সন্দেহজনক বিদেশীৰ অপবাদত কৰা হাৰাশাস্তি কেতিয়া বন্ধ হব? – ম: নুৰ হুছেইন

সাম্প্ৰতিক অসমত বিদেশী চিনাক্তকৰণ তথা বিতাড়নৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰি থকাটো দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে। সাৰি যাব পৰা নাই সাধাৰণ জনতাৰ পৰা স্বাধীনতা সংগ্ৰামী তথা বহু স্বনামধন্য ব্যক্তিৰ পৰিয়ালৰ সদস্যয়ো। আহিলা হিচাপে ব্যৱহাৰ হৈ আছে ডি ভোটাৰ। অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালৰ ১৯৯৮ চনত ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে আদেশ জাৰি কৰিছিল যে ভোটাৰ তালিকা প্ৰস্তুতিৰ গণনাৰ সময়ত যিসকলে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিব ভোটাৰ তালিকাত সেইসকলক সন্দেহজনক জ্ঞান কৰি নামৰ আগত “D ” আখৰেৰে চিহ্নিত কৰা হব। এই “D ” বৰ্ণমালাটোৱে সূচায় Doubtful মানে সন্দেহজনক। এই আদেশৰ ওপৰত ভিত্তি কৰি পিছত গুৱাহাটী উচ্চ ন্যায্যালয়ে ডি ভোটাৰসকল নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব বুলি আদেশ জাৰি কৰিছিল। ১৯৯৮ চনৰ পিছত অসমত অনুষ্ঠিত হোৱা নিৰ্বাচনসমুহত এচাম ভোটাৰ ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এই ব্যৱস্থাটো প্ৰৱৰ্তন হোৱা দিনৰ পৰা অসমৰ এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বিদেশী অপবাদেৰে হাৰাশাস্তি কৰি অহা হৈছে। ডি ভোটাৰ ব্যৱস্থাটো অসমৰ ৰাজনীতিত এপাত ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আছে।

ঐতিহাসিক অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫মাৰ্চৰ পিছত অসমত প্ৰবেশ কৰা সকলো বিদেশী জাতি ধৰ্ম নিৰ্বিশেষে অসম পৰিত্যাগ কৰিব লাগিব। অবৈধ বিদেশী বিতাড়ন কৰাটো প্ৰতিগৰাকী সচেতন অসমপ্ৰেমীয়ে বিচাৰে। কিন্তু দেখা যায় যে বৰ্তমান সময়ত প্ৰকৃত ভাৰতীয়কো প্ৰয়োজনীয় নথিপত্র থকাৰ পিছতো বিদেশীৰ সন্দেহত জাননী প্ৰেৰণ কৰি বিদেশী সজাই ডিটেনচন কেম্পৰূপী কাৰাগাৰত জীয়াতু ভোগাই থকা হৈছে। এয়াই অসমত বাস্তব। অসমৰ বিভিন্ন প্ৰান্তত এইদৰে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অথবা নাম থকা, ওৰে জীৱন চৰকাৰী চাকৰি কৰি অৱসৰপ্ৰাপ্ত বৃদ্ধ লোককো বিদেশীৰ অপবাদত আদালতৰ কাঠগৰাত থিয় কৰোৱা হৈছে। অনেক লোকে বিদেশীৰ অপবাদ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লোৱাও দেখা যায়। কেতিয়াবা আকৌ ডি ভোটাৰ গোচৰত অভিযুক্ত ব্যক্তিসকলে সময়মতে জাননী নোপোৱাৰ ফলত একপক্ষীয়ভাবেই বিদেশী ৰায় দান পায়। বিদেশী ন্যায়াধীকৰণে এজন লোকক বিদেশী ঘোষণাৰ লগে লগে তেওঁক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয়। ফলত বহুক্ষেত্ৰত ব্যক্তিজনে উচ্চ ন্যায্যালয়ত ৰিভিজন পিটিচন দাখিল কৰিবলৈ সুযোগেই নাপায়।

সৌ সিদিনা গোৱালপাৰা জিলাৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত ৰমজান আলিৰ গৰ্ভাৱতী কন্যা দূৰ্ভগীয়া ৰশ্মিয়াৰা বেগমক বিদেশী অপবাদত কলংকিত হৈ ডিটেনচন কেম্পৰ বন্ধ কুঠৰিত কটাবলগীয়া হৈছে এক দূৰ্বিষহ জীৱন। ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি চিঙিবলৈ পিতৃয়ে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। কিন্তু আজি সেই স্বাধীনতা সংগ্ৰামীৰ সাতমাহৰ গৰ্ভাৱতী কন্যা বিদেশী হিচাপে কলংকিত। কিছুদিন পূৰ্বে জিলাৰ কলগাছিয়াৰ সোণা মিয়া গোৱালপাৰা ডিটেনচন কেম্পত আবদ্ধ হৈ থাকোঁতে পত্নী জামেলা খাতুনৰ মৃত্যু হয়। দূৰ্ভগীয়া নি:সহায় স্বামীক স্বদেশী সাব্যস্ত কৰি বিদেশী ন্যায়াধীকৰণ আইন প্ৰক্ৰিয়াৰ পৰা মুক্ত কৰাৰ সৰ্বাতোপ্ৰকাৰ প্ৰচেষ্টা অব্যাহত ৰাখি মাটি -বাৰী বিক্ৰী আইনী যুজত অবতীৰ্ণ হৈ সৰ্বস্বান্ত হৈছিল। ব্লাড কেঞ্চাৰত ভুগি থকা জামেলাই নিয়তিৰ ওচৰত পৰাজিত হৈ অকাল মৃত্যুক সাবটি লৈছিল। তাই মৃত্যুৰ পূৰ্বে ডিটেনচন কেম্পত আবদ্ধ থকা স্বামীক এখন্তেক দেখা কৰি মৃত্যুৰ পিছত জানাজাৰ আহ্বান কৰাৰ আশাৰ সম্ভব হোবা নাছিল। চলিত মাহৰ প্ৰথম ভাগতে অসমৰ প্ৰাক্তন উপাধ্যক্ষ মৌলবী মহম্মদ আমিৰ উদ্দিনৰ পৰিয়ালৰ ১১জন সদস্যৰ বিৰোদ্ধে অসম চৰকাৰৰ বিদেশী ন্যায়াধীকৰণৰ হুকুম ১৯৪৬ (৩)মতে বিদেশী গোচৰ পঞ্জীয়ন কৰি জাননী প্ৰেৰণ কৰে। উল্লেখনীয় যে ১৯৩৭ চনৰ পৰা ১৯৪৬চনলৈ প্ৰাক্ স্বাধীনতা কালৰ অবিভক্ত নগাও জিলাৰ নগাও মহাম্মদান ইষ্ট বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভাৰ উপাধ্যক্ষৰ পদ অলংকৃত কৰিছিল। উপাধ্যক্ষ গৰাকীৰ অসমপ্ৰেম অসমৰ ইতিহাসত খোদিত হৈ আছে যিজনে মুছলিম লীগৰ অসমবিৰোধী নীতিৰ বিপক্ষে গৈ অসমক পূব পাকিস্থানৰ অন্তভুক্তিৰ পৰা ৰক্ষা কৰিছিল। এয়া নিশ্চয় পৰিকল্পিত ভাবে অসমৰ এক বিশেষ জনগোষ্ঠীক কৰা হাৰাশাস্তি নহয়নে বাৰু?

অসমত বিদেশী আছে ই ধ্ৰুব সত্য। অসমলৈ বাংলাদেশৰ পৰা হিন্দু মুছলমান আৰু নেপালৰ পৰা নেপালীসকলৰো প্ৰব্ৰজন ঘটিছে। হিন্দু বাংলাদেশীৰ অবৈধ প্ৰব্ৰজনক কেন্দ্রীয় চৰকাৰে স্বীকাৰ কৰি লোক সভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছে। আনকি ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অসমত হিন্দুৰ সংখ্যা বৃদ্ধিৰ স্বাৰ্থতে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীক আমদানিৰ পোষকতা কৰিছে। দুৰ্ভাগ্যজনক কথাটো হল যে বিজেপি চৰকাৰে এতিয়া অসম চুক্তিকো নাকচ কৰিবলৈ আগবাঢ়িছে। অসম চুক্তিৰ কতো উল্লেখ নাই ধৰ্মৰ আধাৰত বিদেশী চিনাক্তকৰণৰ কথা। এই চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫মাৰ্চৰ পিছত অহা সকলোৱে অসম তথা ভাৰতবৰ্ষ এৰিব লাগিব। এই বিদেশী সমস্যাক লৈ ৰাজনৈতিক দলবোৰে সদায় অসমৰ মানুহক আভুৱা ভাৰী আছে।

বিদেশী সমস্যা সমাধানৰ উপায় হিচাপে অসমবাসীয়ে এখন শুদ্ধ নাগৰিক পঞ্জী হোৱাৰ কামনা কৰিছিল। অৱশেষত উচ্চতম ন্যায্যালয়ৰ হস্তক্ষেপত পৰ্যবেক্ষণত ২০১৫চনৰ জুলাই আগষ্ট মাহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈছিল।এন আৰ চি উন্নীতকৰণৰ কেন্দ্ৰলৈ আহি আবেদন পত্ৰ জমা দিয়াৰ নীতি বাহাল থাকিল আৰু ১৯৭১ চনৰ ২৫মাৰ্চলৈকে থকা বিভিন্ন ধৰণৰ নথি Legacy ৰ তথ্য হিচাপে গ্ৰহণৰ ব্যৱস্থা কৰা হ’ল।অসমৰ সকলো অঞ্চলৰ নাগৰিকে স্বত:স্ফূতভাবে এই উন্নীতকৰণৰ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিলে।জনসাধাৰণৰ সহাঁৰিয়ে প্ৰমান কৰিলে যে অসমৰ জনতাই বিদেশী সমস্যাৰ সমাধান বিচাৰে, ইয়াক লৈ আৰু ৰাজনীতি নিবিচাৰে।কিন্তু পৰিতাপৰ বিষয় এই যে সাম্প্ৰতিক সময়ত জাতি মাটি ভেটি শ্লোগানেৰে ক্ষমতাত অধিষ্ঠিত চৰকাৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত এক প্ৰকাৰৰ গাঁঠি লগাই দিলে। সদ্য সমাপ্ত বিধান সভা অধিবেশনত ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত এক প্ৰশ্নৰ উত্তৰত কয় যে এন আৰ চি উন্নীতকৰণৰ কাম মুঠ ছটা স্থৰত কৰি থকা হৈছে আৰু কোনো নিদিষ্ট সময় সীমাৰ ভিতৰত খচৰা প্ৰকাশ সম্ভব নহয়। অৰ্থাৎ বিদেশী সমস্যাটোক চিৰদিন জীয়াই ৰখাৰ এক ষড়যন্ত্ৰই নিহিত হৈ আছে। ইয়াৰ বাবে এক বিশেষ জনগোষ্ঠী লোকক বলিৰ পঠাৰ সজোৱাৰ শংকা পুনৰ ঘনীভূত হৈছে। ইয়াৰ ফলস্বৰূপেই নাগৰিক পঞ্জীত ব্যবহৃত পঞ্চায়ত সচিবৰ প্ৰমান নাকচ কৰাৰ কাৰণটো সন্দেহ আবৰ্তত।কি কংগ্ৰেছ কি বিজেপি সকলোয়ে কেবল ৰাজনীতিহে কৰি আছে। বিদেশী চিনাক্তকৰণ,বহিস্কৰণ অথবা এন আৰ চি উন্নীতকৰণৰ কোনো ক্ষেত্ৰতে অসমৰ ৰাইজৰ কোনো আশাৰ সঞ্চাৰ দেখুওৱাব পৰা নাই। অনাগত দিনত নাগপুৰৰ পৰা পৰিচালিত চৰকাৰৰ ৰাজনৈতিক গতি বিধিলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণতো সম্পূর্ণ নহবই বৰঞ্চ সমগ্ৰ প্ৰক্ৰিয়াটো আৰু জটিলতাৰ দিশত অগ্ৰসৰ হোৱাটো ধুৰুপ।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 11, 2017, in প্রবন্ধ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: