Category Archives: প্রবন্ধ

প্ৰবন্ধ: সমাজ উশৃংখলতাৰ কেন্দ্ৰবিন্দুৰ পম খেদি – বিষ্ণু বড়া

এই সমাজ উশৃংখলতাৰ আঁৰত দোষী কোন ? কিছুমান জঘন্য অপৰাধজনিত তথা গাৰ নোম শিহৰিত কৰা ঘটনাবোৰে জীৱ-শ্ৰেষ্ঠ মানৱ জাতিৰ সমাজৰ এক ভয়ংকৰ ভাবুকি স্বৰূপ হৈ সমাজ ব্যৱস্থাক প্ৰদূষণ কৰি তুলা নাইনে ?

পুৱাৰ দৈনিক বাতৰি কাকতখন পঢ়াৰ পৰা দিনটো টেলিভিচনৰ বাতৰিৰ শিৰোনামালৈকে এই শব্দটো জিলিকি থাকে। এইয়াই প্ৰমাণ কৰে যে আমি কিমান সভ্য জীৱ বা কিমান শ্ৰেষ্ঠ। মানৱ সমাজৰ এই লজ্জাজনক ঘটনাৰ দোষী কোন নায়ক জন নে নায়িকা গৰাকী ?

ইয়াৰ সঠিক উত্তৰ দিবলৈ বৰ কঠিন। যি কি নহওক, আমি এই দিশত প্ৰথমে অভিভাৱক সকলক নিৰীক্ষণ কৰা উচিত। অভিভাৱক সকলে নিজৰ সন্তানৰ প্ৰতি কিমান সজাগ। কাৰণ অভিভাৱক সকলকলেই নৱ-প্ৰজন্মৰ আদি।

আপোনাৰ আলাসৰ সন্তান ল’ৰাটোৰ প্ৰতি কিমান দায়িত্ব তথা চোকা দৃষ্টি ৰাখিছে।
হয় আপুনি বহু চোকা দৃষ্টি ৰাখে…..
“আপুনি চুবুৰীয়া আন ল’ৰাবোৰৰ মটৰ চাইকেল বিলাকতকৈ বিলাসী নতুন প্ৰযুক্তিৰ মটৰ চাইকেলখন যোগাৰ কৰি দিছে স্কুল/কলেজ যাবলৈ।”
কিন্তু আপুনি খবৰ ৰাখিছে নে লৰাটো নিয়মীয়া কৈ কলেজৰ ক্লাছ কেইটা কৰিছেনে?
“নাই লোৱা”
কাৰণ আপুনি নিচিন্ত আপুনি লৰাটোক সুন্দৰকৈ সুবিধা দিছে নিশ্চয় সি নিয়মীয়াকৈ কলেজলৈ গৈছে।

“সন্ধিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই গলে আপুনি তাক প্ৰশ্ন কৰেনে সি সদায় কি কামত কলৈ যায়, আপুনি কেতিয়াবা তাৰ মনৰ ভাববোৰৰ উমান লৈছেনে, সি আজৰি সময়ছোৱাত ক’ত গৈ কি কৰে খবৰ লৈছে নে?”
কিন্তু আপুনি খবৰ লৈছে মটৰ চাইকেলখন ঠিক ঠাক আছেনে, আপুনি উমান লৈছে Pocket money আছেনে….,
“সন্ধিয়া ওলাই গৈ ৰাতি পলমকৈ ঘৰলৈ উভতি আহোঁতে আপুনি তাক প্ৰশ্ন কৰিছেনে কিয় পলম হ’ল….?”
কিন্তু আপুনি নিমাতে আছে, কাৰণ ল’ৰা ডেকা হৈছে লগৰীয়া লগত কথা পাতোতে পলম হৈছে বুলি।
এনেকৈ আপোনাৰ সন্তান এদিন ঘৰুৱা শাসনৰ পৰা বঞ্চিত হৈ কু-কৰ্ম কৰিবলৈ ভয় নকৰা হয়। তেন্তে আপোনাৰ সাধাৰণ ভুলৰ বাবে এদিন আপোনাৰ মৰম আলাসৰ পুত্ৰ হৈ পৰিব পাৰে এটা ডাঙৰ অপৰাধী।

পিছে আপোনাৰ মৰম আলসুৱা সন্তান ছোৱালী জনীৰ প্ৰতি আপুনি কিমান দায়িত্ব লৈছে বাৰু ….?
হয় আপুনি তাইৰ প্ৰতি বহু দায়িত্ব লৈছে…..
“আপুনি দিনে ৰাতিয়ে কষ্ট কৰি তাইলৈ যোগাৰ কৰি দিছে এটি নামি দামী মোবাইল।”
কিন্তু আপুনি পাহৰি গৈছে খবৰ লবলৈ তাইৰ মোবাইল ব্যৱহাৰ ক’ত ?
“চলা ফুৰাৰ সুবিধাৰ বাবে আপুনি তাইক লৈ দিছে এখন বিলাসী স্কুটাৰ।”
কিন্তু আপুনি এবাৰলৈ তাইক সোধা নাই পুৱা/সন্ধিয়া ঘৰৰ পৰা বাহিৰলৈ কিয় আৰু কলৈ ওলাই যায়। কাৰণ তাই এতিয়া ডাঙৰ হৈছে সকলো কথা বুজি পোৱা হৈছে তাতে আকৌ আপোনাৰ ব্যস্ততাৰ আহৰি নাই। অভিভাৱকে প্ৰতিদিনে সোধা উচিত আপোনাৰ সন্তান কলৈ যায়, কি গৈছে, ভাল কাম হয়নে, সেই ঠাইত সন্তানটি পাইছেগৈ নে। এনেবোৰ দিশ আমি সাধাৰণ ভাৱে নলৈ গুৰুত্ব ভাৱে লোৱা উচিত। এনে সাধাৰণ অসাৱধানতাতেই আমাৰ বহু ভুল হৈ যায়।
“আপুনি তাইৰ মন প্ৰচন্দৰ নতুনকৈ বজাৰলৈ অহা দামী সাজযোৰ লৈ দিছে।”
কিন্তু আপুনি সেই সাজযোৰ পিন্ধিলে তাইক মুখামুখিকৈ চাব পাৰেনে? নোৱাৰে…. ।
সন্তানৰ মোহত, মনত আঘাত লগাৰ ভয়ত আপুনি নিমাত হৈ থাকিবলগীয়া হয়। কাৰণ আধুনিক যুগ প্ৰতিযোগিতাৰ সমাজ। আপোনাৰ এই উচ্চ মনেৰে নিজকে আধুনিকতাৰ লগত খোজ মিলাই থাকোতেই এদিন আপোনাৰ মৰমৰ ছোৱালী সন্তানটিৰ জীৱনলৈ কলংকৰ ধুমুহা আহে…..।
“নিজ ভালেই জগত ভাল” এই উক্তিৰ বাক্যশাৰীতে আমি সীমাবদ্ধ নাথাকি প্ৰতি জন অভিভাৱকে নিজ নিজ সন্তানক সমাজ সংস্কাৰৰ ঘৰুৱা শিক্ষাৰে শিক্ষিত কৰা উচিত।
কাৰণ অসমীয়া কথাৰে এষাৰ সুন্দৰ প্ৰবচন আছে “উপদেশতকৈ আৰ্হি ভাল”। সেয়েহে বিদ্যালয়ৰ শিক্ষাৰ মাজতে আবদ্ধ নাৰাখি প্ৰতিজন সন্তানকে শিশু কালৰ পৰাই সমাজৰ ৰীতি-নীতি শিক্ষাৰে সু সজ্জিত কৰা উচিত। তেহে আপোনাৰ সন্তান সমাজৰ সুশৃঙ্খলাবদ্ধ ব্যক্তি হবলৈ সক্ষম হব। তথাপি কিছু ক্ষেত্ৰত পৰিৱেশ আৰু পৰিস্থিতিত বহুতে দাস হব লগা হয়। কিন্তু সেই পৰিবেশ পৰিস্থিতিৰ প্ৰদূষণৰ নিয়ন্ত্ৰণ এজন এজন অভিভাৱক সকলৰ হাততেই আছে। কাৰণ পৃথিৱীৰ প্ৰতিজন অপৰাধীৰেই অভিভাৱক আছে।

এখন সমাজৰ পৰা অপৰাধজনিত ঘটনাৰ পৰা মুক্তি পাবলৈ প্ৰতি জন অভিভাৱকে নিজ নিজ সন্তানৰ প্ৰতি দায়িত্ব বুজি সু-পৰামৰ্শৰে সঠিক পথ দেখুওৱা উচিত। যি পথেৰে আগুৱাই গ’লে সমাজত কোনো কলংকৰ চেকা নালাগে। তেহে এখন শৃংখলাবদ্ধ পৰিষ্কাৰ সমাজ সৃষ্টি হ’ব।

%d bloggers like this: