Category Archives: সম্পাদকলৈ চিঠি

চিঠি-পত্ৰ – দেৱজিৎ গগৈ

শ্ৰদ্ধাৰ দেবেন দত্ত ছাৰ সমীপেষু !!
(এখন পুৰণি ছবি/সংবাদৰ আঁত ধৰি)
প্ৰথমেই ভাষা সমস্যাৰ এটি খতিয়ান
আমি আপোনাৰ শিষ্য। বহুতো নজনা অসমীয়া শব্দ আপোনাৰ পৰাই জানিলো, শিকিছিলো।
মুখ্য কথালৈ আহোঁ –
“বান্দৰালি আৰু বান্দৰামি” আপোনাৰ নিবন্ধ এটাত এই সামান্য শব্দটোৰ প্ৰয়োগত অকণমান ত্ৰুটি ৰৈ যাওঁতে গোটেইখন তাল-ফাল লগাইছিল, মনত আছে। আপোনাৰ স্তম্ভ লিখন হওক বা দূৰদৰ্শনৰ টক্ শ্ব’ একান্ত মনে পঢ়োঁ আৰু শ্ৰৱণ কৰোঁ নতুন কিবা শিকাৰ আশাত। আপুনি, লক্ষ্মীনাথ তামুলী ছাৰ, ড° হীৰেন গোহাঁই ছাৰ, মনজিত মহন্তৰ দৰে বিদ্বানসকল আছে বাবেই আমি নিৰ্ভয়ে আৰু সদম্ভে ঘোষণা কৰোঁ – অসমীয়া জাতি আৰু ভাষাৰ প্ৰকৃত ত্ৰাতাৰ এতিয়াও অভাৱ হোৱা নাই অসমত।

অসমৰ সময় আৰু পৰিবেশে মোট সলালে। সকলোতে চেপা যুদ্ধৰ দামামা। প্ৰতিজনৰ বিবেকে চিৎকাৰ কৰি উঠিছে – পেটকটা “ৰ”টোৰ আসন্ন মৃত্যু দেখি। লিখাই লিখিছে, প্ৰতিবাদ কৰাই কৰিছে …, মাথোন আপুনি নাই।

দ্বিতীয় আৰু প্ৰধান সমস্যা
আপোনাৰ দৃষ্টিত প্ৰকৃত বিদেশী কোন? আপুনি কোৱাৰ দৰে অসমখন কোনে খুলি খুলি খাইছে? উত্তৰ এই কাৰণে জানিব মন যায় যে আজিৰ পৰা দহ/বাৰমাহ মান আগলৈকে অসমৰ আটাইতকৈ বেছি বাংলাদেশী ভূতৰ সপোন দেখা (দিনতে) আপুনিয়েই একমাত্র সচেতন ব্যক্তি আছিল। দূৰদৰ্শনৰ পৰ্দাত আপোনাৰ আস্ফালন এতিয়াও মনত আছে যে অখিল গগৈ বাংলাদেশীৰ ভাৰাতীয়া আন্দোলনকাৰী। কিন্তু সেইজন অখিল গগৈয়ে আজি দেখোন গাঁৱে গাঁৱে গৈ সজাগতা সভা অনুষ্ঠিত কৰি আছে বাংলাদেশী/বিদেশীৰ বিৰুদ্ধে, কিয়? আপুনি ৰূপালী পৰ্দাৰ মঞ্চ ত্যাগ কৰি এনেকৈ কেতিয়াবা মানুহক সজাগ কৰি পাইছেনে? দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পুলিচ প্ৰশাসনৰ বেহু ভেদ কৰি পাইছেনে … ইত্যাদি ইত্যাদি বহুত প্ৰশ্নই জুমুৰি দি যায় মনত। কিয়নো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰপৰা আপুনি সম্পূৰ্ণ নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ ধৰিলে, কিয়? আপোনাৰ দৃষ্টিত অসমখন বিদেশীমুক্ত হৈ গ’ল নি? সক্ৰিয় ৰাজহুৱা কৰ্মীৰূপে আপোনাৰ ভাৱমূৰ্ত্তি নিৰ্দিষ্ট এক বৃত্তৰ পৰিধিৰ অভিকেন্দ্ৰীক গতিহে আছিল নি ?

মৃত্তিকাৰ মূৰ্তবোৰ পূজাৰ সমাপ্তিৰ পিছত নৈ’ত বিসৰ্জন দিয়ে আৰু উটি যায় দূৰ দূৰলৈ। আপুনি মূৰ্ত প্ৰতীক নহয়। আপুনি এজন জেষ্ঠ সক্ৰিয় ৰাজহুৱা কৰ্মী। আপুনি সস্তীয়া প্ৰলোভনত উটি নাযায়, আমি জানো। তফাৎ আপুনি আজি মৌন। কিয় ? মাতক ছাৰ, এষাৰ মাতক। কিয়নো সময় বৰ নিষ্ঠুৰ আৰু ই কেতিয়াও কাকো ক্ষমা নকৰে।
শেষত কওঁ – আপোনাৰ দৰে আমি উচ্চ শিক্ষিত নহওঁ, ভুল হলে ক্ষমা কৰিব ছাৰ! জয় আই অসম।
(১১/০১/২০১৬ চনৰ কাকত এখনত আপোনাৰ ছবিখন দেখি দুষাৰ লিখিলো, পৰিস্থিতিৰ তাগিদাত)

%d bloggers like this: