Category Archives: গ্রন্থ সমালোচনা

নেতাজীৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যা! – নিতুপন কুমাৰ ডেকা

স্বাধীনতা আন্দোলন বুলি ক’লে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামটো সচৰাচৰ সকলোৰে মনলৈ আহে যদিও প্ৰতিজন ভাৰতীয় নাগৰিকৰ প্ৰতিবিন্দু তেজৰ টোপালত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামটো অহৰহ গুজৰি গুমৰি থাকে। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ক্ষেত্রত বৃটিছ চৰকাৰে মহাত্মা গান্ধীৰ অহিংস আন্দোলনক বেছি ভয় কৰিছিল নে আজাদ হিন্দ ফৌজৰ সেনানায়ক সুভাষ চন্দ্ৰ বসুৰ তেজৰ পৰিবৰ্তে স্বাধীনতা কাঢ়ি অনা নীতিক ভয় কৰিছিল সেয়া বিভিন্ন মহলত এতিয়াও চিন্তা-চৰ্চা হৈ আছে। এইজন জাতীয় নায়কৰ মৃত্যু ৰহস্য আজিকোপতি সম্পূৰ্ণভাৱে উদ্ধাৰ নোহোৱা কাৰ্যত যে এক অপ্ৰিয় সত্য লুকাই আছে সেয়া এশ শতাংশই নিশ্চিত।

এই বছৰৰ এপ্ৰিল মাহৰ প্ৰথম ভাগত বনলতা প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা নীলিম আকাশ কাশ্যপ আৰু অনুৰণন আদিত্যৰ “নেতাজী দুৰ্ঘটনা নহয়, হত্যা!” শীৰ্ষক গ্ৰন্থখনে বিভিন্ন সচেতন মহলত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰে। গ্ৰন্থখনত নেতাজী হত্যাত জড়িত লোকসকলৰ বিশদ বিৱৰণ সকলোৰে আগত দাঙি ধৰাৰ উপৰিও বিভিন্ন সময়ত নেতাজীৰ মৃত্যু ৰহস্যৰে পৰিপূৰ্ণ গোপন ফাইলসমূহ লোকচক্ষুৰ পৰা লুকুৱাই ৰখা কাৰ্যত জড়িতসকলৰো বিৱৰণ দিয়া আছে। আটাইতকৈ মন কৰিবলগীয়া কথাটো হৈছে যে এই সমগ্ৰ বিৱৰণৰাজী অন্ধকাৰত ফৰ্মুটি মাৰি ৰাইজৰ জ্ঞাতাৰ্থে এৰি দিয়া হোৱা নাই, বৰঞ্চ প্ৰতিটো ক্ষেত্ৰতে নিৰ্দিষ্ট নিৰ্ভৰযোগ্য তথ্যসমৃদ্ধ সত্যৰে সকলোৰে বোধগম্য হোৱাকৈ প্ৰকাশ কৰা হৈছে, যিটো কিতাপখন পঢ়ি উঠাৰ পিছত প্ৰতিজন পাঠকে ভালদৰে উপলব্ধি কৰিব পাৰিব। নেতাজীৰ মৃত্যুৰ লগত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু ষ্টেলিনৰ পোনপটীয়া সম্পৰ্ক, শ্বাহ নৱাজ কমিটি আৰু খোছলা আয়োগ আদিকে ধৰি বিভিন্ন তদন্তকাৰী সমিতিৰ আসোৱাহপূৰ্ণ প্ৰতিবেদন দাখিল, টাইপেইৰ বিমান দুৰ্ঘটনাৰ ভুক্তভুগী বুলি দাবী কৰা সকলৰ দুৰ্ঘটনা সম্পৰ্কত মতৰ ভিন্নতা আদি ক্ষেত্ৰত সাৱলীল বিৱৰণ দাঙি ধৰা হৈছে এই গ্ৰন্থখনত। মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগৰ ৰাজ্য চৰকাৰে নেতাজীৰ কিছু সংখ্যক ফাইল ৰাজহুৱা কৰাৰ পিছত এতিয়া মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নেতাজীৰ এই বছৰৰ জন্মবাৰ্ষিকীৰ দিনাৰপৰা বিভিন্ন গোপন ফাইলসমূহ পৰ্যায়ক্ৰমে ৰাজহুৱা কৰাৰ সিদ্ধান্ত লৈছে।

গতিকে নেতাজীৰ মৃত্যুৰ এই ৰহস্য সম্পৰ্কে চাৰিওফালে এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰি আছে। এই সকলো ধৰণৰ উত্তেজনা আৰু ৰহস্যৰ ওৰ পেলাই ৰাইজক সাতটা দশকৰ কিছুমান গুপুত কথা ফাদিল কৰিবলৈ সমৰ্থ হোৱা এই গ্ৰন্থখনে অনাগত দিনত নিশ্চয়কৈ পাঠক ৰাইজক নেতাজীৰ মৃত্যু সন্দৰ্ভত এক সুস্থিৰ সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিব।

%d bloggers like this: