Category Archives: কবিতা

বাটৰুৱা : শান্তনু চাংমাই

আধৰুৱা সপোন এটি

ভাঁহি ফুৰিছে মহাকাশত

গ্ৰহ নক্ষত্ৰ তৰাৰ মাজে মাজে

এক অঘৰী কবিৰ কবিতাৰ দৰে

কেকটাছৰ বাগিচাত

মহানগৰীৰ শেলুৱৈ গজা ফুটপাথত

পথাৰৰ সেউজীয়াত

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ

বাগৰি ফুৰে

এনে লক্ষ সপোন

নিজৰ গৰাকী বিচাৰি

Advertisements
%d bloggers like this: