সম্পাদকীয়: – ইন্দ্ৰনীল গায়ন

ইতিবাচক চিন্তা আৰু সমাজত ইয়াৰ প্ৰভাৱ:

চিন্তা চেতনাৰ দিক্ নিৰ্ণয় কৰিব পৰাকৈ আমাৰ সমাজখন আজিকোপতি ধনী হ’ব পৰা
নাই৷ ইয়াত ধনৰ ধনীৰ কথা কোৱা হোৱা নাই৷ কোৱা হৈছে চিন্তাৰ ধনীৰ কথা৷

সমাজখন সুস্থ, সবল, সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ’লে প্ৰয়োজন ইতিবাচক
চিন্তাৰ৷ কিন্তু সাম্প্ৰতিক সময়ত আমি দেখা গৈছে সমাজখনত নেতিবাচক
চিন্তাৰহে প্ৰয়োভৰ বেছি৷ তথাপি আমাৰ সমাজত এনে কিছুলোক আছে যিসকলে
প্ৰতিটো সময়ত সমাজখনৰ হিতৰ কাৰণে চিন্তা কৰি আহিছে৷ আৰু সেইসকললোকৰ
ইতিবাচক চিন্তাৰে সমাজখনৰ প্ৰতি থকা দায়িত্ববোধৰ কৰণীয়খিনিও যৎপৰোনাস্তি
কৰি গৈছে৷ কিন্ত সেয়াই যথেষ্ঠ নহয়৷

বিশেষভাৱে আজিৰ এই লেখাটোত ইন্টাৰনেটৰ ব্যৱহাৰৰ প্ৰাসংগিকতাই
আমাৰ সমাজত কিদৰে ইতিবাচক চিন্তাৰে প্ৰভাৱান্বিত কৰি শুভবাৰ্তা কঢ়িয়াই
আনিছে৷ তাৰেই এটি চমু অৱলোকন আপোনালোকলৈ আগবঢ়াইছো:

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কম্পিউটাৰ আৰু ইন্টাৰনেট ব্যৱহাৰৰ
প্ৰসংগটোও বৰ্তমান সময়ত আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ কিয়নো সময়ৰ লগে
লগে আমাৰ সমাজ জীৱনৰ প্ৰতিটো স্তৰ আৰু বিভিন্ন ক্ষেত্ৰ ইন্টাৰনেটৰ লগত
জড়িত হৈ পৰিছে৷ পুৱাৰ বাতৰি কাকতৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ সমসাময়িক
তথ্য, দেশ বিদেশৰ প্ৰতিটো প্ৰান্তৰ খবৰ, বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ
বিজ্ঞাপন, বিভিন্ন শিক্ষানুস্থানৰ পাঠ্যক্ৰমৰ ওপৰিও অনলাইন শিক্ষাগ্ৰহণ
আদি ইন্টাৰনেটৰ জৰিয়তেই লাভ কৰিব পাৰিছো৷ তাৰোপৰি সময় সলনি হোৱাৰ লগে
লগেই প্ৰতিযোগিতাও আগতকৈ বহু পৰিমানে বৃদ্ধি পাইছে৷ সেইবাবে আমি সময়ৰ
সৈতে নিজক খাপ খুৱাই ৰাখিবৰ বাবে নিজৰ জ্ঞানৰ পৰিসৰক অধিক উন্নীত কৰিব
লগা হৈছে৷ এই ক্ষেত্ৰত ইন্টাৰনেটৰ বিভিন্ন উৎসত উপলব্ধ যিকোনো বিষয়ৰ
তথ্যবোৰে আমাক যথেষ্ট পৰিমানে সহায় আগবঢ়াই আহিছে৷

তদুপৰি ইন্টাৰনেটত শিক্ষা, নিযুক্তি, বিজ্ঞান, সাহিত্য আদিৰ সম্পৰ্কীয়
বিভিন্ন ৱেবচাইট আছে৷ উল্লেখিত সেই ৱেবচাইটসমূহত আমি বিচৰাধৰণেই বিভিন্ন
তথ্য আদি লাভ কৰো মাত্ৰ এটা ক্লিকতেই৷ আৰু সেই তথ্যসমূহে সময় সাপাক্ষে
আমাক বহু পৰিমানে উপকৃত কৰি আহিছে৷

বিশেষকৈ বৰ্তমান সময়ত ইন্টাৰনেটত ফেচবুক ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে
সৃষ্টিশীল ক্ষেত্ৰখনৰ উপৰিও সামাজিক ক্ষেত্ৰখনত বিভিন্নধৰণৰ ৰুচিশীল,
সুস্থ, আৰু গঠনমূলক আলোচনাৰ যোগেদি ইতিবাচক চিন্তা চৰ্চাৰ প্ৰতি
ব্যৱহাৰকাৰীসকলক আকৃষ্ট কৰিব পাৰিছে৷ আৰু এয়া নিশ্চয় আমাৰ বাবে এক
ইতিবাচক দিশ৷

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on আগষ্ট 14, 2017, in সম্পাদকীয়. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: