অসমীয়া বিজ্ঞানীৰ অৱদান : সন্ধ্যা বেজবৰুৱা

১৯৯৯ চনৰ গৰম দিনৰ এটি সন্ধ্যাৰ কথা। ,দিনটো আছিল ২০ জুন। ৰাজস্হানৰ পালি
জিলাৰ পিপলিয়া কালান নামৰ এখন গাঁৱৰ প্ৰায়খিনি বাসিন্দাই গোটেই দিনটো কাম
বন কৰাৰ পিছত নিজ নিজ চোতালতে বহি কথা পাতি জিৰণি লৈ আছিল । সময় ৰাতি
৮:৩০ বাজিছে। এনেতে তেওঁলোকে দেখিলে যে আকাশৰ পৰা এটা উজ্বল পোহৰ থকা
বস্তু হঠাতে মাটিত সৰি পৰিল। বস্তুটো দেখি মানুহবিলাক কৌতুহলী হৈ পৰিল।
তেওঁলোকে সেই উজ্বল পোহৰৰূপী উল্কাটো খহি পৰা ঠাই টুকুৰা বিচাৰি উলিয়ালে।
মানুহবিলাকে দেখা পালে এটুকুৰা ডাঙৰ শিল। খবৰটো লাহে লাহে বিয়পি পৰিল।
সুদূৰ ৰাজস্হানত ঘটা এই ঘটনাটোৱে অসমৰ এজন বিজ্ঞানীলৈ আন্তঃৰাষ্ট্ৰীয়
খ্যাতি কঢ়িয়াই আনিলে । এই বিজ্ঞানীজন আন কোনো নহয় ,আহমেদাবাদৰ ভৌতিক
গবেষণাগাৰৰ সঞ্চালক তথা ভাতবৰ্ষৰ চন্দ্ৰ অভিযানৰ মুখ্য বৈজ্ঞানিক ডঃ
জিতেন্দ্ৰ নাথ গোস্বামী। সৌৰজগতৰ পৰা এৰাই অহা সামান্য ক্ষুদ্ৰ উল্কাৰ
অংশ এটাৰ কণমানি টুকুৰা কেইটামানৰ অধ্যয়নৰ জড়িয়তে ডঃ গোস্বামী আৰু গবেষক
ছাত্ৰ জি,নিবাসন আৰু বিজ্ঞানী নৰেন্দ্ৰ ভাণ্ডাৰীয়ে বিজ্ঞান জগতলৈ এনে এটা
গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ালে যিহৰ বাবে পিপলিয়া কালান গাঁওখন এটা সুপৰিচিত
নাম হৈ পৰিল। ডঃগোস্বামীৰ দলটো সৌৰ জগতৰ উৎপত্তি সমন্ধীয় গবেষণাৰ
বাটকটীয়া হৈ পৰিল।

অধ্যাপক ডঃ জিতেন্দ্ৰ নাথ গোস্বামীৰ দলে পিপলিয়া কালান উল্কাৰ বিশ্লেষণ
কৰোঁতে তাৰ বুকুত এনে এটা ঘড়ীৰ সন্ধান পালে যিটোৰ জৰিয়তে তেওঁলোকে আদিম
সৌৰজগতৰ কাহিনী ৰচনা কৰিবলৈ সক্ষম হয়। গৱেষণাৰ যোগেদি তেওঁলোকে জানিব
পাৰিলে যে ৰাজস্হানৰ মাটিত সৰি পৰা এই উল্কাৰ জন্ম হৈছিল সূৰ্য জন্মৰ
প্ৰায় পঞ্চাছ লাখ বছৰৰ ভিতৰত। ই ৱেষ্টা (Vesta) নামৰ বাওনা গ্ৰহটোৰ পৰা
আহিছে। ডঃ গোস্বামীৰ দলে সৌৰ জগতৰ জন্মত যে এটা প্ৰতিবেশী নক্ষত্ৰ
বিস্ফোৰণৰ অৱদান আছে ,এই নতুন মতবাদ প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ আন
বিজ্ঞানীসকলে উল্কাবোৰ পুনৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। বিশ্বৰ
বিজ্ঞানীসকলে গবেষণাৰ
অন্তত সিদ্ধান্তলৈ আহিল যে ভাৰতীয় বিজ্ঞানীৰ দলটোৱে সঠিক পথেদিয়েই
আগবাঢ়িছে। ভাৰতৰ বুকুতে গবেষণা কৰি হঠাতে খহি পৰা এই উল্কাটোৰ বুকুত
অল্পায়ু মৌলবোৰ বিচাৰি তাৰ পৰিমান নিৰ্ণয় কৰি সৌৰজগত সৃষ্টিৰ নতুন মতবাদ
প্ৰতিষ্ঠা কৰিব পৰাটো আমাৰ বাবে কম গৌৰৱৰ কথা নহয়। তেওঁলোকেৰ গবেষণাৰ
ফলাফল nature আৰু science পত্ৰিকাৰ যোগেদি বিশ্বৰ বিজ্ঞানীসকলে জানিব
পাৰিলে। যাৰ ফলস্বৰূপে বিশ্বৰ আন বিজ্ঞানীসকলে উল্কাৰ বিষয়ে অধ্যয়ন কৰি
ডঃ গোস্বামীৰ মতবাদক বিজ্ঞান জগতত প্ৰতিষ্ঠা হোৱাত সহায় কৰিলে ।
(সহায় লৈ)…….

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on মে 11, 2017, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: