৰিন’ চাবোনেৰে ধুলেও কাপোৰ ইমান চাফা হ’ব নোৱাৰে
সেইটো খাটাং৷ মানে চকুত চমক লাগি যোৱাকৈ বগা৷
:এখেতেই শ্ৰীমন্ত শংকৰদেৱ- মোক আকৌ এবাৰ থত-মত খুৱাই জ্যোতিপ্ৰসাদে
মানুহজনক সেৱা এটি কৰিলেগৈ৷ সেৱা মানে এলা-পেচা সেৱা নহয়৷ সাষ্টাংগে
প্ৰণিপাত ৷ মই ৰৈ থকাতে থাকিলোঁ৷ কি কৰোঁ , কি নকৰোঁ, কি ক’ম, কি নক’ম
ইত্যাদি ভাবিবলগীয়া কথাবোৰ ভাবিবলৈ নাপালোঁৱেই৷ গৰু-গম্ভীৰ কণ্ঠেৰে
ছফুট(প্ৰায়) উচ্চতা বিশিষ্ট মানুহজন থিয় হৈ মোৰ ফালে চাই ক’লে-
: তহঁতক মই এইয়াকে শিক্ষা দিলোঁ হাঁ মনুষ্য ?
অসমীয়াৰ প্ৰাণ, হিয়াৰ আমঠু, ভাষা-সাহিত্য-সংস্কৃতিৰ পথ-প্ৰদৰ্শক মহাপুৰষ
শ্ৰীমন্ত শংকৰদেৱে অলপ আগতে ‘আহা বোপাই’ বুলি মৰমেৰে মাতি পিছ মুহূৰ্ততে
যে মোক পোনে পোনে গালি দিবলৈ আৰম্ভ কৰিব, সেইয়া মোৰ কল্পনাৰো অতীত ৷ ইমান দেখনীয়াৰ মানুহ এজনে যে ইমান টানকৈ ক’ব পাৰে, তাকে ভাবি আচৰিত হ’লো৷
কিন্তু গুৰুৰ দেখোন ক্ষোভ আৰু খং বাঢ়িহে গৈ আছে ৷
:ছি:ছি: মনুষ্য ! তহঁতে সকলো শেষ কৰি দিলি৷ কি শিক্ষা দিছিলোঁ মই আৰু
তহঁতে এইবোৰ কি কৰিবলৈ আৰম্ভ কৰিছ! কি হৈ আছে এইবোৰ পৃথিৱীত? সদায়
খবৰ কাগজখন মেলোঁ ভাল খবৰ পাম বুলি৷ কিন্তু প্ৰতি দিনাই নিৰাশ হওঁ ৷
ইমানেই অধ:পতনে গ’লি নে তহঁত ? তহঁতৰ যে বুদ্ধিভ্ৰষ্ট হৈছে, মোৰ বুজিবলৈ
বাকী নাই আৰু৷ আহি যে মোক সেৱা এটা কৰিব লাগে, সেয়াও তোৰ মগজুৱে ঢুকি
পোৱা নাই৷ ছি:ছি:!!- চৰম দুখ আৰু হতাশা প্ৰকাশ কৰি গুৰুজনাই কথাবোৰ কৈ
গ’ল৷
ধেৎ তেৰি! হয় দে! সেৱা এটা কৰিবলৈ মইনো কেনেকৈ পাহৰি গ’লো ! পটককৈ সেৱা
এটি কৰি চকু ওপৰলৈ নোতোলাকৈয়ে কৈ গ’লো “মইতো তেনেই বাচ্চা পোৱালি প্ৰভু!
নাজানোহো আৱাহন নাজানোহো বিসৰ্জন, তুমি চিত্ত বৃতি মোৰ, প্ৰৱৰ্তক নাৰায়ণ” ৷
লাহে লাহে ভয়ো লাগি আহিছে৷ খঙতে যদি মোক ভষ্ম কৰি দিয়ে ! ক’বতো নোৱাৰি ৷
যিহে শক্তিশালী মানুহ !
: তেন্তে এইবোৰ কি ! নাৰী-নিৰ্যাতন! ধৰ্ষণ!!
বলাৎকাৰ, দুৰ্নীতি, কেলেংকাৰী, বিতৰ্ক, কাজিয়া-পেচাল, মৰা-মাৰি! ধিক্! ইমান
অধ:পতন ! ইমান অসভ্যালি ! তহঁতৰ পৰা ছোৱালী-বোৱাৰী শান্তিৰে থাকিব নোৱাৰা
হ’ল৷ লাজ নাই নেকি তহঁতৰ ? তহঁতৰ কাৰণে মই ভগৱান কৃষ্ণৰ মুখামুখি হ’ব পৰা
নাই৷ কালিৰে পৰা কিমানবাৰ যে ফোন কৰিছে! মইহে গম পাইছোঁ কিদৰে চম্ভালিব
লগা হৈছে – এফালৰ পৰা মোক জাৰি গ’ল গৰুজনাই৷ কাণ পাতি শুনি আছোঁ৷
এৰা,মহাপুৰুষৰ গালি শুনিবলৈকো ভাগ্য লাগিব ৷
“গুৰুদেৱ, পাই গ’লো, পাই গ’লো” – চশমা পিন্ধা আৰু বহল আকাৰৰ মুখ বিশিষ্ট এজন
মানুহ হঠাতে ক’ৰবাৰ পৰা তৰা-নৰা চিঙি আহিল আৰু গোটেই পৰিৱেশটোতে খদম্-দম
লগাই দিলে৷ মানুহজনক ক’ত দেখিছোঁ, ক’ত দেখিছোঁ! হলৌ-মলৌ কাপোৰ পিন্ধা
মানুহজনৰ হাতত এটা লেপটপো দেখোন৷ জ্যোতিপ্ৰসাদৰ দৰে তেখেতেও আহি পোনে
পোনে গুৰুজনাক দি দিলেহি এটা সাষ্টাংগ সেৱা৷ কিবা এটা ভাবি আকৌ এবাৰ মনৰ
ভিতৰতে লজ্জিত হ’লো৷
:কি পালাহে বাণীকান্ত ?- জ্যোতিপ্ৰসাদে সুধিলে ৷
অ’ মনত পৰিল৷ ড. বাণীকান্ত কাকতি এখেত৷ বিৰাটেই চোকা মানুহ দেই৷
লেপটপটো লৈ একেকোবে গুৰুজনাৰ কাষ পালেগৈ৷
: মানে অসমীয়াৰ যে এই মতিভ্ৰম হৈছে, তাৰ কাৰণটো পালো৷ – বিৰাট
আত্মবিশ্বাসেৰে বাণীকান্তই ক’লে৷
:অ,’ তোমাৰ গৱেষণাই কাম দিলে তাৰমানে৷ বাৰু কোৱাচোন|-জ্যোতিপ্ৰসাদো
কাষচাপি আহিল৷ ময়ো হোলাৰ ভাই মোলা! চুচুক-চামাককৈ কাষ চাপি গ’লো
পালেংখনৰ৷
: কেমিকেল ইমবেলেন্স ৷ ম’ষ্ট অৱ দা পিপল্ ইন ইণ্ডিয়া আৰ চাফাৰিং ফ্ৰম দিজ
পিকুলিয়াৰ দিজিছ্ ! থুল-মুলকৈ ক’বলৈ গ’লে ই একপ্ৰকাৰৰ মানসিক বেমাৰ যিটো
এতিয়া ভাৰতৰ প্ৰায়বিলাক ঠাইতে বিৰাজমান৷ এইবিধ বেমাৰ হ’লে মানুহে
নকৰিবলগীয়া কাম কৰি পেলায়, নক’বলগীয়া কথা কয়, নাচাবলগীয়া বস্তু
চায়, ভাল-বেয়া চিনিব নোৱাৰা হয়, বেয়া বস্তুলৈ বৰকৈ আকৰ্ষিত হয়৷ তদুপৰি মোৰ
গৱেষণাত এটা কথা পৰিস্কাৰ হৈ পৰিছে যে অসমৰ দৰে উৎপতীয়া ঠাইত এইবিধ বেমাৰ
হোৱাৰ প্ৰৱণতা বেছি৷ মোৰ গৱেষণাই ইয়াকো কৈছে যে- অদূৰ ভৱিষ্যতে এই বেমাৰত
অধিক লোক আক্ৰান্ত হোৱাৰ আশংকা আছে………..

“ঔ সোণ দাদা ! সোণ দাদা ঔ ৷ ৰাম! ইমান দেৰিলৈকে শুই থাকিব লাগেনে? ধেৎ
!!”বাণীকান্ত কাকতিৰ লেপটপটো কি মডেলৰ, তাকে চাওঁ বুলি আগবাঢ়ি যাওঁতেই
কাৰোবাৰ চিনাকী-চিনাকী কাণ-তালমৰা চিঞৰত উচপ খাই উঠিলো৷
“হেৰা, উঠা হে ৷”
আগফাল, পাচফাল, বাওঁফাল, সোঁফাল সবফাললৈকে চকুহাল জোৰকৈ মেলি দিলোঁ, মোৰ কাষত
কোনো নাই৷ নাই পালেঙত শুই থকা শংকৰদেৱ, লেপটপ হাতত লৈ থকা বাণীকান্তও নাই৷

মই মোৰ সেই সাতাম-পুৰুষীয়া কাঠৰ বিচনাখনত..
আৰু মোৰ সমুখত সেয়া..
সেয়া জ্যোতিপ্ৰসাদ..মানে,
জ্যোতিপ্ৰসাদ বৰা, মোৰ খুৰাৰ ল’ৰাটো ৷

Advertisements
%d bloggers like this: