Category Archives: গল্প

অণুগল্প: পাপমুক্ত – ইব্ৰাহিম আলী

অইন দিনতকৈ আধা ঘণ্টা সোনকালে দীপেন মালাকাৰ চাৰ আহি স্কুলত উপস্থিত হ’লহি। আহিয়েই হেডচাৰক বিচাৰি ফুৰিছে। ছাত্ৰ-ছাত্ৰীক সুধিবলৈ ধৰিলে, “হেডচাৰ আহিছে নেকি, হেডচাৰক দেখিছা নেকি তোমালোকে?”নাই, চাৰ আহি পোৱাহি নাই, আগতকৈ অস্থিৰতা বাঢ়ি গৈছে ক্ৰমান্বয়ে মালাকাৰ চাৰৰ, নিশাটো একৰকম নোশুৱাকৈয়ে পুৱালে, কেতিয়া আঠটা বাজিব, কেতিয়া স্কুল গৈ পাব, কেতিয়া পাপমুক্ত হ’ব ভাবি ভাবি অস্থিৰতাত ভুগিছে যোৱাকালি পিছবেলাৰ পৰা এতিয়ালৈকে। “নাই, এই কথাই কথা নহয়, চাৰক লগ ধৰিবলৈ আগবাঢ়ি যাব লাগিব, উভতি আহি ক্লাছ কৰিম” ভোৰভোৰাই গেটলৈ আগবাঢ়ি যাব ধৰোতেই দেখিবলৈ পালে হেডচাৰ আহি পালেহি। আচৰিত হৈ হেডচাৰে সুধিলে, “অ মালাকাৰ দেখোন, আজি ইমান সোনকালে আহি পালে যে? ৰাতি ইয়াতে আছিল নেকি ক’ৰবাত? “সন্দেহেৰে হেডচাৰে মালাকাৰৰ ফালে চাই থাকিল। হেডচাৰৰ মতে আপাৰ আচামৰ পৰা ইমান পুৱাই আহি স্কুল পোৱাটো সম্ভৱপৰ নহয়। মালাকাৰে হেডচাৰৰ উত্তৰ নিদি পকেটৰ পৰা কিবা উলিয়াই আগবঢ়াই একৰকম জোৰকৈ গুজি দি ক’লে, “চাৰ, মোক আপোনাৰ মিড্‍ডেমিলৰ ৰাহি হোৱা টকাৰ ভাগ এশ ত্ৰিশ টকা নালাগে, যোৱাকালি ঘৰ গৈ পায়েই গৈ দেখো মোৰ ল’ৰাটো অসুস্থ, এতিয়ালৈকে সাতশ ভৰিলো।” হেডচাৰৰ মেলা মুখ মেলাই থাকিল।

Advertisements
%d bloggers like this: