Category Archives: ভ্ৰমন কাহিনী

সীমাৰ পৰিধি ভাঙি—জৰ্জিয়া, টিবিলিছি, কাখেটিলৈ***(৪) -মল্লিকা কলিতা

ৱাইন প্ৰেমীসকলে জৰ্জিয়াক বহুত ধন্যবাদ দিয়া উচিত । এই কথাটো ব্যাপকৰূপত মানি লোৱা হৈছে যে ইয়াত সৰ্বপ্ৰথমে ৱাইন তৈয়াৰ কৰা হৈছিল, ৭০০০বছৰৰো আগৰ পৰা । আচলতে ইংৰাজী ‘Wine’ শব্দটো ‘Gvino’(জৰ্জিয়ান ভাষাত ৱাইনক বুজোৱা হয়)ৰ লোৱা হৈছে । পুৰাতাত্বিক অৱশেষ সমূহে আভাস দিয়ে যে খ্ৰীষ্ট পূৰ্ব ৪০০০বছৰ আগতেই আঙুৰৰ ৰস ফাৰমেণ্ট কৰিবলৈ মাটিৰ তলত মাটিৰ পাত্ৰত ৰখা হৈছিল জাৰকালিৰ সময়ছোৱাত । আঙুৰ জৰ্জিয়াৰ সংস্কৃতিৰ বাবে মহত্বপূৰ্ণ আৰু ধৰ্মীয় ঐতিহ্যৰ সৈতে কটকটীয়াকৈ সীমাবদ্ধ কৰা হৈছে । জৰ্জিয়াত প্ৰতি পৰিয়ালে নিজাকৈ আঙুৰ খেতি কৰাটো আৰু ৱাইন উৎপন্ন কৰাটো তেনেই সাধাৰণ কথা । ভোজ-ভাত আৰু অতিথিপৰায়ণতা জৰ্জিয়াৰ সংস্কৃতিৰ মুখ্য আধাৰ । পৰম্পৰাগত ভোজ এজন toastmaster নাইবা Tamada ই পৌৰোহিত্য কৰে, যিয়ে ভোজন পৰ্বটোত বিভিন্ন খাদ্যৰ তদাৰকী কৰে আৰু ৱাইন যাতে অকৃপণভাৱে বৈ থাকে সেয়া সুনিশ্চিত কৰে । এই ভূমিভাগ প্ৰাকৃতিক উপহাৰৰ বাবে সুনাম আছে । পাঁচশ বিধ আঙুৰৰ প্ৰজাতি ইয়াত পোৱা যায় । এনেকুৱা বৃহৎ বৈচিত্ৰ পৃথিবীৰ অন্য কোনো প্ৰান্ততে পাবলৈ নোহোৱা । ইয়াৰে ৪০প্ৰজাতিৰ আঙুৰৰ পৰা ব্যৱসায়িক ৰূপত ৱাইন উৎপাদনত ব্যৱহৃত হয় । আঙুৰ উৎপাদন (viticulture)ৰ চৰ্ত সমূহ ইয়াত ফলপ্ৰসূ কাৰণ- গ্ৰীষ্মকালছোৱা কদাচিৎহে প্ৰয়োজনতকৈ বেছি গৰমৰ প্ৰকোপ দেখিবলৈ পোৱা যায় । শীতৰ সময়খিনিও মৃদুভাৱে শীত অনুভৱ কৰা যায় । ইয়াৰ উপৰি আঙুৰৰ বাগিছাৰ চাৰিওফালে থকা পৰ্বতসমূহ প্ৰাকৃতিকভাৱে বসন্তৰ পয়োভৰ আৰু নদীসমূহ খনিজ যুক্ত পানীৰে ধনী । ইয়াকে সূচায় যে জৰ্জিয়ান ৱাইনৰ খ্যাতি ইয়াৰ ‘অসাধাৰণ বিশুদ্ধতা’ । ১৫০ মিলিয়ন লিটাৰ ৱাইন বছৰি জৰ্জিয়াত উৎপাদিত হয় আৰু ইয়াৰ বাবে ৪৫,০০০ হেক্টৰ মাটিকালিত আঙুৰৰ খেতি কৰা হয় । ১৮খন বিশিষ্ট আঙুৰৰ ক্ষেত্ৰ আছে য’ত আঙুৰৰ প্ৰকাৰ, ৰোপণ ঘনত্ব, উৎপাদন প্ৰাপ্তি (প্ৰতি হেক্টৰত) আদিবোৰ কৃষি মন্ত্ৰালয়ে নিয়ন্ত্ৰণ কৰে । জৰ্জিয়াৰ ৱাইন প্ৰধানত এইবোৰ অঞ্চলত হয়—কাখেটি ( Kakheti ) Kartli(পূবত) , আৰু Imereti, Samegrelo, Guria, Ajaria, and Abkhazia (পশ্চিমত)। এতিয়ালৈকে এইবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কাখেটি অঞ্চল , য’ৰ পৰা ৭০% উৎপাদন হয় । ইউটিউবত উপলব্ধ ভিডিঅ’ত দেখিবলৈ পাইছিলোঁহ’ক প্ৰাকৃতিকভাবে আৰু শিল্প-নৈপুণ্যৰ বিচক্ষণতাৰে কিদৰে জৰ্জিয়াৰ গাঁও অঞ্চলত ‘Qvevri wine-making’ পদ্ধতিৰে ৱাইন প্ৰস্তুত কৰা হয় । ‘Qvevri’ ডিম্বাকৃতিৰ মৃন্ময় পাত্ৰ যাক ৱাইন প্ৰস্তুতিত আৰু সংৰক্ষণ কৰা হয় । Qvevri নিৰ্মাণ তথা ৱাইন প্ৰস্তুতৰ জ্ঞান আৰু কৌশল আগুৱাই লৈ গৈছে পৰিয়াল, ওচৰ-চুবুৰীয়া, বন্ধুবৰ্গ, আত্মীয়-স্বজনলৈ যাতে সকলোৱে যোগদান কৰিব পাৰে সামুদায়িকভাবে শস্য চপোৱা আৰু ৱাইন প্ৰস্তুত কাৰ্যকলাপত । নিজৰ জ্যেষ্ঠজনক অনুকৰণৰ মাধ্যমেৰে সৰুবোৰে শিকে আঙুৰলতাৰ পৰিচৰ্যা কৰিবলৈ, আঙুৰবোৰ ফেনেকিবলৈ, ৱাইন ফাৰমেণ্ট কৰিবলৈ, বোকা মাটি সংগ্ৰহ কৰে , তৈয়াৰ কৰে Qvevri ।

প্ৰথমে আঙুৰসমূহ ভৰিৰে ফেনেকি তাৰ ৰস উলিয়াই, আঙুৰৰ বাকলি তথা ঠাৰিৰে সৈতে Qvevri ৰ ভিতৰত সুমুৱাই পথৰুদ্ধ কৰি মাটিৰ তলত পুতি থোৱা হয় পাঁচ-ছয় মাহৰ বাবে । যাতে ৱাইনখিনি ফাৰমেণ্ট হৈ পৰে । সেইবোৰ ডিঙিলৈকে মাটিত পুতি থোৱা হয় এটি স্থিৰ তাপমাত্ৰা বনাই ৰাখিবলৈ । বেছিভাগ খেতিয়ক আৰু নগৰৰ বাসিন্দাই এই পদ্ধতিৰে ৱাইন প্ৰস্তুত কৰে । ৱাইনে দৈনন্দিন জীৱনত আৰু ধৰ্মীয় অনুষ্ঠান, ৰীতি-নীতি পালনত-উদযাপনত মহত্বপূৰ্ণ ভূমিকা লয় । ‘ৱাইনৰ ভূগৰ্ভস্থ ভাণ্ডাৰ’ক ঘৰৰ সকলোতকৈ পৱিত্ৰ স্থান ৰূপে গন্য কৰা হয় । Qvevri ৱাইন প্ৰস্তুত পৰম্পৰাই স্থানীয় সমূদায়ৰ জীৱন শৈলীৰ সংজ্ঞা আৰু শুদ্ধ ব্যাখ্যা দাঙি ধৰে । ই সাংস্কৃতিক পৰিচয় আৰু উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা অবিচ্ছেদ্য অংগ । ৱাইন আৰু আঙুৰলতাই গীত-মাত বিলাকতো স্থান পাইছে । কাখেটিৰ পিছত আমাৰ গন্তব্যস্থান হ’ল চিগ্নাগী (Signagi) । জৰ্জিয়াৰ পূৰ্বপ্ৰান্তৰ অঞ্চল ‘কাখেটি’ৰ এখন মনোৰম চহৰ আৰু প্ৰশাসনিক কেন্দ্ৰ ‘চিগ্নাগী নগৰপালিকা’ৰ । ঠাইডোখৰ পাহাৰীয়া । যদিও ই জৰ্জিয়াৰ আটাইতকৈ সৰু চহৰৰ এখন, চিগ্নাগী এখন লোকপ্ৰিয় পৰ্য্যটন স্থল ৰূপে চিহ্নিত হৈ আহিছে ; ৱাইন বৰ্দ্ধিষ্ণু ক্ষেত্ৰসমূহৰ অন্তৰত যে ইয়াৰ অৱস্থিতি । চিত্ৰানুগ নৈসৰ্গিক দৃশ্যাৱলী, সংকীৰ্ণ কাব’লষ্টোন(cobblestone)ৰ বাটপথবোৰে এই চহৰৰ শোভা বৰ্দ্ধন কৰিছে । চিগনাগীয়ে সুবিশাল আলাজ্যা্নী (Alazani) উপত্যকাক উপেক্ষা কৰি সাগৰ-পৃষ্ঠৰ পৰা ৭৯০মি. উচ্চতাত এখন থিয় পাহাৰত অৱস্থান কৰিছে । অদূৰত ককেছাছ পৰ্বতমালা দৃশ্যমান । ‘প্ৰেমৰ নগৰী’(City of love) নামেৰে জনাজাত চিগ্নাগী আৰু ইয়াৰ পৰিপাৰ্শ্ব বহু ঐতিহাসিক আৰু সাংস্কৃতিক কীৰ্তিস্তম্ভ সাক্ষৰ বহন কৰিছে আৰু ১৯৭৫ চনৰ পৰা বিশেষভাবে সংৰক্ষিত । চহৰখনৰ অট্টালিকাসমূহৰ নিৰ্মাণ শৈলীত প্ৰাচীনকালৰ ইটালীয় শিল্পৰ অনুকৰণত জৰ্জিয়াৰ উপাদান পৰিস্ফুট । টিবিলিছিৰ পৰা ১১৩কি.মি. দূৰৈত শান্ত, ধুনীয়া, চহৰখন পৰিৱেষ্টিত হৈ আছে চাৰি কি.মি. দৈৰ্ঘ্যৰ উচ্চ প্ৰতিৰোধকাৰী প্ৰাচীৰেৰে । আমি দুপৰীয়াৰ আহাৰ সেইদিনাখন তাত কৰোঁতে ইতিমধ্যে বহু পলম হৈছিল ; বেলি পৰিছিল, গধূলিয়ে হৈছিলগৈ । আমি নিৰামিষ আহাৰ ব্ৰেড, পিজ্জা, Ajapsandali (GEORGIAN EGGPLANT STEW) আদিৰে সমাপন কৰিছিলোঁ । বহুতো গছ-গছনিৰে ভৰা, সংকীৰ্ণ পাত্থৰৰ বাটপথেৰে ই ইউৰোপীয় চহৰলৈ পৰ্যবসিত হৈছে । আমিও পথসমূহত খোজ কাঢ়িছিলোঁ, ফটো আদি উঠি সময় পাৰ কৰিছিলোঁ । ঘৰবোৰ উজ্জ্বল ৰঙা টাইলচৰ । জৰ্জিয়া বুৰঞ্জীৰ অবিচ্ছেদ্য অংগ ‘ৱাইন প্ৰস্তুত বুৰঞ্জী’ । ৮০০০ বছৰীয়া পুৰণি ৱাইন প্ৰস্তুত পদ্ধতি যিটো নেকি প্ৰত্নতত্ত্ববিদ আৰু UNESCO প্ৰমাণিত । প্ৰত্নতাত্বিক খননে নিশ্চিত কৰিছে দুখন পুৰণি ৰাজ্যৰ অধিবাসীয়ে ছয় সহস্ৰাব্দ বছৰ আগতে খেতি কৰিছিল আঙুৰলতাৰ । পুৰণি ৱাইন থোৱা মাটিৰ পাত্ৰ, পিতল, ৰূপ, সোণৰ পিয়লা, ৱাইনৰ পিপা (barrel) য’ত লিপিবদ্ধ আছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয়/তৃতীয় সহস্ৰাব্দৰ বুলি । আঙুৰৰ বীজ আৱিষ্কৃত হৈছে খননৰ সময়ত । প্ৰত্নতাত্বিক প্ৰমাণ কৰি দিছে যে জৰ্জিয়া নিসন্দেহে ‘Cradle of Wine’ । পাঁচশ প্ৰকাৰৰ আঙুৰ ইয়াত উপলব্ধ । ‘জৰ্জিয়ান ৱাইন’ ক ৰাখিবই খোৱা মেজত ! এটা চুমুক দিবই, আপুনি ৱাইন ৰসগ্ৰাহী হওক বা নহওক! উপেক্ষা কৰা যায় কেনেকৈ! গতিকে ৱাইন চিগনাগীত কিনা হ’ল । জানিবলৈ সক্ষম হৈছিলোঁ তাত বহুত পাঞ্জাৱী লোকে মাটিবোৰ লিজ’ত লৈ খেতি কৰাৰ কথা । পাঞ্জাৱীসকল আজি বিশ্বৰ সৰ্বত্ৰ বিয়পি পৰিছে, কিন্তু নিজৰ সত্তা হেৰুওৱা নাই । নিজৰ পৰিশ্ৰম আৰু সততাৰ গুণত আগবাঢ়িব পাৰিছে, জগত ব্যাপী নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিব পাৰিছে । এই দুটি অৰ্হতাই তেওঁলোকৰ উত্থানৰ ক্ষেত্ৰত প্ৰমুখ ভূমিকা লৈছে । পুটিনক যেন বৰ এটা ভাল চকুৰে নাচায় জৰ্জিয়ানসকলে , সেয়া ড্ৰাইভাৰ জৰ্জৰ মুখৰ পৰা সৰি পৰিল । কিন্তু ৰাচিয়ান লোকসকলৰ প্ৰতি ভাল ভাব বিদ্যমান আৰু নাটোবাহিনী হে দোষী সকলো ঘটনাৰ । ঘূৰি অহাৰ বেলিকা আমাৰ কণমানি কেইজনীয়ে ‘জু’ চাবলৈ নাচোৰবান্দা । ‘ফ্ৰেইণ্ড’ জৰ্জক কোৱাত ক’লে জু বন্ধ বৰ্তমান । তেতিয়া চেৰেংকৈ মনলৈ আহিল কিছুদিন আগত দেখিবলৈ পাইছিলোঁ জন্তুবোৰ চিৰিয়াখানাৰ পৰা ওলাই পথ পাইছেহি, এনেকি মানুহৰ বসতি পাইছেহি । বানপানীয়ে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল । কিছু জন্তুক প্ৰশাসনে হত্যা কৰিছিল উপায়ন্তৰ হৈ । টিবিলিছি চিৰিয়াখানাই ২০১৫ চনৰ জুন মাহৰ সংবাদ শিৰোনাম দখল কৰিছিল প্ৰলয়ংকাৰী বানৰ বাবে । বিস্তৰ ক্ষতি কৰিছিল কেৱল চিৰিয়াখানাৰেই নহয়, বাসিন্দা, নগৰৰ আৱাসী প্ৰমুখ্যে । এটা জলহস্তীয়ে টিবিলিছিৰ মাজমজিয়াত থিয় হৈ থকা ফটোখনে সমগ্ৰ পৃথিৱীৰে দৃষ্টি আকৰ্ষণ কৰাই নহয় অনুকম্পা আদায় কৰিছিল ; উথপথপ লাগিছিল সহায়ৰ বাবে । মনটো আকৌ এবাৰ ভৰাই তুলিলে ।

town_of_signagi_georgia_europe

%d bloggers like this: