বিহু: মোৰ এক অনুভৱ – ধীৰাজ ৰাজখোৱা

বিহু অসমৰ জাতীয় উত্সৱ। বিহু অবিহনে অসমীয়াৰ কৃষ্টি-সংস্কৃতি তেনেই শূন্য। বিহু সম্পূর্ণকৈ কৃষি আৰু প্রকৃতিৰ লগত জৰিত। সময়ৰ পৰিৱর্তনৰ লগে লগে সংস্কৃতিৰো পৰিৱর্তন হোৱাতো স্ৱাভাবিক কথা। অতীতৰ মুকলি বিহু বা গছতলৰ বিহু আজি লাখটকীয়া মঞ্চ বিহু। স্ৱতঃর্স্ফূত আনন্দ,ৰং ধেমালিবোৰ
আজি এক অভিনয়হৈ পৰিছে ,কৃত্রিমতাই গ্রাহ কৰিছে। গৃহস্থৰ চোতালত হুঁচৰি জুৰোতে গৃহস্থই
বিহুৱা ৰাইজক এখনি তামোলপাণৰ শৰাই, এটি অৰিহণা,ব্রস্ত্র আদি দান কৰি আশীর্বাদ লয়। আজি কালি এই পৰম্পৰাও সলনি হ’ল। তাৰ ঠাইত কৃত্রিমতৰে বিহুক বাণিজ্যিকৰূপ দিয়া হৈছে , এক নির্দিষ্ট
পৰিমাণৰ ধনৰ বিনিময়তহে বিহু প্রদর্শন কৰা হয়। বিহু অনুষ্ঠান পতাৰ বাবে সমিতি কমিতিসমূহে ৰাইজৰ পৰা অর্থ সংগ্রহ কৰে আৰু বহুলাখটকীয়া উন্নত বিহু অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ মুখ্য আকর্ষণত থাকে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটি। এই অনুষ্ঠানটিৰ বাবে আমন্ত্রণ কৰা হয় বিখ্যাত,নামি-দামী শিল্পীসকলক। তাৰ বিনিময়ত তেওঁলোকক দিবলগা হয় এক বৃহত পৰিমাণৰ ধন। ব’হাগৰ পহিলাৰ পৰা জেঠ মাহৰ শেষলৈকে যদি আমি লক্ষ্য কৰোঁ অসমত এই দুটামাহত প্রায় এহেজাখনৰো অধিক বিহু অনুষ্ঠিত হয়। কেতিয়াবা একেটা অনুষ্ঠানতে দহৰ পৰা বিশ লাখ টকা পর্যন্তও হয়। যদি প্রতিখন বিহুত গড়ে ছয় লাখ টকাকৈ ধৰা হয় তেন্তে মুঠ হবগৈ প্রায় ষাঠি কোটি টকা।

কিন্তু এই টকা আহিল ক’ৰ পৰা? এই টকা খৰচৰ বাবদ বছৰি অসমৰ কি লাভ হয়? অসমৰ দৰে এখন সমস্যাৰে ভৰা দেশত আমি কি কৰা উচিত? এইয়া পৰম্পৰা ৰক্ষানে সংস্কৃতি ৰক্ষা ? যদি আমি দহ বিশ লাখটকীয়া বিহু নাপাতো তেতিয়া বিহুটো অসমৰ পৰা হেৰাইতো নাযায় । বিহুৰ পাছতেই অসমখন বানে ধুই নিয়ে প্রতি বছৰে ! সেই ষাঠি কোটি টকাৰ আধা অংশ আমি বানত জুৰুলা ৰাইজৰ সহায়ত ব্যৱহাৰ
কৰিব নোৱাৰো নে ? অকল ব’হাগ বিহুতেই ইমানবোৰ টকা খৰচ হয়, বাকীবোৰতো আছেই। মই ভাবো বর্তমানৰ উত্সৱসমূহে অসমৰ কৃষিজীৱী, দৰিদ্র লোকৰ অর্থনীতি দুর্বল কৰিছে । লাখ লাখ টকা খৰচ কৰি আমি বিহু নাপাতিলেও আমাৰ সংস্কৃতি জীয়াই থাকিব অতি সুন্দৰকৈ।

Advertisements

About সৃষ্টিৰ জিলিঙনি

এখন অসমীয়া মাহেকীয়া ই-আলোচনী......

Posted on এপ্ৰিল 11, 2017, in অনুভৱ. Bookmark the permalink. মন্তব্য দিয়ক.

মতামত দিয়ক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: