নিসংগতা : নিৰ্মালী বৰঠাকুৰ

আজি বহুত দিনৰ মূৰত মনালিছাৰ খিৰিকীৰ কাষত বহিবলৈ মন গৈছে। আগতে তাই দিনত এবাৰ খিৰিকীৰ কাষত বহেই। দুখেই হওক বা সুখেই হওক খিৰিকীৰ কাষত থকা বকুল জোপাক ক’বলৈ তাই ব্যাকুল হৈ থাকে। কিন্তু আজিকালি বকুলৰ লগত কথা পাতিবলৈ তাইৰ সময়েই নোলায়। ঘৰত কাম কৰা মানুহ থকা সত্ত্বেও তাই নিজকে ব্যস্ত ৰাখে, নহ’লে যে নিসংগতাই তাইক ভেঙুচালি কৰে!

শাহুৰ মৃত্যুৰ পিছৰ পৰা ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰত। ৰন্ধা-বঢ়া কামটো তাই কাম কৰা মানুহৰ হাতত এৰি দিবলৈ বেয়া পায়৷ গতিকে অসুখীয়া শহুৰেকৰ ঔষধপাতি, খোৱা-বোৱা, তাই নিদিলে ৰুমালখনো ঠাইত বিচাৰি নোপোৱা গিৰিয়েকৰ সকলো কাম, ল’ৰা-ছোৱালীৰ ঝামেলা আদি ইটো-সিটো কৰোঁতে কৰোঁতে পুৱা কেতিয়া গধূলি হয়, গধূলি কেতিয়া পুৱা হয় তাই গমকে নাপায়৷ তথাপি তাইৰ যেন অনুভৱ হয় সকলোৰে লগত, সকলোৰে মাজত থকা সত্ত্বেও তাই নিসংগ! তাই যেন প্রাণখুলি হাঁহিবলৈ পাহৰি গৈছে- তাই মাথো এটা যন্ত্রসদৃশ মানৱদেহ, যাৰ ইচ্ছা-অনিচ্ছা থাকিব নোৱাৰিব! ঘৰৰ চাৰিবেৰৰ মাজত দৈনন্দিন কামৰ বাহিৰে বেলেগ এটা কৰাৰ ইচ্ছা কৰাটো তাইৰ ক্ষেত্ৰত নিষেধ! বুজি পোৱাৰে পৰা ‘স্বাৱলম্বী’ শব্দটোৱে তাইৰ মনত দোলা দি আহিছিল। কিন্তু আজিকালি এই শব্দটো তাইৰ পৰা যেন শতযোজন দূৰৈত! কাৰণ তাই যিখন ঘৰৰ বোৱাৰী, তেওঁলোক অত্যন্ত আঢ্যৱন্ত। গতিকে নিতান্তই তাইৰ ব্যৱহাৰত, কাম-কাজত এটা ষ্টেণ্ডাৰ্ড ফুটি উঠা উচিত! বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী তাইৰ ইচ্ছা আছিল অধ্যাপনা কৰাৰ! কিন্তু তাইৰ এই ইচ্ছা, ইচ্ছা হৈয়েই থাকিল! তাইৰ মাজে মাজে ভাব হয়, কিমান দিন বাৰু তাই এনেদৰে নিজৰ ইচ্ছা-আকাংক্ষাক দমন কৰি জীয়াই থাকিব!
মনালিছাই খিৰিকীখন খুলি দিলে। বকুলৰ সুবাস কঢ়িয়াই অনা এজাক কোমল বতাহে তাইৰ গা-মন চঞ্চল কৰি তুলিলে। বতাহ জাকে তাইক বহুত কথাই সোঁৱৰাই দিলে। তাইৰ আজিও মনত পৰে সেই দিনটো, যিটো দিনত তাই লগ পাইছিল মানসক! তাইৰ একালৰ অতি মৰমৰ মানস, মানস প্রতিম হাজৰিকা৷ তেতিয়া তাই আছিল মনালিছা শৰ্মা। ঘৰত মানু। তাই সেইবছৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিল। কেইদিনমানৰ আগতে মানসহঁত সিহঁতৰ প্রতিবেশী হৈ আহিছিল। মানসৰ ভনীয়েক মুনমী তাইৰ সমবয়সীয়া আছিল। সেই সূত্ৰেই মানসহঁতৰ ঘৰৰ লগত মানুৰ অহা-যোৱা আৰম্ভ হ’ল৷ কম দিনৰ ভিতৰতে তাই সিহঁতৰ ঘৰৰে এজনী হৈ পৰিল। মানসৰ মাক বীণা খুৰীয়ে মুনমী আৰু তাইৰ মাজত কোনো প্ৰভেদ ৰখা নাছিল৷ তাই মুনমীৰ মুখেৰে শুনিছিল – তাইৰ ‘মুন’ দাদাৰ বিষয়ে। সি বিশ্ববিদ্যালয়ত পঢ়ি আছে। তাইৰ মুন দাদা পঢ়াত কিমান চোকা, সি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক হৈছে এইবাৰ, সি কি কি ভাল পায়, সি এইটো, সি সেইটো- মুঠতে মানসৰ কথা মুনমীৰ মুখত আখৈ ফুটাদি ফুটিছিল। মানসৰ কথাবোৰ শুনি শুনি তাক চাবলৈ তাই অধিৰ হৈ পৰিছিল। লাহে লাহে কেতিয়ানো তাইৰ কুমলীয়া মনটোত মানস কুৰুকি কুৰুকি সোমাই পৰিল তাই গমকে নাপালে।

চাওঁতে চাওঁতে বহাগ বিহু আহিল আৰু বন্ধ হোৱা বাবে মানসো আহি ঘৰ পালেহি। সেই দিনটো; যিদিনা মানস ঘৰলৈ আহিছিল! মুনমীৰ মুখত মানস আহিব বুলি শুনি তাইৰ মনটো উগুল থুগুল লাগি আছিল৷ কিন্তু মানুৰ কি হৈছিল সেই দিনা? সদায় গৈ থকা ঘৰখনলৈ যাবলৈ তাইৰ লাজ লাগিছিল। মানসক চাবলৈ ব্যাকুল হৈ থকা তাই এটা শংকাত কঁপি উঠিছিল। যদি তাইৰ মৰমৰ মানসে তাইক অপচন্দ কৰে! যাওঁ নাযাওঁকৈ তাইৰ মানসৰ ঘৰৰ ভিতৰ পাইছিলগৈ। “ অ’খুৰী, ক’ত আছে” বুলি তাই একেবাৰে পাকঘৰ পাইছিলগৈ। বীণাখুৰী পাকঘৰত মানসৰ কাৰণে পোলাও ৰন্ধাত ব্যস্ত। তাইক যোৱা দেখি “অ’ মানু, তুমি আহিলা, ভালেই হ’ল দিয়া, মই মানসৰ কাৰণে পোলাও ৰান্ধিছোঁ, তুমি কাজুকেইটা টুকুৰা কৰি দিয়াচোন৷ এই মুনমীজনীক মাতি মাতি মাত নাপালো৷ ককায়েকটো আহিল নহয়, তাই চাগৈ তাৰ বেগটো খুচৰিবলৈ লাগি গ’ল।” তাই একো নজনা দেখুৱাই কৈছিল –“অ মানসদা আহিল নেকি? কেতিয়া আহিল?” “ ৰ’বা, মই তোমাক মানসৰ লগত চিনাকি কৰাই দিওঁ, মুন চাওঁ এইফালে আহচোন, তোক মোৰ ফ্ৰেণ্ডৰ লগত চিনাকি কৰাই দিওঁ …”, মাকে মানসক চিঞৰি মাতিছিল।

মিচিকিয়া হাঁহিৰে দুয়োৰে চিনাকিপৰ্ব সমাপ্ত হৈছিল। মাকে মানুৰ বিষয়ে কৈ গ’ল আৰু মানসে মূৰ দুপিয়াই শুনি গ’ল৷ কিন্তু মানুৱেহে একোকে শুনিবলৈ নাপালে! সেইখিনি সময়তে তাইৰ কাণদুখন ৰঙা পৰিল, গাল দুখন গৰম গৰম লাগিল! “পৰীক্ষা কেনেকুৱা হ’ল?” মানসৰ মাততহে তাইৰ সম্বিৎ ঘূৰিল৷ “ভাল হ’ল…খুৰী যাওঁ দেই” বুলি পিছলৈ নাচাই তাই একেল’ৰে ঘৰ পালেগৈ। ইয়াৰ পিছৰ কাহিনী চমু। মনালিছা-মানসৰ খিৰিকীৰ পৰ্দাৰ ফাকেৰে দৃষ্টিৰ আদান-প্ৰদান আৰম্ভ হ’ল৷ সুবিধা উলিয়াই তাই মানসহঁতৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰিলে৷ তাইৰ চঞ্চলতা মাকৰ চকুত ধৰা নপৰা নহয়, তথাপি মাকে বয়স বুলি এৰি দিলে৷

বিহুৰ ভিতৰতে মানুৰ মাকে এদিন মানসহঁতক বিহু খাবলৈ নিমন্ত্রণ কৰিলে। ৰাতিপুৱাৰে পৰা তাইৰ গাত তত্‌ নাইকিয়া… আন দিনাতকৈ দুগুণ অধিৰতাৰে তাই মাকে কোৱা কামবোৰ কৰি গ’ল৷ এইবাৰ তাই মাকৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে… তাই ধৰা পৰি গ’ল মাকৰ ওচৰত! মানস অহাৰ পিছত তাইৰ অধিৰতাই মাকক সকলো বুজাই দিলে! বচ্, সেইদিনাৰ পৰা তাইৰ সিহঁতৰ ঘৰলৈ যোৱা বন্ধ ৷ তাই য’লৈকে যায় মাকো যায় ছাঁৰ দৰে। উপায় নাইকিয়া হ’ল তাইৰ… তাতে কলেজো বন্ধ! ইফালে মনৰ কথাটো ক’বলৈ নাপাই মানসৰো অৱস্থা বেয়া। তাইক এবাৰ কেনেকৈ লগ ধৰিব পৰা যায় সি তাৰ উপায় বিচৰাত লাগিল। এনেতে টেবুলত ‘প্রিয় সখী’ কেইখনমান দেখি সি মাকক সুধিয়েই পেলালে, “ মা, তুমি প্রিয় সখী ল’বলৈ আৰম্ভ কৰিলানেকি?” “অ’ সেইকেইখন মোৰ নহয়, মানুহঁতৰ, দিবলৈয়েই আছে।” মাকৰ পৰা উত্তৰ আহিল। “ঘূৰাই দিব লাগিছিল নহয়, মা৷” মানসে যেন উপায় বিচাৰি পালে। সি মানুহঁতৰ ঘৰলৈ কিতাপ কেইখন ঘূৰাই দিবলৈ ওলাল৷ প্রিয় সখীৰ পাতৰ মাজতে ইমান দিনে দোলা দি থকা মনৰ কথাখিনিও লিখি মানুলৈ বুলি জীৱনৰ প্রথম প্রেমৰ চিঠিখন ভৰাই দিলে। কিন্তু সিহঁতৰ প্রেমৰ ওপৰত অদৃষ্টৰ সুদৃষ্টি নপৰিল! চিঠিখন মানুৱে পোৱাৰ আগতে মাকৰহে হাত লাগিল! মানুহঁত শৰ্মা আৰু মানসহঁত হাজৰিকা! কথা বিষম দেখি ৰাতিলৈ মাকে মেজ মেলৰ ব্যৱস্থা কৰিলে। মানুৱে কেৱল কান্দি থাকিল৷ মানুহবোৰ গহীন হৈ পৰিল। দুয়োঘৰৰ মাজত মাতবোল পৰ্যন্ত কমি আহিল।

মানসে যাবৰ পৰত সকলো কথা কৈ গৈছিল মাকক। সেয়েহে ফলাফল কি হ’ব অনুধাৱন কৰিলেও একমাত্র পুতেকৰ ইচ্ছাক সন্মান জনাই মাক-দেউতাক নিজেই আহিল মানুহঁতৰ ঘৰলৈ। তদুপৰি মানু তেওঁলোকৰো পচন্দৰ। মানসৰ মাকে কথাটো উলিয়াবলৈহে পালে, মানুৰ দেউতাকে মোখনি মাৰি ক’লে, “আমাৰ ছোৱালীক পঢ়ুৱাম … এতিয়া এইবিলাক কথা পাতিবৰ সময় হোৱা নাই।” মানসৰ মাকেও ভালেই পালে৷ তেওঁ ক’লে, “আপুনি ঠিকেই কৈছে…দুয়োটাই পঢ়ি লওক… তাৰপিছত আমি সিহঁতৰ বিয়া পাতি দিম।” কিন্তু মানুৰ মাক-দেউতাকে একো উত্তৰ নিদিলে।

সময় বাগৰিল। কিন্তু মানুৰ মাক-দেউতাক সলনি নহ’ল। মানুৱে তেতিয়া এম এচ চি পৰীক্ষা দি ঘৰতে আছিল। ৰিজাল্ট ওলাবলৈ অলপ দিন বাকী৷ মানস এখন কলেজৰ সন্মানীয় অধ্যাপক৷ এদিন মানুৰ অজ্ঞাতে মাকহঁতে তাইৰ বিয়া ঠিক কৰি দিলে বিখ্যাত ব্যৱসায়ী ধৰ্মকান্ত গোস্বামীৰ একমাত্র পুত্র বিৰাজৰ লগত। তাই চকুৰে ধোঁৱা-কোঁৱা দেখিলে। তাই মনত এটাই আশা পুহি ৰাখিছিল … দুয়োটাৰে পঢ়া-শুনা শেষ হোৱাৰ পিছত মাক-দেউতাকে অৱশ্যেই এদিন সিহঁতৰ সঁচা প্রেমৰ মূল্য বুজিব! কিন্তু! অৱশেষত তাইৰ ইচ্ছাৰ বিৰুদ্ধে বিয়াখন হৈ গ’ল। মানুৱে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰিলে। কাৰণ তাইৰ মাক-দেউতাকৰ ওচৰত ‘ধাৰ’ আছিল … তিনিজনী ছোৱালীৰ ভিতৰত ‘ডাঙৰ’জনী হোৱাৰ ধাৰ , নিজৰ সামান্য উপাৰ্জনেৰে দেউতাকে সিহঁতক উচ্চশিক্ষাৰে শিক্ষিত কৰি ডাঙৰ কৰাৰ ধাৰ তাইৰ, পিছৰ দুজনী ভনীয়েকৰ ‘ডাঙৰ বায়েক’ হোৱাৰ ধাৰ!

দিনবোৰ বাগৰিছিল … কিন্তু বিৰাজক স্বামী বুলি ভাবিবলৈ মানুৰ বহুত দিন লাগিল। তথাপিও তাই সকলো দায়িত্ব-কৰ্তব্য পালন কৰি গ’ল নিজৰ দুখ লুকুৱাই। বিৰাজ দেউতাকৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিল। তেওঁ আজি দেউতাকৰ দৰে এজন প্রতিষ্ঠিত ব্যৱসায়ী। অত্যন্ত ব্যস্ত বিৰাজ৷ আভিজাত্যৰ দৌৰত অভ্যস্ত বিৰাজৰ লগত ক্ষণিক বাটকুৰি বাই তাইৰ ভাগৰ লাগিল৷ তথাপি তাই পত্নীধৰ্ম পালন কৰি গ’ল। সিহঁতৰ সংসাৰলৈ সন্তানো আহিল, কিন্তু বিৰাজৰ ব্যস্ততা যেন আৰু বাঢ়িলহে। নিত্য-নতুন প্ৰজেক্ট, মিটিং, টুৰ, ফ’ৰেইন কলাব’ৰেচনৰ মাজত ব্যস্ত বিৰাজৰ মানুৰ মনৰ খবৰ ল’বলৈ আহৰি নাছিল৷ ‘কনভেণ্ট এডুকেটেড’ বিৰাজৰ ভাল ইংৰাজী কোৱা বন্ধু-বৰ্গৰ মাজত মানুৰ মিহি সুৰীয়া মাতটো যেন অস্পষ্ট হৈ পৰিল৷ বিৰাজৰ মাজত মানুৰ মনৰ মানুহজন তাই কোনো দিনেই বিচাৰি নাপালে। সেয়েহে মানুৰ মনৰ পৰা মানস আতৰি গৈয়ো যেন বাৰে বাৰে উভতি আহে!

মানুৰ অজানিতে এটা হুমুনিয়াহ ওলাই আহিল- বিৰাজে বাৰু কেতিয়াবা মানসৰ স্থান ল’ব পাৰিবনে? তাই বিচৰা সুখখিনি, সৰু সৰু কথাত থকা সুখানুভূতিখিনি, তাই বিচৰাখিনি দিব পাৰিবনে সি? বিৰাজে বাৰু উপলব্ধি কৰিব পাৰিবনে যে বৈষয়িক প্ৰাপ্তিৰ বাহিৰেও, টকাৰ পৃথিৱীখনৰ বাহিৰেও এখন পৃথিৱী আছে য’ত এবুকু মৰম লৈ মানু নামৰ তাৰ এগৰাকী সুন্দৰী-শিক্ষিতা পত্নী আছে, যি তেওঁৰ মনৰ মানুহজনৰ পৰা এষাৰ মৰমসনা মাতলৈ অধীৰ হৈ বাট চাই আছে! পাৰিবনে বিৰাজে! বিৰাজে পাৰিবনে বাৰু?

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মে 11, 2017, in গল্প. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: