Category Archives: সম্পাদকীয়

মাতৃ দিৱসৰ প্ৰয়োজনীয়তা – আজিজুল হক

বছৰটোত বিশেষ কোনো কোনো দিন বা দিৱস থাকে। মাতৃ দিৱসো তেনে এটি দিন। বৰ্তমান আমি উদ্‌যাপন কৰা মাতৃ দিৱসৰ ইতিহাসৰ মূলতে ১৮৫৮ চনৰ এটা দিনত এন মেৰী ৰিভ্‌ছ জাৰ্ভিচ নামৰ এগৰাকী মহিলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধত মাতৃসকলৰ ভগ্ন স্বাস্থ্যৰ উন্নতিৰ বাবে সজাগতা আনিবলৈ কৰা প্ৰয়াস যাক তেওঁ ‘মাতৃৰ কৰ্ম দিৱস’ বুলিছিল। ১৮৭০ চনত জুলীয়া ৱাৰ্ড হো নামে সেই দেশৰ এগৰাকী কবি আৰু সমাজ সেৱিকাই মাতৃসকলক লৈ ‘মাতৃ দিৱস’ ঘোষণাৰে শান্তি আৰু নিৰস্ত্ৰীকৰণৰ বাবে সমদল উলিয়াইছিল যদিও এই কাৰ্যত তেওঁ বিশেষ কৃতকাৰ্য হ’ব নোৱাৰিলে।

এন মেৰী ৰিভ্‌ছ জাৰ্ভিচৰ ১৯০৫ চনৰ ৯ মে’ত মৃত্যু হয়। পিছত আনা মেৰী জাৰ্ভিছ নামে তেওঁৰ কন্যাই অনুভৱ কৰিলে যে জীৱিত কালত তেওঁৰ মাতৃৰ যথাযথ সেৱা কৰিব পৰা নাছিল আৰু সেয়েহে তেওঁ মাতৃসকলৰ বাবে এটি দিন স্মৰণীয় কৰাৰ কথা চিন্তা কৰে। ১৯০৭ চনৰ ১২ মে’ দেওবাৰে ঘৰতে এখন অনুষ্টুপীয়াকৈ তেওঁৰ মাতৃৰ সোঁৱৰণত এখনি সভা আয়োজন কৰে। সেই দিন আছিল মে’ মাহৰ দ্বিতীয় দেওবাৰ। তেওঁৰ উৎসাহত বহুতো বন্ধু-বান্ধৱী আৰু গিৰ্জা কৰ্তৃপক্ষৰ সহযোগেৰে ১৯০৮ চনৰ ১০ মে’ত ৪০৭ টি শিশু আৰু তেওঁলোকৰ মাতৃসহ পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰাফটন নগৰৰ এন্দ্ৰো মেথ’দিষ্ট এপিচক’পল গিৰ্জাত ৰাজহোৱা ভাৱে মাতৃ দিৱস উদ্‌যাপিত হয় আৰু ক্ৰমে অন্যান্য ঠাইতো মাতৃ দিৱসে প্ৰসাৰ লভে। ১৯১২ চনত এই দিৱসে আমেৰিকাত চৰকাৰী স্বীকৃতি লভে আৰু ১৯১৪ চনত ৰাষ্ট্ৰপতি উড্ৰ উইল্‌ছনে জাতীয় দিৱসহিচাপে ঘোষণা কৰে। গিৰ্জাত বিশেষ আয়োজনেৰে উপাসনাত মাতৃসকলক উপহাৰ, ফুল আৰু শুভেচ্ছা-পত্ৰ প্ৰদানেৰে সন্মান যচা হয়। ক্ৰমে ভাৰতসহ আন আন দেশতো মে’ মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰিবলৈ ধৰে।

ৰামায়ণত উল্লেখ, ‘জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী’ অর্থাৎ মাতৃ আৰু মাতৃভূমি স্বর্গতকৈও শ্রেষ্ঠ। মহাভাৰততো উল্লেখ যে মাতৃ-পিতৃ আৰু গুৰু জনাৰ সেৱা কৰায়ে মানুহৰ প্ৰধান কৰ্তব্য। অথৰ্ব বেদে কৈছে যে পুত্ৰ নিজ পিতৃভক্ত আৰু তেওঁৰ অন্তৰ মাতৃৰ দৰে হোৱা উচিত। কোৰানত উল্লেখ, ‘মই মানুহক তেওঁৰ পিতৃ-মাতৃৰ লগত সদ্ব্যব্যৱহাৰ কৰিবলৈ আদেশ দিছোঁ’। হজৰত মহম্মদেও কৈছিল, ‘মাতৃৰ চৰণৰ তলত সন্তানৰ স্বৰ্গ’। বুদ্ধদেৱে মাতৃৰ প্ৰেমৰ উদাহৰণ দি কৈছিল, ‘যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ জীৱন হানি হ’লেও তেওঁৰ সন্তানক প্ৰেম কৰে আৰু ৰক্ষা কৰে তেনেকৈ প্ৰত্যেক মানুহে পৃথিৱীৰ সকলো লোককে ভাল পোৱা উচিত’। বাইবেলে কৈছে, ‘পিতৃ-মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হ’ব আৰু দেশত দীৰ্ঘায়ু হ’ব’। অসমীয়া সমাজতো মাতৃৰ বিশেষ স্থান আছে। জয়মতী, ফুলেশ্বৰী কুঁৱৰী, মূলা গাভৰু, কনকলতা আদিয়ে অসম বুৰঞ্জীৰ পাত জিলিকাই ৰাখিছে। কবি আনন্দচন্দ্ৰ আগৰৱালাই কবিতা লিখি গৈছে, ‘কোনে মোক তুলি-তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা খাই। তেওঁ মোৰ পূজনীয়া মৰমৰ আই’। সেয়েহে অসমীয়া সমাজত মাতৃৰ বিশেষ মৰ্যাদা আছে আৰু কথাতে কোৱা হয়, ‘নৈৰ সমান বব কোন, আইৰ সমান হ’ব কোন?’

এই দৰে আমাৰ সমাজত মাতৃৰ প্ৰতি সন্মান দেখুওৱা বহুতো সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা আছে। সেয়েহে এটা দিন নিৰ্দিষ্ট কৰি সেইমতে উদ্‌যাপন কৰাত একো অসুবিধা হ’ব নালাগে। সংস্কৃতি পৰিৱৰ্তনশীল। কোনো সংস্কৃতিয়েই গতিহীন বা স্থিৰ নহয়। আমাৰ ভাষাত কাপ, জগ, মগ, টেবুল, স্কুল, কাগজ, কলম আদি বিদেশী শব্দ কিছুমান যেনেকৈ স্বাভাৱিক হৈ পৰিছে সেইদৰে মাতৃ দিৱসো অস্বাভাৱিক হৈ থকা নাই। আমেৰিকাত আৰম্ভ হোৱা মাতৃ দিৱস আমাৰ সংস্কৃতিয়ে আঁকোৱালি লৈ নিজৰ কৰি ল’ব পাৰিছে।

কষ্টেৰে সন্তান জন্ম দি লালন-পালন কৰি শাৰীৰিক, মানসিক, শৈক্ষিক আৰু আধ্যাত্মিক দিশত গঢ়ি তুলি সমাজ তথা দেশৰ দায়িত্বশীল নাগৰিক হৈ উঠাত মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মহৎ লোকসকলৰ মূলতে পিতৃ-মাতৃৰ ভূমিকা আৰু আদৰ্শ। কলকলাই থকা শিশুৰ প্ৰথম মাত ‘মা’। এই ‘মা’ শব্দটিৰ পৰায়ে হৈছে মাতৃভূমি, মাতৃভাষা আৰু ভাৰতমাতা ইত্যাদি। প্ৰণিধানযোগ্য যে একেই ধৰণৰ উচ্চাৰণেৰ ইংৰাজীত ‘মম’ আৰু ‘মামী’; আৰবী, জাৰ্মানী, ডাছ, স্পেইনিজ, ৰাছীয়ান আৰু গ্ৰীক আদি ভাষাত ‘মামা’, ফৰাচীত ‘মামান’ আদি পৃথিৱীৰ প্ৰায়বিলাক ভাষাতে মাতৃক সম্বোধন কৰা ‘মা’ উচ্চাৰণৰ লগত বহুতো মিল আছে। গতিকে ‘মা’ বিশ্বজনীন বা সৰ্বজনীন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে কৈছিল, ‘মই দেখা সকলোতকৈ মোৰ মা ধুনীয়া আছিল। মই যি হওঁ, মোৰ মাৰ বাবেহে। মোৰ জীৱনৰ সকলো শাৰীৰিক, নৈতিক আৰু বৌদ্ধিক শিক্ষাৰ মূলতে মোৰ মা’। সঁচাকৈ মাতৃ অতি মৰমৰ আৰু পূজনীয়। কিন্তু আজি আমাৰ সমাজত যেন মাতৃসকল ব্যথিত। আমি যেন মাতৃসকলে পাবলগীয়া মৰম আৰু আদৰত কৃপণালি কৰি আহিছোঁ। তেওঁলোকক সন্তানসকলে দিব পৰ নাই হিয়া উজাৰি মৰম, সহানুভূতি আৰু মান-সন্মান। সেয়েহে এই সকলো কথা সোঁৰৱাই দিবলৈ প্ৰয়োজন এটি সুকীয়া দিনৰ, মাতৃ দিৱসৰ।

%d bloggers like this: