Category Archives: নীলা খামৰ চিঠি

এখন চিঠি ණসুস্মিতা দাস

মৰমৰ……. আশা কৰো বহুত ভালে আছে। বিহু ভালে ভালে গ’ল চাগৈ। আপোনাৰ
ব্যস্ততাবোৰো নতুনকৈ বাঢ়িল চাগৈ। এইবাৰ বছৰৰ আৰম্ভণিতেই বৰষুণ দিছে। খেতি
ভালেই হ’ব যেন লাগিছে। পথাৰত আপুনি সোণৰ লেছেৰি বুটলিব খোজা সপোনটো
এইবাৰো যেন ঠন ধৰি উঠে। মোৰ খবৰ? আগৰ দৰেই। ঠিক আপুনি গুছি যোৱা ক্ষণত
যেনে আছিল। দুখ? ওঁহো, মুঠেই নাই। বাৰু বাদ দিয়ক সেইবোৰ কথা। সিদিনা
ক’ৰবাত পঢ়িলো, “কেতিয়াও কাকো নুসুধিবা, তেওঁ কিয় তোমাক অকাৰণতে দুখ দিছে,
যাতনা দিছে। নিজক সোধা, তুমি কিয়, তেওঁ কিয়, তুমি দুখ দিবলৈ, তোমাক যাতনা
দিবলৈ অনুমতি দিছা।” কথাষাৰ মিছাতো নহয়। আমি গৰল নিজে জানি বুজি পিওঁ,
কোনোৱে আমাক বাধ্য নকৰায় গৰল পিবলৈ। জীৱনটো আমি নিজে পৰিচালিত কৰো, আপুনি
বা মই ভবাৰ দৰে জীৱনে আমাক পৰিচালিত নকৰে। অহ… সাধু এটা মনত পৰিল।
শুনাও ৰ’ব আপোনাক। শুনিবনে? শুনিবই লাগিব আপুনি…… এবাৰ সন্ত পুৰুষ
এজন এখন গাঁওলৈ আহিল। ৰাইজে তেওঁক যথাবিধি আদৰ-যত্ন কৰিলে। এপাকত সাধুজনে
ওখ গম্বুজ এটা জোৰেৰে ধৰি চিঞৰিবলৈ ধৰিলে, “এৰি দিয়া, মোক এৰি দিয়া”
উপস্থিত ৰাইজ আচৰিত হ’ল। এজনে ক’লে, “বাবা আপুনি কি কয়, গম্বুজটোৱে
আপোনাক ধৰি ৰখা নাই, আপুনিহে সেইটোক জোৰেৰে খামোছ মাৰি ধৰি আছে।” সাধুজনে
তেতিয়া ধীৰ স্বৰে ক’লে, “ঠিক কৈছা বাছা, মইহে গম্বুজটোক ধৰি আছো। আমাৰ
দুখবোৰো ঠিক গম্বুজটোৰ নিচিনা। আমিহে দুখবোৰক ধৰি থাকো, দুখবোৰে আমাক
আবৰি নাথাকে…….. বাহিৰলৈ ওলাই চোৱা, পৃথিৱীখন বহুত ধুনীয়া…… ”
সেইয়া ৰে’ডিঅত বাজি আছে মোৰ প্ৰিয় গীতৰ কলি.. “ৰে বিনা মেৰা ক্যা খো
জায়ে, য়ে কোই ইচ দুনিয়াকো ক্যা সমঝায়ে…………. “শুনিছেনে আগতে?
বিহুৰ বতৰ? অ’ এয়া বিহুৰ বতৰ… কুলিজনীয়ে মন-মতলীয়া কৰাৰ বতৰ। যিদিনা
আপুনি আহিব, সেন্দুৰীয়া হৈ উঠিব আমাৰ ঘৰলৈ অহা প্ৰতিটো ৰাজআলি…
সেইদিনাই হ’ব মোৰ বাবে ব’হাগৰ দুপৰীয়া। আজিলৈ সামৰিছো…. কুশলে থাকিব।
আপুনিতো জানেই আপুনি কুশলে থাকিলেই মই জোখতকৈ বেছি সুখী হওঁ……….
প্ৰান্তত “সুস্মিতা”

Advertisements
%d bloggers like this: