Category Archives: অনুভৱ

বিহুতলীত বৰদৈচিলা : মোৰ জীৱনৰ এক বিচিত্ৰ অভিজ্ঞতা : সাৰদা শ্ৰেষ্ঠ

ব’হাগৰ দ্বিতীয় দিন আছিল সেইদিনা। সেইদিনা সন্ধিয়া আমাৰ কাষৰ বিহুতলীৰ মুখ্য আকৰ্ষণ আছিল আটাইৰে মৰমৰ আৰু হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকা। সেইদিনাই অসমৰ আন দুগৰাকী মহান শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তও বিহুতলীৰ অন্যতম আকৰ্ষণ আছিল। সেয়ে আমি সাজু হ’লো, বিহুতলীলৈ গৈ স্বচক্ষে মৰমৰ শিল্পী কেইজনক চাম আৰু তেখেতসকলৰ গীত পৰিবেশন লাইভ শুনিম। আমাৰ মৰমৰ শিল্পী ভূপেন হাজৰিকা মাজনিশাহে অহাৰ কথা। আকৌ মহন্ত দম্পতীয়ে ভূপেন হাজৰিকা অহাৰ আগতে গীত পৰিবেশন কৰিব। কোন মূৰ্খ বাৰু নোযোৱাকৈ থাকিব! আমি চাৰিভনী ওলালো, লগত আমাৰ ডাঙৰ দাদা। আকাশখনে সিদিনা সন্ধিয়াৰে পৰা বিহু দেখুৱাবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা আকাশখন কলীয়া ডাৱৰে আৱৰি ধৰে, টুপুৰ টাপাৰ দুই এটোপাল বৰষুণ পেলায়। কিছুসময়ৰ পাছত আকৌ এজাক বতাহ আহি কলীয়া মেঘবোৰক ফুৱাই দিয়েহি। এটা দুটা তৰাই মিচিকিয়াই হাঁহে। আমাৰ হেঁপাহেও মিচিকিয়াই – বিহুতলীলৈ যাব পৰা যাব! কিন্তু আমাৰ হেঁপাহত চেঁচাপানী ঢালি আকৌ ক’ৰবাৰ পৰা লৰি আহে কলীয়া ডাৱৰ জাক, লগতে বিজুলীৰ অট্টহাস….আমাক যেন জোকাই আমাৰ ৰং চাই যেন কৈ উঠে…..হুহ…যাবি ৰ’ বিহু চাবলৈ। আকৌ হতাশাৰে ভৰি উঠে মন….ইছ আজি আৰু যোৱা নহ’বই কিজানি।

 

সেইদিনা আকাশখনে আমাক ভালকৈয়ে জোকাওঁ বুলিয়েই যেন সাজু হৈছিল। কাপোৰ কানি খুলিবলৈ লৈছিলো, অন্তৰত ভূপেন হাজৰিকা, মহন্ত দম্পতীৰ গীত পৰিবেশন দেখা নোপোৱাৰ দুখ। তাৰ আগতে আশাৰে আকৌ এবাৰ আকাশখনলৈ চাই পঠিয়ালো….য়াহু…ফুটফুটীয়া তৰা ওলাইছে আকৌ। এইবাৰ চৰণত শৰণ দি ওলালো যামেই বিহু চাবলৈ। বৰষুণ নিদিলেই হয় আৰু…মনত বৰুণ দেৱলৈ কাতৰ মিনতি। আমাৰ ঘৰৰ পৰা বিহুতলী বৰ বেছি দূৰ নহয়, খুব বেছি ১০ মিনিটৰ বাট। আমি চাৰিজনী বাই ভনী আৰু লগত দাদা। এনেকৈ আমি ওলাই আহিলে দাদাই সদায় আমাক এটুকুৰা নিৰ্দিষ্ট ঠাই দেখুৱাই নিৰ্দেশ দি থয়, কেনেবাকৈ লগ এৰা গ’লে সেই ঠাইটুকুৰাত আহি যেন ৰৈ দিওঁ। আমাৰ লগৰ কোনোবা এটা নথকা যেন পালেই তালৈকে লৰি আহি ৰৈ দিওঁ, বাকীবোৰ এনেকৈয়ে একেলগে গোট খাওঁ। আমি গৈ বিহুতলী পালোগৈ। সেইসময়ত মঞ্চত বিহুৱা ডেকা গাভৰুৰ দলে বিহু নৃত্য পৰিবেশন কৰি আছিল। হঠাতে হিলদল ভাঙি সেইখিনি পালেহি বৰদৈচিলা।

বৰদৈচিলাক মই ৰাজহুৱা স্থানত প্ৰথম এনেকৈ ভয়ানক ৰূপত দেখিছিলো। বৰদৈচিলা প্ৰতিবছৰে আহে যদিও মই প্ৰায় ঘৰতেই পাওঁ। কেতিয়াবা বৰদৈচিলাই ওচৰৰ গছ বন মহটিয়াই থৈ যায়। ঘৰতেই পাওঁ বাবেই কিজানি মই কেতিয়াও বৰদৈচিলাৰ দৌৰা ঢপৰালৈ বৰ এটা ভয় নালাগিছিল। বৰদৈচিলাই ভয়াবহ ৰূপ লোৱা যেন পালেই মায়ে আথেবেথে চোতালত পিৰা পাৰি দিছিল শান্ত হ’বলৈ বুলি। তাতো শান্ত নোহোৱা যেন পালে দাপোণ আৰু ফণিও উলিয়াই দিছিল। তেওঁ যাতে উধাতু খাই হিলদল ভাঙিবলৈ এৰি এখন্তেক বহি শৃংগাৰ কৰি মাকৰ ঘৰলৈ আহে। সেইদিনা বৰদৈচিলাৰ ৰুদ্ৰমূৰ্তি দেখি মানুহবিলাকৰ মাজত হুৱাদুৱা লাগিল। বিজুলীবাতিবোৰ লগেলগে নুমাই গ’ল। মানুহবোৰেও বৰদৈচিলাৰ তাণ্ডৱ দেখি ভয়ত আত্ৰাহি হৈ যেনি তেনি দৌৰিবলৈ ধৰিলে। বিহুতলীত হাহাকাৰ লাগিল। বৰদৈচিলাৰ বিধ্বংসীৰূপক ভয় লগাতকৈ মোৰ বেছি ভয় লাগিছিল মানুহৰ দৌৰা-ঢপৰালৈহে। কেনেবাকৈ তাত কোনোবা পৰিব লাগিলে দুনাই আৰু থিয় হ’ব নোৱাৰিব। হুলস্থূলত আমি বহুত ভয় খাইছিলো যদিও দাদাই আমাক এটা সুৰক্ষিত ঠাইলৈ আহিবলৈ নিৰ্দেশ দি ঠেলা হেঁচাত নপৰাকৈ সুৰক্ষিত কৰি ৰাখিলে। কিছুসময় তাণ্ডৱ নৃত্য দেখুৱাই বৰদৈচিলা অহা বাটেই গুচি গ’ল। বৰদৈচিলা যোৱাৰ পাছতেই তালৈ নামি আহিল বৰদৈচিলাৰ মৰমৰ জীয়েক বৰষা। মহাদুষ্ট পুতেক শিল কিন্তু অহা নাছিল, ভালেই হৈছিল। সেইজনাও অহা হ’লে মানুহবোৰৰ যে বিলাই হ’লহেঁতেন! ইতিমধ্যে বৰষাই নিজৰ পৰাক্ৰম দেখুৱাবলৈ আৰম্ভ কৰিছিল। লাহে লাহে বিহুতলী দৰ্শকশূন্য হৈ পৰিছিল। বেছিভাগেই দৌৰাদৌৰিকৈ গুচি গৈছিল, আমাৰ দৰে যাব নোৱাৰা কেইজন আশে-পাশে থকা নিৰাপদ স্থানত ৰৈছিলগৈ। বৰষাই কলহৰ কাণে পানী ঢালিবলৈ যে আৰম্ভ কৰিলে, নেৰেহে নেৰে। বৰদৈচিলাৰ কৃপাত সেইদিনা আমাৰ ভূপেন হাজৰিকাৰ গীত শুনাৰ হেঁপাহত তেনেকৈয়ে চেঁচা পানী পৰিছিল। বান্দৰ ভিজা দি কোনোমতে প্ৰাণ হাতৰ মুঠিত লৈ আমি পাঁচোটি ভাই ভনী ঘৰ পাইছিলোহি। তেতিয়াৰে পৰা মোৰ বিহু চাবলৈ যাবলৈ ভয় লগা হ’ল। বতৰ সম্পূৰ্ণ ভালে নাথাকিলে সেয়েহে আজিকালি মই বিহুতলীলৈ গৈ বিহু চাবলৈ যোৱাৰ কথা কল্পনাও নকৰোঁ। আৰু বিহুত বৰদৈচিলা নহাকৈ থাকিব জানো! সেয়ে মোৰ আজিকালি বিহু চাবলৈ যোৱাও প্ৰায়ে নহয়গৈ। অৱশ্যে আজিকালি কেৱল সংযোগে ঘৰতে বহি বিভিন্ন বিহু মঞ্চৰ বিহু উপভোগ কৰাৰ সুযোগ দিছে। তথাপি লগে ভাগে বিহুতলীলৈ গৈ বিহু উপভোগ কৰাৰ সুখেই সুকীয়া।

%d bloggers like this: